Gunotsav in Assam: শিক্ষাৰ্থীক লৈ বিদ্যালয়ৰ লগতে অভিভাৱকৰো থাকিব লাগিব সমান দায়িত্ব

author img

By

Published : Jan 21, 2023, 2:26 PM IST

Gunotsav in Assam

ৰাজ্যত 18 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে গুণোৎসৱ (Gunotsav in Assam) ৷ গুণোৎসৱৰ বাবে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱেও নামিছে বিদ্যালয় পৰিদৰ্শনৰ কাৰ্যত (Education Minister Dr Ranoj Pegu attends Gunotsav)৷ শুকুৰবাৰে কলিয়াবৰৰ দুখন চৰকাৰী স্কুলত উপস্থিত হৈ বিদ্যালয়ৰ শিক্ষা আৰু অভিভাৱকৰ দায়িত্ব সন্দৰ্ভতো মত প্ৰকাশ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷

কলিয়াবৰ উপস্থিত হয় শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু

কলিয়াবৰ, 21 জানুৱাৰী : ‘‘ছাত্ৰ-ছাত্ৰীক গাড়ী এখনত উঠাই স্কুললৈ পঠিয়াই দিলেই দায়িত্ব শেষ নহয় অভিভাৱকৰ । কি গাড়ীত, কেনে পৰিৱেশত ছাত্ৰ-ছাত্ৰীক স্কুললৈ পঠিয়াইছে সেই বিষয়ে অভিভাৱকসকলে গুৰুত্ব দিয়া উচিত ৷ কিয়নো বহু স্থানত বিপদসংকুলভাৱে টেম্পু, মেজিক আদিত ছাত্ৰ-ছাত্ৰী কঢ়িয়াই নিয়ে ৷ সি সমূহ ঘটনা সহজে দেখিবলৈ পোৱা যায় ৷’’ শুকুৰবাৰে কলিয়াবৰত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Ranoj Pegu in Kaliabor)।

লগতে তেওঁ কয়, ‘‘বিদ্যালয় এখন সুচাৰূপে পৰিচালনা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে ৷ কিন্তু বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ লগতে এখন বিদ্যালয়ৰ সাংগঠনিক ভেঁটি অভিভাৱকৰ ভূমিকায়ো এই ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলায় ৷ সেয়ে এই ক্ষেত্ৰত অভিভাৱকে গুৰুত্ব প্ৰদান কৰাতো উচিত’’ ।

ইয়াৰ উপৰিও একাংশ ব্যক্তিগতখণ্ডৰ বিদ্যালয় সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । প্ৰসংগ ক্ৰমে তেওঁ কয়, ‘‘একাংশ ব্যক্তিগতখণ্ডৰ বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীক অসুৰক্ষিতভাৱে কঢ়িওৱা দেখা যায় । এই ক্ষেত্ৰত শীঘ্ৰে চৰকাৰে ব্যৱস্থা ল’ব’’ ।

লগতে পঢ়ক : Gunotsav in Assam: কলিয়াবৰত বিদ্যালয়ৰ প্ৰাতঃসভাত অংশগ্ৰহণ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ

ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ মূল্যাংকনৰ বাবে ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা গুণোৎসৱৰ আজি চতুৰ্থ দিন (Gunotsav of Assam govt schools) । শুকুৰবাৰে গুণোৎসৱ উপলক্ষে কলিয়াবৰ উপস্থিত হয় শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু (Education Minister Dr Ranoj Pegu attends Gunotsav) ।

শুকুৰবাৰে পুৱাতেই কলিয়াবৰৰ দুই ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান কলিয়াবৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গুণোৎসৱত অংশগ্ৰহণ কৰে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে ৷লগতে কলিয়াবৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাতঃসভাতো অংশগ্ৰহণ কৰে শিক্ষা মন্ত্ৰীয়ে (Ranoj Pegu attend morning session of school) ।

বিদ্যালয় পৰিদৰ্শনৰ অন্তত শিক্ষা মন্ত্ৰীয়ে সাংবাদিকৰে হোৱা বাৰ্তালাপত কয় যে ঐতিহ্যমণ্ডিত বিদ্যালয়সমূহৰ আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ কাম ইতিমধ্যে চৰকাৰে হাতত লৈছে । আনহাতে, ৰাজ্যৰ যিসমূহ ঐতিহ্যমণ্ডিত বালিকা বিদ্যালয় আছে সেইবোৰক কোএডুকেচনেল কৰা নহ'ব বুলিও তেওঁ উল্লেখ কৰে ।

ইয়াৰ উপৰি গুণোৎসৱ আৰম্ভ হোৱাৰে পৰা চৰকাৰী খণ্ডৰ শিক্ষাৰ গুণগত মান উন্নত হোৱা বুলিও দাবী কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Assam Education Minister Dr Ranoj Pegu)।

লগতে পঢ়ক : Gunotsav in Assam: বৰপেটাত গুণোৎসৱত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.