Nagaon sahitya sabha golden jubilee: নগাঁও জিলা সাহিত্য সভাৰ সোণালী জয়ন্তীৰ সামৰণি

author img

By

Published : Dec 5, 2022, 10:02 PM IST

Conclusion ceremony of Nagaon sahitya sabha golden jubilee

দেওবাৰে সামৰণি পৰে নগাঁও জিলা সাহিত্য সভাৰ সোণালী জয়ন্তী উৎসৱ (Nagaon sahitya sabha golden jubilee )৷ দেওবাৰে নগাঁও জিলাৰ সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্ধোধন কৰে বিধায়ক ৰূপক শৰ্মাই (Conclusion ceremony of Nagaon sahitya sabha golden jubilee )৷

নগাঁও, 5 ডিচেম্বৰ: বিভিন্ন কাৰ্যসূচীৰে দেওবাৰে সামৰণি পৰে নগাঁও জিলা সাহিত্য সভাৰ সোণালী জয়ন্তী উৎসৱ (Nagaon sahitya sabha golden jubilee )৷ দেওবাৰে নগাঁও জিলাৰ সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্ধোধন কৰে বিধায়ক ৰূপক শৰ্মাই (Conclusion ceremony of Nagaon sahitya sabha golden jubilee )৷

এই মুকলি সভা উদ্ধোধন কৰি বিধায়ক ৰূপক শৰ্মাই (MLA Rupak Sharma) কয় যে অসমীয়া জাতিৰ সংকটৰ সময়ত অসম সাহিত্য সভাই সদায়েই মাত মাতি আহিছে ৷ বৰ্তমান সময়ত নৱপ্ৰজন্মই ডিজিটেল মাধ্যমৰ গ্ৰন্থকে ধৰি বিভিন্ন বিষয়ৰ অধ্যয়ন কৰিবলৈ সুযোগ পাইছে যদিও ছপা গ্ৰন্থৰ গুৰুত্ব বেছি ৷ এখন গ্ৰন্থ হাতত লৈ আমি সকলোৱে আনন্দ অনুভৱ কৰো ৷ গ্ৰন্থৰ বিক্ৰী এতিয়াও আছে ৷ নৱপ্ৰজন্মক কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ সাহিত্য সভাক আহ্বান জনাইছো ৷

সভাত অংশগ্ৰহণ কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই অবিভক্ত নগাঁও জিলাৰ প্ৰাচীন ঐতিহ্য আৰু নগঞা সাহিত্যৰ কাণ্ডাৰীসকলৰ কথা উল্লেখ কৰি কয় যে অসমীয়া সাহিত্যৰ আদি যুগ নগাঁৱতেই হৈছে ৷ নগাঁৱৰ সাহিত্যৰ ইতিহাস বৰ্ণিল ৷

Nagaon sahitya sabha golden jubilee: নগাঁও জিলা সাহিত্য সভাৰ সোণালী জয়ন্তীৰ সামৰণি

এই বিশেষ অনুষ্ঠানত নগাঁও জিলা সাহিত্য সভাৰ পত্ৰিকা উন্মোচন কৰি নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে (MP Pradyut Bordoloi) কয় যে নগাঁও অলেখ সাহিত্য কাণ্ডাৰীৰ জন্মভূমি ৷ এওঁলোকে জাতিটোক নতুন পথৰ সন্ধান দিছিল৷ অসমীয়া ভাষাৰ বিপৰ্যয়ৰ সময়ত নগাঁৱতেই থাকি মাইলছ ব্ৰনছন আৰু আনন্দ ৰাম ঢেকিয়াল ফুকনে অসমীয়া ভাষা পুনৰ উদ্ধাৰৰ বাৱে আহোপুৰুষাৰ্থ কৰিছিল ৷ সাহিত্য কৰ্মৰ চৰিত্ৰ সময়ে সময়ে সলনি হৈ থাকে।

লগতে সাংসদগাৰীকয়ে নগাঁও জিলা সাহিত্য সভাক ডিজিটেল আৰ্কাইভ মুকলি কৰিবৰ বাৱে সাংসদ পুজিৰ পৰা ১০ লাখ টকা অনুদান দিব বুলি সভাত ঘোষণা কৰে ৷ সভাত ভাষণ প্ৰদান কৰি বিশিষ্ট সাহিত্য গৱেষক ড৹ নৰেন কলিতাই (Eminent literary researcher Dr Naren Kalita) কয় যে অসমীয়া এটা চহকী ভাষা এই ভাষাৰ প্ৰতি বিভিন্ন সময়ত প্ৰত্যাহ্বান আহিছে যদিও অসমৰ সমাজ জীৱনে এই প্ৰত্যাহ্বান নেওচি ভাষাটোক জীপাল কৰি ৰাখিছে ৷

এই সভাত সোণালী জয়ন্তী বৰ্ষ উপলক্ষে প্ৰকাশ কৰা স্বৰ্ণস্মৃতি নামৰ স্মৰণিকা উন্মোচন কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে (MLA Jitu Goswami) ৷ এই সভাত ভীস্ম দুৰ্লভ মহন্তৰ "শ্ৰী শ্ৰী মাধৱদেৱৰ বিচিত্ৰ জীৱন আৰু অৱদান" গ্ৰন্থখন উন্মোচন কৰা হয় ৷

জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই আঁত ধৰা সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক মৃনাল কুমাৰ হাজৰিকা , সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপসভাপতি শ্যামন্ত দাস, সাহিত্য সভাৰ বিভিন্ন বিষয়ববীয়া ক্ৰমে ভৱেশ মেধি, আবুল খায়েৰ আহমেদ , উপেন বৰা , শৰৎ শইকীয়া,দেৱেন বৰদলৈ, বিনু লস্কৰ ঠাকুৰীয়া, ত্ৰিদিপ লস্কৰ, বল্লদেৱ শৰ্মা, ময়ুৰ বৰা আৰু মৃগাংক বৰায়ে অংশগ্ৰহণ কৰে ৷

ইফালে সামৰণি অনুষ্ঠানৰ পুৱাৰ ভাগত নগাঁও চহৰত এক আকৰ্ষণীয় শোভাযাত্ৰা উলিওৱা হয় । দেওবাৰে সন্ধ্যা শিক্ষাবিদ বলেন্দ্ৰ নাথ শৰ্মা সাংস্কৃতিক সন্ধ্যাৰে সোনালী জয়ন্তী উৎসৱৰ সামৰণি পৰে ৷

লগতে পঢ়ক: Assam secretariat water supply: অসম সচিবালয়ৰ পানীৰ খৰচ দিব লাগিব জনতাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.