ETV Bharat / state

কৰ'ণাৰ ঔষধঃ নগাঁৱৰ মহিলাৰ অদ্ভুত দাবী

কৰ'ণাৰ ঔষধ সম্পৰ্কত নগাঁৱৰ এগৰাকী মহিলাই কৰিছে অদ্ভুত দাবী ৷

at last COVID 19 vaccine has been invented at nagaon
কৰ'ণাৰ ঔষধঃ নগাঁৱৰ মহিলাৰ অদ্ভুত দাবী
author img

By

Published : May 29, 2020 at 9:08 PM IST

|

Updated : June 5, 2020 at 5:38 PM IST

Choose ETV Bharat

নগাঁও, 29 মে': আৱিষ্কাৰ হ'ল কৰ'ণা মহামাৰীৰ প্ৰতিষেধক ৷ এই প্ৰতিষেধক আমেৰিকা,লণ্ডনত নহয় আৱিষ্কাৰ হোৱা নাই,আৱিষ্কাৰ হৈছে এইখন অসমৰে নগাঁও জিলাত ৷ এই দাবী কৰিছে নগাঁৱৰ এগৰাকী মহিলাই ৷ জানিব পৰা মতে,নগাঁৱৰ বেবেজিয়া ঘাঁহি অঞ্চলৰ দিপালি বণিয়া নামৰ মহিলাগৰাকীয়ে কেইদিনমান পূৰ্বে সপোনত দেখিছিল কৰ'ণা প্ৰতিৰোধী ঔষধ আৱিষ্কাৰৰ পদ্ধতি । সপোনত দেখাৰ পিছতেই মহিলাগৰাকীয়ে অৱগত কৰে প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগক।আনকি ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাকো অৱগত কৰিছিল মহিলাগৰাকীয়ে ৷ সকলোৰে আশ্বাস চিকিৎসকৰ সৈতে এই সন্দৰ্ভত কৰা হ'ব আলোচনা ৷ সেইমৰ্মেই আজি মহিলাগৰাকীৰ বাসগৃহত উপস্থিত হয় আয়ুৰ্বেদিক চিকিৎসকৰ দুজনীয়া এটা দল।। ডঃ ইন্দ্ৰমোহন শৰ্মা আৰু ডঃ নৱজ্যোতি দাস নামৰ চিকিৎসক দুজন উপস্থিত হৈ বনৌষধ বিধ কেনেকৈ বনোৱা হৈছে সেই সন্দৰ্ভত আলোচনা কৰে মহিলাগৰাকীৰ সৈতে ।

কৰ'ণাৰ ঔষধঃ নগাঁৱৰ মহিলাৰ অদ্ভুত দাবী

ইফালে মহিলাগৰাকীৰ ঘৰত উপস্থিত হোৱা আয়ুৰ্বেদিক চিকিৎসকৰ দলটোৱে সাংবাদিকৰ আগত জনায় যে,সপোনত দেখা এই প্ৰাকৃতিক বনৌষধিৰে কৰ'ণা প্ৰতিৰোধ নহ'লেও শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰিব পৰাৰ সম্ভাৱনা থাকিব পাৰে ৷ লগতে মহিলাগৰাকীয়ে আৱিষ্কাৰ কৰা ঔষধবিধ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ কথাও জনালে চিকিৎসকৰ দলটোৱে ৷

কৰ'ণাৰ ঔষধঃ নগাঁৱৰ মহিলাৰ অদ্ভুত দাবী

কিন্তু প্ৰশ্ন হয়,বিজ্ঞান-প্ৰযুক্তিৰ এই যুগত সপোনত দেখা ঔষধক লৈ আয়ুৰ্বেদিক চিকিৎসকৰ দলটো ব্যস্ত হৈ থকাটো কিমান যুক্তিপূৰ্ণ ? সম্ভৱ হ'বনে সপোনত দেখা এই ঔষধেৰে কৰ'ণা প্ৰতিৰোধ কৰিবলৈ ? যি সময়ত বিশ্বৰ বহু আগশাৰীৰ বিজ্ঞানী ব্যৰ্থ হৈছে কৰ'ণা নিৰাময়ৰ ঔষধ আৱিষ্কাৰত তেনে সময়ত সপোনত দেখি ঔষধ আৱিষ্কাৰ কৰাটো কেনেকৈ সম্ভৱ সেয়াও এই সময়ৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন।

লগতে পঢ়কঃ লাজ নহয়,নগাঁৱত হাতে-কামে দেখুৱালে অসমীয়াগিৰী

Last Updated : June 5, 2020 at 5:38 PM IST