Private Lab negligence: ৰোগীক ভুল ৰিপৰ্ট প্ৰদানৰ অভিযোগ লেবৰেটৰীৰ বিৰুদ্ধে
Published: Mar 17, 2023, 1:36 PM


Private Lab negligence: ৰোগীক ভুল ৰিপৰ্ট প্ৰদানৰ অভিযোগ লেবৰেটৰীৰ বিৰুদ্ধে
Published: Mar 17, 2023, 1:36 PM
স্বাস্থ্য পৰীক্ষাৰ নামত নগাঁৱত ৰোগীৰ জীৱনক লৈ হেতালি একাংশ ব্যক্তিগত লেবৰেটৰীৰ । পুনৰ বিতৰ্কত নগাঁৱৰ আলট্ৰালেব (Ultralab centre in Nagaon)। ৰোগীক স্বাস্থ্য পৰীক্ষাৰ ভুল প্ৰতিবেদন দিয়াৰ অভিযোগ স্বাস্থ্য পৰীক্ষাগাৰটোৰ বিৰুদ্ধে। বিতৰ্কত নগাঁৱৰ একাংশ স্বাস্থ্য পৰীক্ষা প্ৰতিষ্ঠানৰ বিৰুদ্ধে নীৰৱ কৰ্তৃপক্ষ ।
নগাঁও,১৭ মাৰ্চ : নগাঁও জিলাত অব্যাহত আছে একাংশ ব্যক্তিগত নাৰ্চিং হোম আৰু স্বাস্থ্য পৰীক্ষাগাৰৰ মইমতালি (Obstinacy of private Lab in Nagaon)। স্বাস্থ্য পৰীক্ষাৰ ভুল প্ৰতিবেদন দি ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ উঠিছে লেবৰেটৰী বা পৰীক্ষাগাৰৰ বিৰুদ্ধে (Lab negligence in Nagaon)। নগাঁৱৰ একাংশ ব্যক্তিগত স্বাস্থ্য পৰীক্ষাগাৰে ধনৰ বিনিময়ত সাধাৰণ ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ দীৰ্ঘদিনীয়া ।
ৰোগীক ভুল স্বাস্থ্য পৰীক্ষাৰ ৰিপৰ্ট দি পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে নগাঁৱৰ আলট্ৰালেব নামৰ ব্যক্তিগত স্বাস্থ্য পৰীক্ষা প্ৰতিষ্ঠানটো । তেজৰ পৰীক্ষাৰ ৰিপৰ্ট ভুলকৈ দিয়াৰ অভিযোগ উত্থাপন হৈছে স্বাস্থ্য পৰীক্ষাগাৰটোৰ বিৰুদ্ধে । নাম প্ৰকাশত অনিচ্ছুক এগৰাকী ৰোগীয়ে যোৱা ১৮ ফেব্ৰুৱাৰীত নগাঁও চহৰৰ মিছন মাৰ্কেটৰ আলট্ৰালেব নামৰ প্ৰতিষ্ঠানটোত তেজৰ ট্ৰাইগ্লিছাৰিড পৰীক্ষা কৰাইছিল ।
পৰীক্ষাৰ ৰিপৰ্টত ৰোগীগৰাকীৰ শৰীৰত ট্ৰাইগ্লিছাৰিডৰ পৰিমাণ ৬৭৯ বুলি উল্লেখ কৰে আলট্ৰালেবে । উল্লেখ্য যে, এগৰাকী সুস্থ ব্যক্তিৰ শৰীৰত ট্ৰাইগ্লিছাৰিডৰ পৰিমাণ সৰ্বাধিক ১৫০ থাকিব লাগে । সেয়ে এই ৰিপৰ্ট পোৱাৰ লগে লগে চিন্তিত হৈ পৰে ৰোগীগৰাকী । তেওঁ পুনৰ গুৱাহাটীৰ প্ৰতীক্ষা হাস্পতালত ট্ৰাইগ্লিছাৰিডৰ পৰীক্ষা কৰাত তাৰ ৰিপৰ্টত ইয়াৰ পৰিমাণ ১৪৬ বুলি উল্লেখ কৰে ।
ইয়াৰ পাছতে নগাঁৱত আলট্ৰালেবত ৰোগীৰ স্বাস্থ্য পৰীক্ষাৰ নামত চৰম ভুল ৰিপৰ্ট প্ৰদান কৰা বিষয়টো পোহৰলৈ আহে (Laboratory provides wrong reports to patients)। অৱশ্যে আলট্ৰালেব কৰ্তৃপক্ষই এয়া ছপা মেচিনৰ ভুল বুলি দায়িত্ব সামৰিব বিচাৰিছে । ৰোগীৰ অভিযোগৰ পাছতে সাংবাদিকৰ দল পৰীক্ষাগাৰটোত উপস্থিত হৈ কৰ্তৃপক্ষক বিষয়টো সন্দৰ্ভত প্ৰশ্ন কৰে । অৱশ্যে এই সন্দৰ্ভত লেবটোৰ কৰ্তৃপক্ষই অনুসন্ধান কৰিব বুলি উল্লেখ কৰে ।
পিছে এনে ভুল ৰিপৰ্টৰ বাবেই বহু সময়ত ৰোগীয়ে ভুল চিকিৎসাৰ বলি হৈ প্ৰাণ হেৰুৱাবলগীয়াও হৈছে । সেয়ে এই ক্ষেত্ৰত অসমৰ স্বাস্থ্য বিভাগে পৰৱৰ্তী সময়ত কি পদক্ষেপ লয় সেয়া হ'ব লক্ষণীয় । ইফালে এনে অভিযোগ পূৰ্বেও উত্থাপন হৈ অহাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন হৈছে স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ।
