কলিয়াবৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Sep 22, 2021, 12:15 PM IST

asom-jatiyatabadi-yuba-chatra-parishad-protest-at-kaliabor

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে মঙলবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে গোগামুখৰ গেৰুকামুখ পথত সৰ্বাত্মক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

কলিয়াবৰ, 22 ছেপ্টেম্বৰ : সমগ্ৰ অসমৰ লগতে কলিয়াবৰতো মঙলবাৰে নিশা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ছাত্ৰ সংগঠনটোৰ আটক কৰি ৰখা নেতা-সদস্যৰ মুক্তিৰ দাবীত কলিয়াবৰৰ নলতলিত এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ কলিয়াবৰ জিলা সমিতিয়ে । প্ৰতিবাদকাৰীসকলে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

উল্লেখ্য যে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প(NHPC)লৈ নিৰ্মাণ সামগ্ৰী কঢ়িয়াই অনা মালবাহী ট্ৰাকসমূহক বাধা প্ৰদান কৰিছিল । ইয়াৰ লগতে NHPC বান্ধ নিৰ্মাণৰ কাম বন্ধ কৰাৰ দাবীত মঙলবাৰে গোগামুখৰ গেৰুকামুখ পথত সৰ্বাত্মক প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ ফলস্বৰূপে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ পলাশ চাংমাই, ৰাণা প্ৰতাপ বৰুৱাৰ লগতে শতাধিক লোকক আৰক্ষীয়ে আটক কৰে ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সদস্যক আটক কৰাৰ প্ৰতিবাদত সমগ্ৰ অসমৰ লগতে কলিয়াবৰতো মঙলবাৰে নিশা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি অনতিপলমে কৰায়ত্ত কৰা সদস্যসকলক মোকলাই দিয়াৰ দাবী জনায় ৷

লগতে পঢ়ক : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে গোগামুখত AJYCP ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.