কলিয়াবৰৰ চক্ৰ বিষয়াৰে আলোচনা মন্ত্ৰী যোগেন মহনৰ

author img

By

Published : Sep 25, 2021, 6:00 PM IST

Jogen Mohan visits Kaliabor circle office

কলিয়াবৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৰাজহ মন্ত্ৰী যোগেন মহনৰ চাডেন ভিজিট । চক্ৰ বিষয়াৰ কাৰ্যালয় আধুনিকীকৰণৰ আশ্বাস দিলে মন্ত্ৰীগৰাকীয়ে । গান্ধী জয়ন্তীত "বসুন্ধৰা" পৰ্টেল মুকলি কৰা হ'ব বুলিও জনায় মন্ত্ৰী যোগেন মহনে ।

কলিয়াবৰ, ২৫ ছেপ্টেম্বৰ: শনিবাৰে নগাঁৱৰ কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় ৰাজহ মন্ত্ৰী যোগেন মহন । কাৰ্যালয়টো পৰিদৰ্শন কৰাৰ লগতে চক্ৰ বিষয়াৰে আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকী । কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ আধুনিকীকৰণৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী যোগেন মহনে । কাৰ্যালয়ৰ পৰাই বিভাগীয় মুৰব্বীৰে ফোন যোগে বাৰ্তালাপ কৰি এই সন্দৰ্ভত ব‍্যৱস্থা গ্ৰহণৰ পৰামৰ্শ আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে ।

আনহাতে, মাটিৰ দালালৰ বিৰুদ্ধে চলা অভিযানত এই পৰ্যন্ত তিনিজন সন্দেহজনক দালালক আটক কৰিছে কলিয়াবৰ আৰক্ষীয়ে । লগতে এজন দালাল পলাতক অৱস্থাত আছে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে । আনহাতে, মাটিৰ দালালৰ বিৰুদ্ধে অভিযান তুংগত থকাৰ সময়তে ৰাজহ মন্ত্ৰীৰ এই পৰিদৰ্শনে বিশেষ তাৎপৰ্য বহন কৰিছে । তেওঁ জনায় যে, ৰাজহ বিভাগে উন্নয়নমূলক আঁচনিৰ জৰিয়তে ৰাজ‍্যৰ চক্ৰ বিষয়া কাৰ্যালয়সমূহক একত্ৰিকৰণ কৰি মাটিৰ লেন-দেনৰ ক্ষেত্ৰত থকা জটিলতা দূৰ কৰাৰ উদ্দেশ্যেৰে 'বসুন্ধৰা' নামৰ এটা পৰ্টেল ২ অক্টোবৰ অৰ্থাৎ গান্ধী জয়ন্তীৰ দিনাই মুকলি কৰিব ।

কলিয়াবৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৰাজহ মন্ত্ৰী যোগেন মহনৰ চাডেন ভিজিট

সেই উদ্দেশ‍্যে উন্নত ইণ্টাৰনেট সেৱাৰ বাবে বিএছএনএলৰ লগত ৰাজ‍্য চৰকাৰে এক চুক্তি স্বাক্ষৰিত কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে ।

আনহাতে, ৰাজ‍্যত মাটিৰ দালাল চক্ৰৰ বিৰুদ্ধে চলি থকা অভিযান এনেদৰেই অব্যাহত থাকিব বুলি ৰাজহ মন্ত্ৰীগৰাকীয়ে উস্পষ্ট কৰি দিয়ে । এই ক্ষেত্ৰত যদি চৰকাৰী বিষয়া-কৰ্মচাৰী জড়িত থাকে, তেন্তে তেওঁলোকৰ বিৰুদ্ধেও উচিত ব‍্যৱস্থা ল'ব বুলি সকীয়াই দিয়ে । ইতিমধ‍্যে, কেইবাখনো জিলাত এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক:মৈৰাবাৰীত মুছলিম ছাত্ৰ সন্থা অসমৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.