Bihu Dance Workshop: কলিয়াবৰত বিহু নাচৰ কৰ্মশালা আৰম্ভ
Published: Mar 19, 2023, 5:10 PM


Bihu Dance Workshop: কলিয়াবৰত বিহু নাচৰ কৰ্মশালা আৰম্ভ
Published: Mar 19, 2023, 5:10 PM
কলিয়াবৰত ৰঙালী বিহুক আদৰিবলৈ বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা আৰম্ভ (Bihu Dance Workshop in Kaliabor)। ৯ দিনীয়াকৈ আয়োজিত বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰ আৰম্ভণী অনুষ্ঠানত উপস্থিত থাকে কলিয়াবৰ মহকুমাৰ নিৰ্বাচনী বিষয়াৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্য়ক্তি ।
কলিয়াবৰ, ১৯ মাৰ্চ: বসন্তৰ আগমনৰ লগে লগে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ হেঁপাহৰ ৰঙালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি । ৰাজ্য়ৰ বিভিন্ন ঠাইত সাজু হৈছে কণমানিৰ পৰা বৃদ্ধলৈকে সকলোৱে । হেঁপাহৰ ৰঙালীক আদৰিবলৈ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰ । আন প্ৰান্তৰ লগতে কলিয়াবৰতো বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে (Bihu Dance Workshop in Kaliabor)।
বসন্তৰ পৰশ আৰু প্ৰকৃতিৰ মনোমোহা প্ৰতিশ্ৰুতিৰে চেনেহীৰ উগুল-থুগুল মনত অসমী আইৰ বুকুত উৎসৱৰ মধুৰ আলোড়ন তুলি জাতিটোৰ স্বাভিমানক গৰ্বিত কৰি মহাসমন্বয়ৰ গীত জুৰিবলৈ সাজু হেঁপাহৰ বহাগ (Drum playing workshop in Kaliabor)। বহাগৰ ৰঙালী উৎসৱৰ আগমনৰ বাতৰিত উৎফুল্লিত ৰাজ্যবাসী । তাহানিৰ বিহুয়ে জিৰণি লোৱা কলিয়াবৰো পিছ পৰি থকা নাই । কোনো গায়ক-গায়িকাক শকত মাননি দি বিহু অনুষ্ঠান আয়োজন কৰিলে আমাৰ নতুন প্ৰজন্ম উপকৃত নহয়, বিহু সংস্কৃতিও জীয়াই নাথাকে । বিহু সংস্কৃতি জীয়াই ৰাখিবলৈ হাতে-কামে কৰিব লাগিব ।
বিহু সংস্কৃতিৰ ঐতিহ্য পৰম্পৰা ৰক্ষাৰ উদ্দেশ্যে শনিবাৰৰ পৰা পশ্চিম কলিয়াবৰ সাংস্কৃতিক মঞ্চ আৰু পূবেৰুণৰ যৌথ উদ্যোগত ৯ দিনীয়াকৈ কলিয়াবৰৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰ আয়োজন কৰা হয় । ইয়াত অভিজ্ঞ ঢুলীয়া-বিহুৱা-নাচনী প্ৰশিক্ষকে বিহু নাচৰ লগতে ঢোল বাদনৰ কলাৰ প্ৰশিক্ষণ দিছে । পশ্চিম কলিয়াবৰ ক্ৰীড়া সন্থাৰ (West Kaliabar Sports Association) খেলপথাৰত সমাজকৰ্মী মণিমাধৱ মহন্তই আনুষ্ঠানিকভাৱে শুভাৰম্ভণী ঘটোৱা ৯ দিনীয়া বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰ আৰম্ভণী অনুষ্ঠানত উপস্থিত থাকে কলিয়াবৰ মহকুমাৰ নিৰ্বাচনী বিষয়া ড৹ ভূপালী কাশ্যপ, নগাঁও জিলা তথা কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ বিষয়ববীয়া, কলিয়াবৰ প্ৰেছ ক্লাৱৰ বিষয়ববীয়া, সাংস্কৃতিক কৰ্মী-শিল্পী আদি । বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাত অসমৰ এক জনপ্ৰিয় বিহু নাচৰ দল জখলাবন্ধাৰ ফ্ৰেণ্ডশ্বিপ ক্লাৱৰ বিহু কুশলীসকলে প্ৰশিক্ষণ প্ৰদান কৰিব (Friendship Club of Jakhalabandha)।
