Dhing fraud laboratory: জীৱিত সন্তানক মৃত ঘোষণা কৰি গৰ্ভপাত কৰাৰ পৰামৰ্শ পৰীক্ষাগাৰৰ

author img

By

Published : Nov 24, 2022, 5:26 PM IST

Updated : Nov 24, 2022, 7:10 PM IST

Dhing Bharat Laboratory fraud report to patient

ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিৰুদ্ধে বাৰেপতি আঙুলি উঠি অহাৰ পিছতো এতিয়াও গা ল’ৰা নাই চিকিৎসেৱাৰ নামত ৰোগীক ৰামঠগন দি অহা একাংশ স্বাস্থ্য পৰীক্ষা কেন্দ্ৰৰ ৷ জীৱন্ত সন্তানক মৃত বুলি তৎকালে প্ৰসূতিক গৰ্ভপাত কৰিবলৈ ভুল ৰিপোৰ্ট দাখিল কৰিলে ধিংস্থিত ভাৰত লেবৰটৰীয়ে (Dhing Bharat Laboratory fraud report to patient)৷

নগাঁও, 24 নৱেম্বৰ: স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ (Health Minister Keshab Mahanta) গৃহজিলাতে স্বাস্থ্য পৰীক্ষাৰ নামত ভয়ংকৰ ঘটনা (Dhing fraud laboratory) ৷ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিৰুদ্ধে বাৰেপতি আঙুলি উঠি অহাৰ পিছতো এতিয়াও গা ল’ৰা নাই চিকিৎসেৱাৰ নামত ৰোগীক ৰামঠগন দি অহা একাংশ স্বাস্থ্য পৰীক্ষা কেন্দ্ৰৰ ৷ জীৱিত সন্তানক মৃত বুলি তৎকালে প্ৰসূতিক গৰ্ভপাত কৰিবলৈ ভুল ৰিপোৰ্ট দাখিল কৰিলে ধিংস্থিত ভাৰত লেবৰটৰীয়ে (Dhing Bharat Laboratory fraud report to patient)৷

জীৱিত সন্তানক মৃত ঘোষণা কৰি গৰ্ভপাত কৰাৰ পৰামৰ্শ পৰীক্ষাগাৰৰ

ঘটনাৰ বিবৰণী শুনিলে চকু কপালত উঠিব আপোনাৰো । ২২ নবেম্বৰত ধিঙৰ এগৰাকী প্ৰসূতিয়ে স্বাস্থ্য পৰীক্ষা কৰাবলৈ আহিছিল ধিঙৰ ভাৰত লেবৰটৰীত ৷ নিয়ম অনুসৰি লেবৰটৰীখনত বহা এগৰাকী চিকিৎসকলে পৰীক্ষা কৰিছিল মহিলাগৰাকীৰ ৷ স্বাস্থ্য পৰীক্ষাৰ অন্তত এইখন লেবৰটৰীখনতেই প্ৰসূতিগৰাকীক কৰোৱা হয় আলট্ৰাচাউণ্ড ।

পৰৱৰ্তী সময়ত মহিলাগৰাকীৰ আলট্ৰাচাউণ্ডৰ ৰিপোৰ্ট আহিল ৷ মহিলাগৰাকী আৰু তেওঁৰ স্বামী আলট্ৰাচাউণ্ডৰ ৰিপোৰ্ট ল’বলৈ আহিল ৷ আল্ট্ৰাচাউণ্ডৰ ৰিপোৰ্টত স্পষ্টকৈ লিখা আছিল যে প্ৰসূতিগৰাকীৰ গৰ্ভত থকা সন্তানটো মৃত ৷ অচিৰেই মহিলাগৰাকীয়ে অপাৰেশ্যন কৰি সন্তানটো পৰিস্কাৰ কৰিব লাগিব ৷

এই ৰিপোৰ্ট দেখি সৰগ ভাগি পৰে পৰিয়ালটোৰ মূৰত ৷ কি কৰিব কি নকৰিব বুলি ভাবি ভুক্তভোগী মহিলাগৰাকীৰ স্বামীয়ে 23 নৱেম্বৰত নগাঁৱৰ অন্য এটা পৰীক্ষাগাৰলৈ পুনৰ ৰিপোৰ্টটো দেখুৱাবলৈ লৈ যায় ৷ ৰিপোৰ্টটো পঢ়ি পৰীক্ষাগাৰটোৰ চিকিৎসকৰ সন্দেহ ওপজে ৷ প্ৰসূতি বিভাগৰ চিকিৎসকগৰাকীৰ পৰামৰ্শ অনুসৰি নগাঁৱৰ পৰীক্ষাগাৰটোত পুনৰ মহিলাগৰাকীক আলট্ৰাচাউণ্ড কৰিবলৈ পৰামৰ্শ দিয়ে ৷ এইবাৰৰ আল্ট্ৰাচাউণ্ড ৰিপোৰ্ট অহাৰ পিছতেই পোহৰলৈ আহে সকলো তথ্য ৷ বিভাগীয় চিকিৎসক আৰু নতুন ৰিপোৰ্টৰ মতে প্ৰসূতি-সন্তান সকলো ঠিকেই আছে, কোনো ধৰণৰ অসুবিধা নাই ৷

এই ঘটনাৰ পাছতেই ধিঙৰ ভাৰত লেৱৰেটৰীৰ ভুল তথ্যক লৈ লেবৰেটৰীৰ সন্মুখত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । পৰিস্থিতি বিষম দেখি দেখি লগে লগে লেবৰটৰীৰ পৰা পলায়ন কৰে লেবৰটৰীৰ স্বত্বাধিকাৰী তথা ধিং হাস্পতালৰ চিকিৎসাকৰ্মী আৰু কৰ্মচাৰীসকল । তাৰ পাছতেই ধিং আছুৱে তলা ওলোমাই ভাৰত লেবৰটৰীত (AASU seized Bharat laboratory) ।

উল্লেখযোগ্য যে পূৰ্বেও স্বাস্থ্য পৰীক্ষাৰ ভুল প্ৰতিবেদন দিয়াৰ অভিযোগ আছে ধিঙৰ এইখন পৰীক্ষাগাৰৰ বিৰুদ্ধে ৷ পিছে এয়া মাত্ৰ উদাহৰণহে, মুঠৰ ওপৰত ৰাজ্যত এইখন ভাৰত লেৱৰেটৰীৰ দৰে কিমান হাজাৰ হাজাৰ লেবৰটৰী এনেদৰেই চলি আহিছে তাৰ হয়তো কোনো হিচাপ নোলাব । ধনৰ প্ৰলোভনত এনেদৰে ৰোগীৰ জীৱনৰ হেতালি খেলা এতিয়া যেন সহজ হৈ পৰিছে এইসকলক চিকিৎসেৱাৰ নামত আভুৱা ভাৰা চিকিৎসাকেন্দ্ৰৰ ৷ এই ঘটনাই ৰাজ্যৰ স্বাস্থ্য বিভাগৰ আচল স্বৰূপ উদঙাই দেখুৱাইছে ৷

লগতে পঢ়ক: UP police raid against Mafia Atiq Ahmed : আতিক আহমেদৰ ১২৩ কোটি টকাৰ সম্পত্তি জব্দ

Last Updated :Nov 24, 2022, 7:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.