হিমন্ত বিশ্ব শৰ্মাই পুৰণি বিজেপিৰ ওপৰত চলাইছে চাৰ্জিকেল ষ্ট্ৰাইক : গৌৰৱ গগৈ

author img

By

Published : Oct 1, 2022, 10:45 PM IST

MP Gaurav Gogoi criticized Assam CM

সমাগত লোকসভা নিৰ্বাচন (Upcoming lok sabha election 2024)। ৰূপহীহাটত গৌৰৱ গগৈ । পকী পথৰ আধাৰশিলা স্থাপন সাংসদ গৌৰৱ গগৈৰ (Foundation stone laying at Rupohihat) । ৰূপহীহাটত পথৰ আধাৰশিলা স্থাপন কৰি ন বিজেপিক তুলা ধূনা গৌৰৱ গগৈৰ (MP Gaurav Gogoi criticized Assam Govt) ।

নগাঁও, 1 অক্টোবৰ : সমাগত লোকসভা নিৰ্বাচন (Upcoming lok sabha election 2024) । ৰূপহীহাটত কাৰ্যসূচী আৰম্ভ কৰিছে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে । নিৰ্বাচন আহিলেই ধিং, ৰূপহীহাট সমষ্টিত সক্ৰিয় হৈ পৰাৰ দৰে এইবাৰো তৎপৰ হৈ পৰিছে সাংসদ গৌৰৱ গগৈ ।

শনিবাৰে কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৰূপহীহাট সমষ্টিৰ এটা আধাৰশিলা কাৰ্যসূচীত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে । স্থানীয় বিধায়ক নুৰুল হুদাক লগত লৈ শনিবাৰে ৰূপহীহাটৰ মুকুন্দ আটি সুঁতিৰপাৰ সংযোগী পথৰ আধাৰশিলা স্থাপন কৰে সাংসদ গৌৰৱ গগৈয়ে (Foundation stone laying at Rupohihat)।

হিমন্ত বিশ্ব শৰ্মাই পুৰণি বিজেপিৰ ওপৰত চলাইছে চাৰ্জিকেল ষ্ট্ৰাইক : গৌৰৱ গগৈ

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ হ’বলগীয়া পকী পথৰ আধাৰশিলা স্থাপন কৰি জনসাধাৰণক সেৱা কৰিবলৈ কংগ্ৰেছক ক্ষমতাৰ প্ৰয়োজন বুলি মন্তব্য ভাষণ প্ৰসংগত মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে । আধাৰশিলা স্থাপনৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত শাসকীয় বিজেপি চৰকাৰক সমালোচনাৰে থকা সৰকা কৰে গৌৰৱ গগৈয়ে (MP Gaurav Gogoi criticized Assam Govt)।

লগতে পঢ়ক : ৫G ম’বাইল সেৱা উদ্বোধনী অনুষ্ঠানত অসমৰ মন্ত্ৰী কেশৱ মহন্ত

লগতে ন বিজেপিকো তীব্ৰ বাক্যবাণ নিক্ষেপ কৰে সাংসদ গৌৰৱ গগৈয়ে । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পুৰণি বিজেপিৰ ওপৰত চাৰ্জিকেল ষ্ট্ৰাইক চলোৱা বুলিও কটাক্ষ কৰে সাংসদ গৌৰৱ গগৈয়ে (MP Gaurav Gogoi criticized Assam CM) । বৰ্তমান ন বিজেপিৰ বাবে পুৰণি বিজেপিৰ স্থান নোহোৱা হৈছে বুলিও মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে ।

পূৰ্বে কংগ্ৰেছৰ যিসকল নেতাৰ বিৰুদ্ধে বিজেপিয়ে দুৰ্নীতি, কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছিল আজি সেইকল প্ৰাক্তন কংগ্ৰেছীয়েই বিজেপিৰ মূল মূল পদবীত স্থান লাভ কৰা বুলিও মন্তব্য কৰে কংগ্ৰেছী সাংসদগৰাকীয়ে । উল্লেখ্য যে, শনিবাৰে ৰূপহীহাটৰ সুঁতিৰপাৰৰ পথৰ আধাৰশিলা স্থাপন অনুষ্ঠানত সাংসদ গৌৰৱ গগৈ, স্থানীয় বিধায়ক নুৰুল হুদাৰ উপৰিও স্থানীয় কংগ্ৰেছ নেতাসকলো উপস্থিত থাকে ।

লগতে পঢ়ক : সন্ত্ৰাসমুক্ত অসম গঢ়াৰ লক্ষ্যত অসম আৰক্ষী সফলতাৰে আগবাঢ়ি গৈছে : মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.