জ্যেষ্ঠ সাংবাদিক, লেখক শিৱপ্ৰসাদ বৰাৰ আকস্মিক বিয়োগ

author img

By

Published : Jan 27, 2022, 4:53 PM IST

Shiva Prasad Bora passes away

সাংবাদিক শিৱপ্ৰসাদ বৰাৰ দেহাৱসান (Shiva Prasad Bora passes away) ৷ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে ৷ জীৱন কালত প্ৰয়াত বৰা ৰাজ্যৰ বহুকেইটা সংবাদ প্ৰতিষ্ঠানৰ লগত জড়িত আছিল ৷

নগাঁও, 27 জানুৱাৰী: স্পষ্টবাদী, সাহসিকতাৰে সুদীৰ্ঘ ৩ টা দশক সংবাদসেৱা আগবঢ়াই নিজৰ দক্ষতা বিস্তাৰ কৰিবলৈ সক্ষম হোৱা নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক, লেখক শিৱ প্ৰসাদ বৰা আৰু নাই (Shiva Prasad Bora passes away)। সাংবাদিকতাৰ উপৰিও এগৰাকী সমাজ সচেতন ব্যক্তি হিচাপে পৰিচিত শিৱ প্ৰসাদ বৰাৰ বিয়োগৰ খবৰে নগাঁৱৰ সংবাদ মহলৰ লগতে শোকস্তব্ধ কৰি তুলিছে বিভিন্ন মহলক ।

বৃহস্পতিবাৰে পুৱা প্ৰায় ১১ বজাত শেষ নিশ্বাস ত্যাগ কৰে শিৱ প্ৰসাদ বৰাই । নগাঁৱৰ ৰাইদঙীয়াত জন্মগ্ৰহণ কৰা তথা বৰ্তমান নগাঁও চহৰস্থিত হাউছিং কলনী নিবাসী প্ৰায় ৫৫ বছৰ বয়সীয়া শিৱ প্ৰসাদ বৰাৰ বৃহস্পতিবাৰে পুৱা ভাগত হঠাৎ বন্ধ হৈ পৰে হৃদযন্ত্ৰৰ ক্ৰিয়া । লগে লগে পৰিয়ালৰ লোকে স্থানীয় এখন নাৰ্ছিং হোমলৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।

সংবাদ জগতখনত অন্যতম দখল থকা শিৱ প্ৰসাদ বৰাই ‘অসমীয়া প্ৰতিদিন’, ‘দৈনিক অগ্ৰদূত’, ‘আজিৰ অসম‘ আদি বাতৰি কাকতৰ লগতে ‘প্ৰাইম নিউজ’ চেনেলৰ জৰিয়তে সংবাদ সেৱা আগবঢ়াইছিল । ইয়াৰোপৰি মধ্য অসমৰ নগাঁৱৰ পৰা এখন সাপ্তাহিক কাকততো সম্পাদনা কৰিছিল শিৱ প্ৰসাদ বৰাই । জন প্ৰহৰী নামৰ সপ্তাহিক কাকতৰ সম্পাদক হিচাপে দায়িত্ব পালন কৰিছিল শিৱপ্ৰসাদ বৰাই । শেহতীয়াকৈ তেওঁ ‘সাপ্তাহিক ৰণাংগণ’ কাকতৰ সম্পাদনা উপদেষ্টা হিচাপে দায়িত্বভাৰ পালন কৰিছিল । সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম দিন উদযাপন সমিতিকে ধৰি বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল শিৱ প্ৰসাদ বৰা (Journalist Shiva Prasad Bora)।

বৃহস্পতিবাৰে দুপৰীয়া বৰাৰ মৃতদেহ নগাঁও প্ৰেছ ক্লাবলৈ অনা হয় আৰু প্ৰেছ ক্লাৱৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নগাঁও জিলা ছাত্ৰ সন্থা, অসম যুৱ পৰিষদকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ তৰফৰ পৰা শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।

জ্যেষ্ঠ সাংবাদিক শিৱপ্ৰসাদ বৰাৰ মৃত্যুত জনসংযোগ মন্ত্ৰী পিয়ুষ হাজৰিকা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিধায়ক ৰূপক শৰ্মাকে ধৰি বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰে ।

লগতে পঢ়ক: পেৰাগ্লাইণ্ডিঙেই হ’ল গৈ কাল; SKYLAND ৰিজ’ৰ্টত মৃত্যু যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.