নগাঁৱত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ আমছুৰ

author img

By

Published : Sep 24, 2021, 8:31 PM IST

নগাঁৱত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ আমছুৰ

দৰঙৰ গৰুখুটি কাণ্ডৰ বিৰুদ্ধে নগাঁৱৰ বিভিন্ন প্ৰান্তত আমছুৱে জ্বলালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি । আঞ্চলিকে আঞ্চলিকে প্ৰতিবাদ বিজেপি চৰকাৰৰ বিৰুদ্ধে ।

নগাঁও, 24 ছেপ্তেম্বৰ : দৰঙৰ ছিপাঝাৰ গৰুখুটিত উচ্ছেদক লৈ সৃষ্টি হোৱা লংকাকাণ্ডৰ বিৰুদ্ধে ৰাজ্যজুৰি জাঙুৰ খাই উঠিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু । বৃহস্পতিবাৰে দৰঙৰ গৰুখুটিত উচ্ছেদ অভিযান চলাবলৈ যোৱা আৰক্ষী আৰু বেদখলকাৰীৰ মাজত হোৱা সংঘৰ্ষৰ সময়ত আৰক্ষীৰ গুলীত দুজনকৈ লোকৰ মৃত্যু হোৱা ঘটনাক লৈ শুকুবাৰে প্ৰতিবাদমুখৰ হৈ পৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন ।

নগাঁৱত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ আমছুৰ

গৰুখুটিৰ ঘটনাৰ বিৰুদ্ধে নগাঁৱত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সংখ্যালঘু ছাত্ৰ ইউনিয়নে । নগাঁও জিলা আমছুৰ নিৰ্দেশত জিলাখনৰ প্ৰতিখন আঞ্চলিক সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ । নগাঁৱৰ জুৰীয়া, দগাঁও, আলিটাঙণি, ফুৰহানিআটি, বটদ্ৰৱা আদি বিভিন্ন প্ৰান্তত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংখ্যালঘু ছাত্ৰ সংগঠনটোৱে ।

লগতে পঢ়ক : শিৱসাগৰত পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰুৱাৰ মৃত্যু দিৱস পালন

প্ৰতিবাদী কাৰ্যসূচীত আমছুৰ জিলা সমিতিৰ লগতে আঞ্চলিক সমিতিয়ে দাহ কৰে ৰাজ্যৰ গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ সংখ্যালঘুসকলক টাৰ্গেট কৰি লয় বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে আমছু নেতা মোশ্বৰফ কবিৰে ।

বৃহস্পতিবাৰে দৰঙত সংঘটিত হোৱা ঘটনাক তীব্ৰ নিন্দা কৰি ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনায় আমছু নেতাগৰাকীয়ে । লগতে বৃহস্পতিবাৰে আৰক্ষীৰ গুলীত নিহত লোকৰ পৰিয়ালক দহ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ লগতে আহতসকলক পাঁচ লাখকৈ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ দাবী উত্থাপন কৰে ছাত্ৰ সংগঠনটোৱে । ইপিনে দৰঙত চলোৱা উচ্ছেদ বে আইনী বুলিও দাবী কৰি উচ্ছেদ কৰাৰ পূৰ্বে উক্ত স্থানত থকা লোকসকলৰ সংস্থাপনৰ দাবী জনায় সংগঠনটোৱে ।

লগতে পঢ়ক : আজিও উপেক্ষিত স্বাধীনতা আন্দোলনৰ শ্বহীদ পিয়লি-জিউৰাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.