পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনাৰে ভৰপুৰ কলিয়াবৰ

author img

By

Published : Sep 27, 2021, 6:10 PM IST

assams-kaliabor-holds-lots-of-possibilities-of-becoming-tourist-destination

পৰ্যটনৰ বিশাল ক্ষেত্ৰখনত প্ৰচুৰ প্ৰাকৃতিক, ঐতিহাসিক সমলৰে ঐশ্বৰ্যশালী নগাঁও জিলাৰ কলিয়াবৰ ৷ কলিয়াবৰখন ঐশ্বৰ্যশালী যদিও ইয়াৰ প্ৰকৃত মূল্যায়ন এই পৰ্যন্ত নোহোৱাত কলিয়াবৰখন এতিয়াও পৰ্যটন ক্ষেত্ৰখনত অনাদৃত হৈ আছে ৷ সংশ্লিষ্ট বিভাগে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিলে অসম পৰ্যটন ক্ষেত্ৰলৈ হয়তো অনবদ্য অৱদান আগবঢ়াব কলিয়াবৰে !

কলিয়াবৰ, 27 ছেপ্তেম্বৰ : 1980 চনৰ পৰা ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে 27 চেপ্তেম্বৰ দিনটো বিশ্ব পৰ্যটন দিৱস হিচাপে পালন কৰি আহিছে ৷ বিশ্ব পৰ্যটন দিৱসৰ মূল উদ্দেশ্য হৈছে আন্তৰ্জাতিক সম্প্ৰদায়ৰ মাজত সু-সমন্বয়ৰ জৰিয়তে পৰ্যটনৰ গুৰুত্ব আৰু ভূমিকাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা ৷ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশত পৰ্যটনে আনিব পৰা অপৰিসীম পৰিৱৰ্তন আৰু প্ৰভাৱেই এই দিৱসৰ মূল তাৎপৰ্য ৷ 1970 চনৰ 27 চেপ্তেম্বৰত বিশ্ব পৰ্যটন সংস্থাই পৰ্যটন পৰিনিয়ম গ্ৰহণ কৰিছিল ৷

পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনাৰে ভৰপুৰ কলিয়াবৰ

1997 চনৰ পৰা প্ৰতি বছৰে একোটা নতুন বিষয়-বস্তু (থিম) লৈ বিশ্ব পৰ্যটন দিৱস উদযাপন কৰি আহিছে ৷ বিশ্বৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি এই থিম যুগুত কৰা হয় ৷ এই দিৱসৰ প্ৰধান উদ্দেশ্য হৈছে আন্তজাৰ্তিক সম্প্ৰদায় আৰু পৰ্যটন কেন্দ্ৰৰ লগত সেঁতুবন্ধন গঢ়ি তোলা ৷ তদুপৰি পৰ্যটনৰ ভূমিকা সম্পৰ্কে জনসচেতনতা বৃদ্ধি কৰাৰ লগতে সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক উপযোগিতাক বিশ্বব্যাপী প্ৰচাৰ কৰা এই দিৱসৰ অন্যতম উদ্দেশ্য ৷

লগতে পঢ়ক : বিশ্ব পৰ্যটন দিৱস 2021

পৰ্যটনৰ বিশাল ক্ষেত্ৰখনত প্ৰচুৰ প্ৰাকৃতিক, ঐতিহাসিক সমলৰে কলিয়াবৰখন ঐশ্বৰ্যশালী যদিও ইয়াৰ প্ৰকৃত মূল্যায়ন এই পৰ্যন্ত নোহোৱাত কলিয়াবৰখন এতিয়াও পৰ্যটন ক্ষেত্ৰখনত অনাদৃত হৈ আছে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক বিস্তৃত অঞ্চল কলিয়াবৰ মহকুমাৰ অন্তৰ্গত যদিও জীৱকূলৰে পৰিপূৰ্ণ বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলৰ সৌন্দৰ্য এতিয়াও দেশী-বিদেশী পৰ্যটকে উপভোগ কৰাৰ সৌভাগ্যৰ পৰা বঞ্চিত হৈ আছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলিলে কেৱল কঁহৰাতেই সীমাবদ্ধ হৈ থকাতো কলিয়াবৰৰ কাৰণেই দুখৰ কথা ৷ অৱশ্যে এইক্ষেত্ৰত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ কঁহৰাকেন্দ্ৰিক চিন্তাৰ পৰা কিছু মুক্ত হোৱা দেখা গৈছে ৷

কলিয়াবৰ মহকুমাৰ বাগৰি বনাঞ্চলৰ পাছতে বুঢ়াপাহাৰ বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰাৰ পৰৱৰ্তী সময়ত যোৱা বৰ্ষত পৰীক্ষামূলকভাবে নতুনকৈ সংযোগ কৰা বান্দৰডুবি বনাঞ্চল পৰ্যটকৰ বাবে পৰীক্ষামূলকভাৱে মুকলি কৰি দিছিল ৷ এই মাহতে বান্দৰডুবিত এটা আঞ্চলিক কাৰ্যালয়ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষই স্থাপন কৰাত কাজিৰঙা পৰ্যটনে আন এক প্ৰসাৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷

কলিয়াবৰৰ মাজেদিয়েই বিশ্ব ঐতিহাসিক ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিবলৈ দেশী-বিদেশী পৰ্যটক আহে যদিও অপৰ্যাপ্ত আহোম যুগীয়া তথা সাংস্কৃতিক সমলৰে চহকী ঠাইখনে উপযুক্ত আন্তঃগাঁঠনিৰ অভাৱৰ ফলত গুৰুত্বহীন হৈ আছে ৷ ঐতিহ্যমণ্ডিত কলিয়াবৰখন কেৱল সাংস্কৃতিক, স্থাপত্যৰ ক্ষেত্ৰতেই অগ্ৰণী নহয় ৷ কলিয়াবৰত আছে অনন্য প্ৰাকৃতিক শোভা ৷ জৈৱ বৈচিত্ৰ আৰু নৈসৰ্গিক শোভাৰ চিৰযৌৱনা সেউজ ক্ষেত্ৰ কলিয়াবৰত আছে পৰ্যটনৰ অলেখ সমল ৷

লগতে পঢ়ক : গৰুখুটি কাণ্ডৰ সৈতে জড়িত দুজনক আটক

এই কলিয়াবৰক পৰিৱেশ কেন্দ্ৰিক আৰু ধৰ্মীয় পৰ্যটন ক্ষেত্ৰ ৰূপে গঢ়ি তুলিবলৈ অসম চৰকাৰে লৈছিল অভিলাষী আঁচনি ৷ পৰ্যটনৰ সমল হিচাপে সিঁচৰিত হৈ থকা শিলঘাটৰ কামাখ্যা মন্দিৰ, ত্ৰিশূলধাৰী মন্দিৰ, দুইমুনি শিলা, বৃটিছৰ আমোলৰ খাৰঘৰ, বৰটোপ, হাতীমূৰাৰ দুৰ্গা মন্দিৰ, ভৰালী নামঘৰ, নৃসিংহ দেৱালয়, মিছাকোঠ, চামধৰা গড়,পৰিভ্ৰমী আৰু দেশী চৰাইৰ বিচৰণস্থলী আৰু জয়সাগৰ দলনিক সামৰি ল'ব পৰ্যটনৰ মানচিত্ৰই ৷

শিলঘাটৰ মহাবাহুত নাওচালনা, হাটবৰত স্থাপন হ'ব লগা তাৰকা গৃহ আৰু বিজ্ঞান উদ্যান, কঠালগুৰিৰ নীলা পানীৰ হ্ৰদ, লুংচুঙৰ হদ-হদী জলপ্ৰপাত, হাতীমূৰাৰ প্ৰস্তাৱিত প্ৰত্নতাত্বিক উদ্যান, কুঠৰীৰ ড৹ ভূপেন হাজৰিকা সাংস্কৃতিক প্ৰকল্প হ'ব পৰ্যটকৰ আকৰ্ষণৰ স্থলী ৷ আঁচনিখনৰ মতে, প্ৰাকৃতিক আৰু ঐতিহাসিক সমল-প্ৰাচুৰ্যৰে ভৰি থকা কলিয়াবৰ হৈ পৰিব পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷

লগতে পঢ়ক : চৰাইদেউৰ সাপেখাতীত মহিলা ভাওনাৰ প্ৰস্তুতি তুংগত

কলিয়াবৰৰ বৰ্তমানৰ বিধায়ক আৰু মন্ত্ৰী তথা তদানীন্তন সাংস্কৃতিক বিভাগৰ প্ৰত্নতত্ব বিভাগৰ বিশেষ দায়িত্বত থকা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ প্ৰচেষ্টাত কলিয়াবৰে দেশৰ পৰ্যটন মানচিত্ৰত স্থান লাভৰ দুৱাৰ-দলিত স্থান দিয়াৰ ক্ষেত্ৰত আগ-ভাগ লৈছিল ৷ 2019 বৰ্ষৰ 16 মাৰ্চত মহকুমা প্ৰশাসনৰ উদ্যোগত কলিয়াবৰৰ পৰ্যটন উন্নয়নৰ সম্ভাৱনীয়তাৰ ওপৰত কেইবালানি কৰ্মশালা-আলোচনা কৰা হৈছিল ৷

কিন্তু যোৱা দুটা বৰ্ষত ক'ভিডকালীন পৰিৱেশে কলিয়াবৰৰ পৰ্যটনক আগুৱাই নিয়াৰ কাৰ্যপন্থাৰ বাটত হেঙাৰ ৰূপে ঠিয় দিয়ে ৷ কলিয়াবৰৰ বৰ্তমানৰ বিধায়ক আৰু মন্ত্ৰী তথা তদানীন্তন সাংস্কৃতিক বিভাগৰ প্ৰত্নতত্ব বিভাগৰ বিশেষ দায়িত্বত থকা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ প্ৰচেষ্টাত কলিয়াবৰে দেশৰ পৰ্যটন মানচিত্ৰত স্থান লাভৰ দুৱাৰ-দলিত স্থান দিয়াৰ ক্ষেত্ৰত আগ-ভাগ লৈছিল ৷

লগতে পঢ়ক : অৰুণাচল প্ৰদেশৰ ছয় সীমান্তৱৰ্তী ALG ত যাত্ৰীবাহী ঘৰুৱা বিমান সংযোগৰ চুক্তি স্বাক্ষৰ

2019 বৰ্ষৰ 16 মাৰ্চত মহকুমা প্ৰশাসনৰ উদ্যোগত কলিয়াবৰৰ পৰ্যটন উন্নয়নৰ সম্ভাৱনীয়তাৰ ওপৰত কেইবালানি কৰ্মশালা-আলোচনা কৰা হৈছিল ৷ কিন্তু যোৱা দুটা বৰ্ষত ক'ভিডকালীন পৰিৱেশে কলিয়াবৰৰ পৰ্যটনক আগুৱাই নিয়াৰ কাৰ্যপন্থাৰ বাটত হেঙাৰ ৰূপে ঠিয় দিয়ে ৷ অৱশ্যে তাৰ মাজতে আৰম্ভ হয় নদী পৰ্য‍টন ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰত্যক্ষ সহযোগত কলিয়াবৰ মহকুমা প্ৰশাসনে যোৱা বৰ্ষত ব্ৰহ্মপুত্ৰ নদীৰ বিশাল বুকুত আৰম্ভ কৰা নদী পৰ্য‍টনে পৰ্যটকক বিশেষভাৱে আকৰ্ষণ কৰে ৷ পৰ্য‍টকৰ বাবে সাজু থকা স্পীড ব'টৰ জৰিয়তে দেশী-বিদেশী পৰ্য‍টকে কলিয়াভোমোৰা দলঙৰ পৰা শিলঘাট পৰ্যন্ত ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা বিহাৰৰ আনন্দ লাভ কৰে ৷ লগতে, কলিয়াবৰ মহকুমাৰ অন্তৰ্গত লাওখোৱা অভয়াৰণ্য আৰু বুঢ়াপাহাৰ অভয়াৰণ্যলৈও ক'ভিডৰ মাজতে পূৰ্বতকৈ অধিক পৰ্যটকৰ আগমণ ঘটে ৷

লগতে পঢ়ক : গো-মাংস সৰবৰাহ কৰি ৰঙাঘৰত মহিলা

এইক্ষেত্ৰত কলিয়াবৰৰ তদানীন্তন ভাৰপ্ৰাপ্ত মহকুমাধিপতি বিতোপন নেওগৰ কাৰ্য-কুশলতা শলাগনীয় আছিল ৷ সত্ৰৰ আৰু সাংস্কৃতিৰ নামঘৰেৰে পৰিবেষ্টিত কলিয়াবৰৰ সাংস্কৃতিক পথাৰখনে অসমৰ ইতিহাসত এক বিশেষ স্থান গ্ৰহণ কৰি আহিছে ৷ সেয়ে, কলিয়াবৰখন সাংস্কৃতিক পৰ্যটনৰো বিশাল সম্ভাৰেৰে পৰিপূৰ্ণ এখন চহকী স্থানৰূপে চিহ্নিত হৈছে ৷ বিশেষকৈ ছ-অৰা এখন সত্ৰৰে পৰিবেষ্টিত কলিয়াবৰ অসমৰ সত্ৰীয়া সংস্কৃতিৰ অন্যতম বৰঘৰ ৷

সত্ৰসমূহত থকা আপুৰুগীয়া সমল, সত্ৰীয়া সাংস্কৃতিক কলা-গীত-নৃত্য-ভাওনা সাংস্কৃতিক পৰ্যটনৰ অন্যতম কেন্দ্ৰবিন্দু হ'ব পাৰে ৷ পবিত্ৰ ভাদ মাহ, বিভিন্ন সময়ত প্ৰদৰ্শিত গুৰুদুজনাৰ অংকীয়া ভাওনা, শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা, ফল্গুৎসৱ কলিয়াবৰৰ বিভিন্ন স্থানৰ সত্ৰ তথা নামঘৰসমূহত ধৰ্মীয় নীতি-নিয়মৰে পালন কৰা হয় ৷ সম্পূৰ্ণ সত্ৰীয়া শৈলীৰে উদযাপন কৰা ৰাস উৎসৱ মাজুলীতকৈ কোনো গুণে কম নহয় ৷ মাত্ৰ সঠিক পৰিকল্পনাৰে এই ৰাস উৎসৱক প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ বাবে সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজন ৷

লগতে পঢ়ক : নগাঁৱত অৰ্ধ শতাধিক বন্ধ সমর্থকক আটক আৰক্ষীৰ

আনহাতে, কলিয়াবৰৰ বিভিন্ন অঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীসমূহ যেনে-চাহ জনগোষ্ঠী, বড়ো, কাৰ্বি, নেপালী জাতি-জনগোষ্ঠীৰো বিভিন্ন সাংস্কৃতিক সম্পদসমহো পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ সক্ষম ৷ বৰ্তমান সময়ত অসমৰ চাহ পৰ্য‍টন আৰু কৃষি পৰ্য‍টনো পৰ্য‍টকৰ তালিকাত সংযোগ কৰিব পৰাকৈ সাজু আছে ৷ চাহপাত চিঙাৰ পৰা চাহ প্ৰস্তুত প্ৰণালী কেৱল পৰ্যটকেই নহয়, ই সকলোকে আকৰ্ষণ কৰে ৷ গতিকে কলিয়াবৰত থকা চাহ বাগিচাসমূহো পৰ্যটনস্থলী হোৱাৰ সম্পূৰ্ণ সম্ভাৱনীয়তা আছে ৷

অসমৰ কৃষি কাৰ্যৰ ভূঁই ৰোৱা আৰু খেতি চপোৱা উভয় প্ৰণালী অতি আকৰ্ষণীয় ৷ এই আকৰ্ষণীয় কৃষি পদ্ধতিয়েও পৰ্যটকক নিশ্চয়কৈ আকৰ্ষণ কৰিব বুলি আশা কৰিব পাৰি ৷ তাৰ বাবে লাগে সমূহীয়া প্ৰচেষ্টা ৷ কিয়নো পৰ্যটকক আকৰ্ষণ কৰিবলৈ লাগিব এটা সুদৃহ আন্তঃগাঁঠনি ৷ প্ৰচাৰ প্ৰসাৰৰ লগতে যাতায়ত ব্যৱস্থা, থকা-খোৱাৰ সু-ব্যৱস্থা, পৰ্যটকক স্থানসমূহ দৰ্শন কৰাৰ সময়ত দক্ষ টুৰিষ্ট গাইড ৷ এইসকলোবোৰ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত চৰকাৰৰ পৰ্যটন বিভাগটোৱে ল'ব লাগিব বিশেষ আঁচনি ৷

অৱশ্যে কেৱল চৰকাৰী যন্ত্ৰৰ দ্বাৰাই এনে আঁচনিৰ সফলতা সম্ভৱ নহয় ৷ এই পদক্ষেপত স্থানীয় ৰাইজ বিশেষকৈ শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰো সহযোগিতাৰ প্ৰয়োজন হ'ব ৷ এই ক্ষেত্ৰত কলিয়াবৰ মহাবিদ্যালয় বৃত্তিমুখী স্নাতক পাঠ্যক্ৰমত পৰ্যটন আৰু সেৱা উদ্যোগক অন্তৰ্ভুক্ত কৰা হৈছে ৷ যি কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰখনলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব বুলি আশা কৰিব পাৰি ৷

লগতে পঢ়ক : গৰুখুঁটি ৰক্তাক্ত কৰাৰ আঁৰত কোন তিনিটা সংগঠন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.