কলিয়াবৰত দুৰ্ভাগ্যজনকভাৱে স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ

author img

By

Published : Oct 1, 2022, 11:39 AM IST

কলিয়াবৰত দুৰ্ভাগ্যজনকভাৱে স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ

বৈদ্যুতিক তাঁৰত লাগি ধৰিছিল পত্নী ৷ ফলত স্বামীয়ে এখন দা ব্যৱহাৰ কৰি বচাবলৈ পত্নীক ৷ ইয়াৰ পাচতে স্বামীৰ দাৰ ঘাপ পৰিল পত্নীৰ ডিঙিত (Husband killed wife at Kaliabor)৷ কলিয়াবৰত সংঘটিত হৈছে দুৰ্ভাগ্যজনক ঘটনাটো ৷

কলিয়াবৰ, 1 অক্টোবৰ: কলিয়াবৰৰ বাগৰিত সংঘটিত হত্যাকাণ্ডৰ(Kaliabor murder case) ৰহস্য ভেদ কৰিলে আৰক্ষীয়ে । যোৱা সোমবাৰে কলিয়াবৰৰ বাগৰিত এগৰাকী মহিলাক খুকুৰীৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰাৰ এক ঘটনা পোহৰলৈ আহিছিল । মুখত ক'লা কাপোৰ মাৰি পাঁচ দুৰ্বৃত্তই কাৰ্বি পাহাৰৰ নামনি বাগৰিত অঞ্জনা জেনা নামৰ মহিলাগৰাকীক খুকুৰীৰে ডিঙি কাটি হত্যা কৰি পলায়ন কৰাৰ খবৰে সৃষ্টি কৰিছিল তীব্ৰ চাঞ্চল্য ।

জখলাবন্ধা আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে উক্ত ঘটনাৰ প্ৰকৃত ৰহস্য । অভিযুক্তই আৰক্ষীক দিয়া স্বীকাৰোক্তি অনুসৰি বনৰীয়া জীৱ-জন্তুৰ পৰা ৰক্ষা পাবলৈ ঘৰৰ চৌহদৰ চাৰিওফালে বৈদ্যুতিক তাঁৰ সংযোগ কৰিছিল অঞ্জনাৰ স্বামী মণ্টু কুৰুৱাই । যোৱা সোমবাৰৰ কাহিলী পুৱা নিজৰাৰ পৰা পানী আনিবলৈ গৈ স্বামীয়ে ঘৰৰ চৌপাশে সংস্থাপন কৰা বৈদ্যুতিক তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হয় অঞ্জনা জেনা ।

কলিয়াবৰত দুৰ্ভাগ্যজনকভাৱে স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ

বিদ্যুৎস্পৃষ্ট অঞ্জনাক উদ্ধাৰ কৰিবলৈ গৈ বৈদ্যুতিক তাঁৰত দাৰে ঘাপ মাৰিছিল মণ্টু কুৰুৱাই । দুৰ্ভাগ্যৱশতঃ সেই দাৰ ঘাপ পৰিল পত্নী অঞ্জনাৰ ডিঙিত(Husband killed wife at Kaliabor) । যাৰ ফলত মৃত্যু হয় অঞ্জনাৰ (Woman killed by husband at kaliabor)।

পৰৱৰ্তী সময়ত এই ঘটনাক গাপ দিবলৈ গৈ পৰিয়ালটোৱে ৰচনা কৰিছিল নাটক । পাঁচ দুৰ্বৃত্তই অঞ্জনা জেনাক হত্যা কৰাৰ এক মিছা কাহিনী ৰচিছিল স্বামী মণ্টু কুৰুৱাসহ পৰিয়ালটোৱে । অৱশেষত আৰক্ষীৰ তদন্তৰ অন্তত পোহৰলৈ আহিল ঘটনাৰ প্ৰকৃত ৰহস্য ।

শনিবাৰে জখলাবন্ধা আৰক্ষীয়ে(Jakhalabandha Police Station) হত্যাকাৰী মণ্টু কুৰুৱাক আটক কৰি সোধ-পোছ আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: যৌতুকৰ নামত পাঁচমহীয়া গৰ্ভৱতী মহিলাক মৰিয়াই মৰিয়াই হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.