এইবাৰ বিতৰ্কৰ মাজত বটদ্ৰৱা থান !

author img

By

Published : Sep 22, 2022, 4:11 PM IST

Batadrwa Than

বটদ্ৰৱা থান পৰিচালনা সমিতিৰ ৫ সদস্যক বহিষ্কাৰ (batadrava than committee members expelled)। বিত্তীয় কেলংকাৰী আৰু সত্ৰাধিকাৰক অভব্য আচৰণ কৰাৰ অভিযোগ বহিষ্কৃত সদস্যৰ বিৰুদ্ধে । ঘটনাক লৈ উদ্বিগ্ন ভক্তপ্ৰাণ ৰাইজ ।

নগাঁও, ২২ ছেপ্টেম্বৰ : গোলাঘাটৰ আঠখেলীয়া নামঘৰৰ বিতৰ্ক (Athkheliya Namghar controversy) চলি থকাৰ মাজতে নগাঁৱৰ বটদ্ৰৱা থানতো অব্যাহত আছে এক বিতৰ্ক (Batadrava Than controversy)। বিত্তীয় কেলেংকাৰী আৰু সত্ৰাধিকাৰক ভাবুকি প্ৰদানৰ এক অভিযোগ উঠিছে পৰিচালনা সমিতিৰ কেইগৰাকীমান কাৰ্যনিৰ্বাহকৰ বিৰুদ্ধে (Financial scam in Batadrava Than)। কেৱল অভিযোগে নহয় ৫ গৰাকী কাৰ্যনিৰ্বাহক সদস্যক ইতিমধ্যে বহিষ্কাৰ কৰিছে পৰিচালনা সমিতিয়ে (5 members of Batadrwa Than managing committee expelled)।

বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে । সমগ্ৰ বিষয়টোক লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানত এক ৰহস্যজনক পৰিৱেশে বিৰাজ কৰিছে লগতে পৰিচালনা সমিতিৰ ভিতৰচ'ৰাত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে । পৰিচালনা সমিতিৰ প্ৰতিনিধিয়ে জনোৱা মতে তুৱাৰাম বৰুৱা, পৰাণ বৰুৱা, মনেশ্বৰ কলিতা, মহেন্দ্ৰ বৰুৱা আৰু প্ৰভাত বৰাক থানৰ বিত্তীয় অনিয়মৰ ক্ষেত্ৰত নাম সাঙুৰ খাই পৰাৰ বাবে আজীৱন সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে (Batadrava than managing committee members expelled) ৷

এইবাৰ বিতৰ্কৰ মাজত বটদ্ৰৱা থান

উল্লেখ্য যে যোৱা আগষ্ট মাহত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উপ-সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীক পৰিচালনা সমিতিৰ কেইগৰাকীমান ব্যক্তিয়ে অভব্য আচৰণ কৰা আৰু গুৱাহাটীত থান পৰিচালনা সমিতিৰ কাৰ্যালয় নিৰ্মাণত বিত্তীয় অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছিল ।

সেই সন্দৰ্ভত থান পৰিচালনা সমিতিয়ে এখন তদন্ত সমিতি গঠন কৰি বিষয়টো তদন্তৰ বাবে আহ্বান জনোৱা হৈছে । সমিতিৰ তদন্তত প্ৰায় ৪ লাখ টকাৰ এই কেলেংকাৰীৰ কথা পোহৰলৈ আহিছিল ৷ যাৰ বাবে থান পৰিচালনা সমিতিয়ে অভিযুক্ত সদস্য কেইজনক বহিস্কাৰ কৰে ৷ ইফালে থানৰ বিত্তীয় অনিয়ম আৰু নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীক এজন অভিযুক্তই কৰা অভব্য আচৰণ সন্দৰ্ভত সমিতিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :"উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে বিজেপি চৰকাৰৰ প্ৰয়োজন আছে"-কিৰেণ ৰিজিজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.