Badaruddin Ajmal controversial comment: আজমলক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী বিজেপিৰ ভাতৃ সংগঠন ৰাষ্ট্ৰবাদী মুছলিম পাচমাণ্ডা মহাজৰ

author img

By

Published : Dec 3, 2022, 6:22 PM IST

Nationalist Muslim Pachmanda Mahaj react on Badaruddin Ajmal controversial comment

বদৰুদ্দিন আজমলক সংখ্যালঘু এলেকাত প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ । এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া(Badaruddin Ajmal controversial comment) । দাখিল হৈছে এজাহাৰ । শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী ৰাষ্ট্ৰবাদী মুছলিম পাচমাণ্ডা মহাজৰ ।

নগাঁও, 3 ডিচেম্বৰ: সাংসদ বদৰুদ্দিন আজমলে শুকুৰবাৰে শিলচৰত হিন্দু পুৰুষ সন্দৰ্ভত আগবঢ়াইছিল অত্যন্ত স্পৰ্শকাতৰ মন্তব্য(Badaruddin Ajmal controversial comment) । এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে হিন্দু বিবাহ সম্পৰ্কত আৰু লাভ জেহাদৰ প্ৰসংগত মুখ্যমন্ত্ৰীক সাঙুৰি কেতবোৰ অত্যন্ত অশালীন মন্তব্য আগবঢ়াইছিল । এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে কৰা বিতৰ্কিত,অশালীন মন্তব্যই সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি কৰিছে বিতৰ্কৰ । শুকুৰবাৰে বদৰুদ্দিন আজমলে বিতৰ্কিত মন্তব্য কৰাৰ পিছতেই আজমলৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে বিভিন্ন দল সংগঠনৰ লগতে ৰাষ্ট্ৰবাদী মুছলিম পাচমাণ্ডা মহাজ ।

Badaruddin Ajmal controversial comment: আজমলক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী বিজেপিৰ ভাতৃ সংগঠন ৰাষ্ট্ৰবাদী মুছলিম পাচমাণ্ডা মহাজৰ

শনিবাৰে নগাঁও প্ৰেছ ক্লাৱত ৰাষ্ট্ৰবাদী মুছলিম পাচমাণ্ডা মহাজে এক সংবাদমেলৰ আয়োজন কৰে(Press meet against Badaruddin Ajmal ) ৷ সংবাদ মেলখনৰ যোগেদি বদৰুদ্দিন আজমলৰ বিতৰ্কিত মন্তব্যৰ বাবে সংগঠনটোৱে সাংসদজনক ধিক্কাৰ প্ৰদান কৰে । বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাৰ অভিযোগ উত্থাপন কৰি আজমলক সংখ্যালঘু অধ্যুষিত এলেকাত প্ৰৱেশ নিষিদ্ধ কৰাৰো হুংকাৰ দিয়ে সংগঠনটোৰ নেতৃবৰ্গই(criticize over Badaruddin Ajmal controversial comment) ।

বিতৰ্কিত মন্তব্যৰে পুনৰ সংবাদ শিৰোনাম দখল কৰা এ আই ইউ ডি এফ নেতা তথা সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে নগাঁও আৰক্ষী অধীক্ষকৰ ওচৰত গোচৰ তৰাৰ কথাও উল্লেখ কৰি বিতৰ্কিত সাংসদগৰাকীক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীও উত্থাপন কৰে সংগঠনটোৰ নেতা কমৰুজ জামান সৰকাৰে ।

তদুপৰি ৰাষ্ট্ৰবাদী মুছলিম পাচমাণ্ডা মহাজৰ নেত্ৰী ফাৰনাজ আহমেদেও আজমলক এনে বিতৰ্কিত মন্তব্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে(Nationalist Muslim Pachmanda Mahaj react on Badaruddin Ajmal controversial comment) । লগতে আজমলক শীঘ্ৰেই গ্ৰেপ্তাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Assam CM Himanta Biswa Sarma) আৰু আৰক্ষী সঞ্চালক প্ৰধানক দাবী জনায় বিজেপিৰ ভাতৃ সংগঠন ৰাষ্ট্ৰবাদী মুছলিম পাচমাণ্ডা মহাজে ।

লগতে পঢ়ক: Badaruddin Ajmal controversial comments on Hindu: সাংসদ আজমল ৰাজনৈতিক সন্ত্রাসবাদী :জয়ন্ত মল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.