কলিয়াবৰত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ শুভাৰম্ভ

author img

By

Published : Sep 30, 2022, 12:57 PM IST

Updated : Sep 30, 2022, 7:21 PM IST

Keshab Mahanta

নগাঁও জিলাৰ কলিয়াবৰত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ শুভাৰম্ভ কৰে অসমৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই (National Deworming Day 2022)। ১ নং হাটবৰ প্ৰাথমিক বিদ‍্যালয়ত অনুষ্ঠিত এই কাৰ্যসূচীত শিক্ষাৰ্থীসকলক পেলুনাশক দৰৱ প্ৰদান কৰা হয় । অসমৰ স্বাস্থ্য খণ্ডৰ উন্নয়ন সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

কলিয়াবৰ,৩০ ছেপ্টেম্বৰ : দেশজুৰি পালন কৰা হৈছে ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ (Deworming Day observed in India)। অসমতো আৰম্ভ হৈছে এই দিৱসৰ । নগাঁও জিলাৰ কলিয়াবৰত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আনুষ্ঠানিকভাৱে এই ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে (Assam health minister inaugurates Deworming Day)। ১ নং হাটবৰ প্ৰাথমিক বিদ‍্যালয়ত এই দিৱসৰ শুভাৰম্ভ কৰা হয় ।

অনুষ্ঠানত অংশগ্ৰহণ কৰি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে । তেওঁ উল্লেখ কৰা মতে ৰাজ‍্যত প্ৰতি বছৰে ৬০ লাখ পৰিয়ালক ৫ লাখ টকাৰ স্বাস্থ‍্য বীমাৰ জৰিয়তে বিনামূলীয়াকৈ স্বাস্থ‍্য সেৱাৰ সুবিধা প্ৰদানৰ ব‍্যৱস্থা কৰা হৈছে । এই সংখ‍্যা পৰ্য‍্যায়ক্ৰমে বঢ়োৱা হ'ব বুলি স্বাস্থ‍্য মন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে । আনহাতে তেওঁ উল্লেখ কৰা মতে কেন্দ্ৰীয় আৰু ৰাজ‍্য চৰকাৰৰ বিশেষ তৎপৰতাত বিভিন্ন কাৰ্য‍সূচীৰে বিভিন্ন ৰোগ নিৰ্মূল কৰাৰ ধাৰাবাহিক প্ৰচেষ্টা চলি আছে ।

উল্লেখ্য যে পেলু নিৰ্মূলকৰণ কাৰ্য‍সূচীত প্ৰতিখন চৰকাৰী, চৰকাৰী সাহায্যপ্ৰাপ্ত, ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰসমূহত ১ৰ পৰা ১৯ বছৰ বয়সৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীকে বিনামূলীয়াকৈ পেলুনাশক টেবলেট প্ৰদান কৰা হ'ব । বিদ্যালয়লৈ নোযোৱা বা বিদ্যালয় এৰি যোৱা শিশুসকলো পেলু নিৰ্মূলকৰণ কাৰ্যসূচীৰ অন্তৰ্ভুক্ত হ'ব ।

পেলু বিশেষকৈ মাটি আৰু পানীৰ পৰা বিয়পে । সেয়েহে মুকলি ঠাইত শৌচ কৰাৰ অভ্যাস ত্যাগ কৰা উচিত ৷ খাদ্য গ্রহণৰ পূৰ্বে আৰু শৌচালয় ব্যৱহাৰ কৰাৰ পাছত হাত দুখন চাবোনেৰে পৰিষ্কাৰকৈ ধুব লাগে ৷

জোতা-চেণ্ডেল ব্যৱহাৰ কৰা, নখ চুটিকৈ কাটি ৰখা, বিশুদ্ধ পানী সেৱন কৰা, খাদ্যবস্তু ঢাকি ৰখা, ফুল আৰু শাক-পাচলি পৰিষ্কাৰ পানীৰে ধুই ব্যৱহাৰ কৰা, ঘৰৰ চৌপাশ পৰিষ্কাৰ কৰি ৰখা আদিৰ প্রতি গুৰুত্ব দি পেলুৰ সংক্রমণৰ পৰা শিশুক ৰক্ষা কৰিবলৈ সকলোৱে চেষ্টা কৰা উচিত ৷

কলিয়াবৰত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ শুভাৰম্ভ

ভাৰতবর্ষৰ পেলুৰ দ্বাৰা আক্রান্ত শিশুৰ স্বাস্থ্যৰ কথা বিবেচনা কৰি বিশ্ব স্বাস্থ্য সংস্থা আৰু ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রণালয়ৰ পৰামর্শ অনুসৰি ফেব্রুৱাৰী মাহৰ ১০ তাৰিখটো ৰাষ্ট্রীয় পেলু নির্মূলকৰণ দিৱস (National Deworming Day) হিচাপে ২০১৫ বর্ষৰ পৰা উদযাপন কৰি অহা হৈছে ৷ ১ বছৰৰ পৰা ১৯ বছৰৰ প্রতিটো শিশুকে পেলুৰ দৰৱ (এলবেণ্ডাজল বড়ি) অংগনবাড়ী কেন্দ্র আৰু চৰকাৰী, বে-চৰকাৰী বিদ্যালয়ত উক্ত দিনটোত সেৱন কৰোৱা হয় ৷

এলবেণ্ডাজল বড়ি সহজতে চুপি খাব পৰা এটা বড়ি ৷ ১ বছৰৰ পৰা ২ বছৰৰ শিশুক এটা বড়ি আধা অংশ আৰু ২ বছৰৰ পৰা ১৯ বছৰীয়া শিশুক এটা সম্পূর্ণ বড়ি প্রদান কৰা হয় ৷ এই বড়িয়ে সামগ্রিকভাৱে মানসিক আৰু শাৰীৰিক বিকাশত সহায় কৰে ৷ ২০ বছৰৰ ওপৰৰ লোকসকলক এটাকৈ বড়ি প্ৰদান কৰা হয় ।

লগতে পঢ়ক :আমগুৰিত আবতৰীয়া দিপাৱলী: ছাত্ৰ একতা সভাৰ নিৰ্বাচনত উৰিল অসম ছাত্ৰ পৰিষদৰ বিজয় নিচান

Last Updated :Sep 30, 2022, 7:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.