এটাৰ পাচত আন এটা হত্যাকাণ্ড নগাঁৱত : উদ্বিগ্ন নগঞা

author img

By

Published : Sep 26, 2022, 8:42 PM IST

Law and order situation deteriorated in Nagaon

পুনৰ আন এক নৃশংস হত্যাকাণ্ড নগাঁও চহৰত (Murder in Nagaon) । ঘৰৰ ভিতৰতে ডিঙি কাটি হত্যা ব্যৱসায়ীৰ পত্নীক । আৰক্ষীৰ জালত হত্যাৰ অভিযুক্ত । ডেৰ মাহত চহৰখনত সংঘটিত তিনিটাকৈ হত্যাকাণ্ডই জোকাৰিছে সমগ্ৰ নগাঁও চহৰ । নগাঁৱৰ আইন শৃংখলাক লৈ উত্থাপন হৈছে প্ৰশ্ন (Law and order situation deteriorated in Nagaon) । নাগৰিকৰ নিৰাপত্তাত ব্যৰ্থ নগাঁও আৰক্ষী !

নগাঁও, 26 ছেপ্টেম্বৰ : কলঙৰ পাৰত ঘাতকৰ কিৰিলি (Crime case in Nagaon) ৷ ইটোৰ পিচত সিটোকৈ সঘনাই নগাঁৱত সংঘটিত হৈছে হত্যাকাণ্ড ৷ নগাঁৱৰ সাম্প্ৰতিক আইন শৃংখলাক লৈ যেন উদ্বিগ্ন হৈ পৰিছে নগাঁৱৰ সচেতন নাগৰিক । সাধাৰণ নাগৰিকৰ নিৰাপত্তাক লৈও যেন উত্থাপন হৈছে বিভিন্ন প্ৰশ্নৰ । কাৰণ নগাঁৱত 24 ঘন্টাৰ ভিতৰত সংঘটিত হৈছে দুটা নৃশংস হত্যাকাণ্ড (Murder case in Assam) ।

দেওবাৰ এগৰাকী মহিলাক ঘৰৰ ভিতৰতে নৃশংসভাৱে হত্যা ঘাতকৰূপী কৰ্মচাৰীৰ । দেওবাৰৰ দিনটোত সকলো শুভ মহালয়াক লৈ ব্যস্ত থকাৰ সময়তে নগাঁও চহৰৰ মাজমজিয়াতে সংঘটিত হয় এই নৃশংস হত্যাকাণ্ডটো । নগাঁও চহৰৰ ৰাজ মেডিকেল নামৰ ফাৰ্মাচীখনৰ স্বত্বাধিকাৰীৰ পত্নী ৰুমী দত্তক সন্ধিয়া ঘৰৰ ভিতৰতে অতি নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ ঘাতকৰূপী কৰ্মচাৰীৰ বিৰুদ্ধে ।

সন্ধিয়া ডিঙি কটা আৰু তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত উদ্ধাৰ হয় ৰুমী দত্ত নামৰ এইগৰাকী মহিলাৰ মৃতদেহ । সন্ধিয়া ঘৰত কোনো নথকাৰ সুযোগ লৈয়েই ডিঙি কাটি অতি নৃশংসভাৱে হত্যা কৰা হয় ৰুমী দত্ত নামৰ মহিলাগৰাকীক (Woman murder in Nagaon) । অৱশ্যে নিশাটোৰ ভিতৰতে হত্যাকাণ্ডটোত জড়িত থকাৰ অভিযোগত ৰাজ মেডিকেলৰ পৰা বহিষ্কাৰ কৰা কৰ্মচাৰী সুব্ৰত মজুমদাৰক আটক কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীয়ে ।

ফাৰ্মাচীখনৰ পৰা উলিয়াই দিয়াৰ প্ৰতিশোধতে মহিলাগৰাকীক হত্যা কৰাৰ দাবী নগাঁও আৰক্ষীৰ ৷ ৰাজ মেডিকেল নামৰ ফাৰ্মাচীত কৰ্মচাৰী হিচাপে থকা সুব্ৰত মজুমদাৰে ফাৰ্মচাৰীৰ পৰা চুৰি কৰাৰ অভিযোগত কামৰ পৰা উলিয়াই দিছিল স্বত্বাধিকাৰীয়ে । ফাৰ্মাচীখনৰ আন এগৰাকী কৰ্মচাৰীয়েও উল্লেখ কৰে এই কথা ।

কলঙৰ পাৰত ঘাতকৰ কিৰিলি

লগতে পঢ়ক : মুখ ধুই থাকোঁতেই মহিলাক খুকুৰীৰে ডিঙি কাটি হত্যা

কেৱল ৰুমী দত্তই নহয়, সোমবাৰে পুৱা কলিয়াবৰত এগৰাকী মহিলাক মুখ ধুই থকা অৱস্থাতে ডিঙি কাটি হত্যা কৰে দুৰ্বৃত্তই ৷ বিগত ডেৰ মাহত নগাঁও চহৰতে সংঘটিত হৈছে তিনিটাকৈ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা । বিগত ২৪ আগষ্টত নগাঁও চহৰৰ কবৰস্থানৰ সমীপত উদ্ধাৰ হৈছিল আৰিয়ান লস্কৰ নামৰ এজন যুৱকৰ মৃতদেহ ।

ড্ৰাগছৰ বাবেই বন্ধুৱে আৰিয়ান লস্কৰক হত্যা কৰাৰ অভিযোগত তিনিজনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে । আৰিয়ান লস্কৰ হত্যাৰ চাঞ্চল্য অব্যাহত থকাৰ মাজতে যোৱা 13 ছেপ্টেম্বৰত নগাঁৱৰ হয়বৰগাঁৱত সংঘটিত হৈছিল আন এক নৃশংস হত্যাকাণ্ড । ঘৰৰ ভিতৰতে মহিকাগৰাকীক হত্যা কৰা হৈছিল অতি নৃশংসভাৱে ।

কিন্তু প্ৰশ্ন হয়, নগাঁও চহৰৰ হয়বৰগাঁও আৰক্ষী চকীৰ সমীপৰে ঘুটলাই পট্টিত এগৰাকী মহিলাক অতি নৃশংসভাৱে হত্যা কৰাৰ এপষেক পিছতো কেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ? ড্ৰাগছৰ ঘাটিত পৰিণত হোৱা নগাঁৱত শেহতীয়াকৈ হত্যাকাণ্ডৰ দৰে অপৰাধো বৃদ্ধি পোৱাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে নগাঁৱৰ সচেতন মহল ।

একাংশৰ মাজত এতিয়া এটাই প্ৰশ্ন নগাঁও আৰক্ষীৰ নাম শুনিলেই কম্পমান হৈ পৰা অপৰাধীয়ে হঠাৎ ক’ৰ পৰা পালে ইমান সাহস ?

লগতে পঢ়ক : Murder in Nagaon: অচিনাক্ত দুৰ্বৃত্তই ঘৰৰ ভিতৰতে ডিঙি কাটি হত্যা কৰিলে মহিলাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.