বন্যহস্তীৰ প্ৰিয় খাদ্য চুলাই !

author img

By

Published : Sep 23, 2021, 4:15 PM IST

man elephant conflict

‘‘বন্যহস্তীয়ে খাই ভাল পাই চুলাই ৷ চুলাইৰ বাবে বন্যহস্তী সঘনে আহে জনাঞ্চললৈ’’ - শালনা বন বিভাগৰ বন বিষয়াই কৰিছে এই অদ্ভুত মন্তব্য ৷

চামগুৰি, 23 ছেপ্তেম্বৰ : হাতীৰ প্ৰিয় খাদ্য হেনো চুলাই ৷ হাতীয়ে খাই ভাল পাই পদুমণিবাসীয়ে ৰান্ধি থোৱা ভাত, ডালি লগতে চুলাই ৷ শুনি নিশ্চয় আপুনিও হৈছে আচৰিত ৷ পিছে ৰ’ব; এই কথা আমি কোৱা নাই ৷ এই কথা কৈছে শালনা আঞ্চলিক বন বিভাগৰ বন বিষয়া জনৈক ভূঞাই ৷ শালনা আঞ্চলিক বন বিভাগৰ এগৰাকী দায়িত্বশীল বন বিষয়াৰ এনে মন্তব্যই বাৰুকৈ হাঁহিৰ খোৰাক দিছে এতিয়া সাধাৰণ ৰাইজক ৷

বন্যহস্তীৰ প্ৰিয় খাদ্য চুলাই !

উল্লেখ্য যে, ৰাজ্যত অব্যাহত আছে বন্য হস্তী আৰু মানুহৰ সংঘাত ৷ খাদ্যৰ সন্ধানত বন্যহস্তীয়ে সঘনে জনাঞ্চলত চলাই উপদ্ৰৱ ৷ ইফালে হাতীৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ নগাঁও জিলাৰ চামগুৰিৰ ভৰাগুৰি-পদুমণিটো দীৰ্ঘদিন ধৰি উপদ্ৰৱ চলাই আহিছে এটা বনৰীয়া হাতীয়ে ৷ এই বনৰীয়া হাতীটোক বাৰে বাৰে পাহৰলৈ খেদি পঠিওৱা হয় যদিও খাদ্যৰ সন্ধানত সঘনে জনাঞ্চলত আহি চলাই উপদ্ৰৱ ৷

প্ৰাপ্ত তথ্য অনুসৰি, সোমবাৰে নিশাও পদুমণি তিনিআলিৰ দুখনকৈ ব্যৱসায় প্ৰতিষ্ঠান ভঙাৰ লগতে এটি দৰিদ্ৰ পৰিয়ালৰ বাসগৃহও বন্য হস্তীটোৱে লণ্ড-ভণ্ড কৰে ৷ মঙলবাৰে পুৱাৰ ভাগত ক্ষতিগ্ৰস্ত সকলৰ খবৰ ল’বলৈ আহে এজন বন বিষয়া ৷ ৰাইজৰ খবৰ ল’বলৈ অহা বন বিষয়াক ক্ষুব্ধ ৰাইজে কৰে ককৰ্থনা ৷ কিয়নো সোমবাৰৰ পৰা মঙলবাৰৰ নিশালৈকে বিভিন্ন পন্থা অৱলম্বন কৰিও শালনা বন বিভাগ হাতী খেদিবলৈ সক্ষম নহ’ল ৷

যাৰ ফলত শালনা বনবিভাগৰ ওপৰত পদুমণিবাসী হৈ পৰিছে খৰ্গগ্ৰস্ত ৷ ৰাইজৰ অভিযোগ, শালনা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ জনৈক ভূঞাৰ নেতৃত্বত বন বিভাগৰ দলটোৱে কোনো পৰিকল্পনা নোহোৱাকৈয়ে চলাইছিল এই হাতী খেদা অভিযান ৷ হাতী খেদিব নোৱাৰি নিজৰ ব্যৰ্থতা ঢাকিবলৈ শালনা আঞ্চলিক বন বিভাগৰ লোকে বন্যহস্তীকে সজালে চোৰ লগতে সুৰাপায়ীও ৷

লগতে পঢ়ক: বিগত 6 বছৰত ৰাজ্যবাসীৰ ওপৰত বৃদ্ধি পোৱা ঋণৰ বোজাৰ বিৱৰণ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.