Har Ghar Triranga in Marigaon: মৰিগাঁৱত হৰ ঘৰ ত্ৰিৰাংগা সমদল

author img

By

Published : Aug 6, 2022, 9:41 PM IST

g

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে পালন কৰা আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি 'ঘৰে ঘৰে ত্ৰিৰংগা’ কাৰ্যসূচী পায়ণ কৰা হৈছে । ইয়াৰ সৈতে সংগতি ৰাখি মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষিতীশ চন্দ্ৰ পেগুৱে শনিবাৰে হৰ ঘৰ ত্ৰিৰাংগা কাৰ্যসূচীৰ সজাগতা সমদলৰ শুভাৰম্ভ কৰে (Har Ghar Triranga in Marigaon) ৷

ধিং, ৬আগষ্ট : মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষিতীশ চন্দ্ৰ পেগুৱে শনিবাৰে হৰ ঘৰ ত্ৰিৰাংগা কাৰ্যসূচীৰ সজাগতা সমদলৰ শুভাৰম্ভ কৰে (Har Ghar Triranga in Marigaon)। কপিলী উন্নয়ণ খণ্ডৰ অন্তৰ্গত ৮খন গাঁও পঞ্চায়তত ঘৰে ঘৰে ত্ৰিৰংগা অভিযানৰ সজাগতামূলক সমদল উলিওৱা হয় । দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে পালন কৰা আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি 'ঘৰে ঘৰে ত্ৰিৰংগা’ কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে(Har Ghar Triranga Awareness Rally in Marigaon)।

Har Ghar Triranga in Marigaon
মৰিগাঁৱত হৰ ঘৰ ত্ৰিৰাংগা সমদল

মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষিতীশ চন্দ্ৰ পেগুৱে ব্যাপক তৎপৰতাৰে জিলাখনৰ আটাইকেইখন ব্লকৰ প্ৰত্যেকখন গাঁৱৰ প্ৰতিটো পৰিয়ালত হৰ ঘৰ ত্ৰিৰাংগা কাৰ্যসূচী সফলতাৰে ৰূপায়ন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । এই ক্ষেত্ৰত কপিলী উন্নয়ন খণ্ডৰ অন্তৰ্গত মহিলা আত্মসহায়ক গোট সমূহ তৎপৰ হৈছে।কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ আহ্বান অনুসৰি অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ প্ৰতিটো ঘৰতে যাতে জাতীয় পতাকা উৰুওৱা হয় সেই বিষয়ে জনসাধাৰণক সজাগ কৰিবলৈ মহিলাসকলে স্কুটিৰে এক সজাগতামূলক যাত্ৰা আৰম্ভ কৰে ।

Har Ghar Triranga in Marigaon
মৰিগাঁৱত হৰ ঘৰ ত্ৰিৰাংগা সমদল

শ শ মহিলাকে ধৰি ছাত্ৰ-ছাত্ৰী সকলে হাতে হাতে পতাকা লৈ কপিলী অঞ্চলত সজাগতা শোভাযাত্ৰা উলিয়ায় ।

মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছত কপিলী উন্নয়ন খণ্ডৰ বিষয়া কৰ্মচাৰী সকলকে ধৰি অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলে সমদল উলিয়ায় । ইতিমধ্যে মৰিগাঁও জিলা পৰিষদৰ অন্তৰ্গত আটাইকেইখন ব্লকৰ আত্মসহায়ক গোট সমূহে প্ৰতিটো পৰিয়ালত হৰ ঘৰ ত্ৰিৰাংগা কাৰ্যসূচী পালন কৰিবলৈ যাতে সুযোগ লাভ কৰে তাৰ বাবে ১ লাখ ২৯ হেজাৰ ৮৯৩ খন জাতীয় পতাকা প্ৰস্তুত কৰিছে ।

লগতে পঢ়ক:etv comment image Water supply scheme: নলবাৰীত জলমিত্ৰ স্বেচ্ছাসেৱকৰ প্ৰশিক্ষণ অনুষ্ঠানত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.