নগাঁৱত অমৰুত আঁচনিৰ অধীনত 240 কোটি টকীয়া পানী যোগান প্ৰকল্পৰ শুভাৰম্ভ
Published: Nov 20, 2023, 1:12 PM

নগাঁৱত অমৰুত আঁচনিৰ অধীনত 240 কোটি টকীয়া পানী যোগান প্ৰকল্পৰ শুভাৰম্ভ
Published: Nov 20, 2023, 1:12 PM
অসম চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে অটল পুনৰুজ্জীৱিতকৰণ আৰু নগৰাঞ্চলৰ ৰূপান্তৰকৰণ অভিযান (অমৰুট) আৰু অসম চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনত নগাঁও পৌৰসভাৰ অন্তৰ্গত নগাঁৱত নগাঁও পানী যোগান প্ৰকল্পটো আংশিক কাৰ্যকৰণৰ শুভাৰম্ভ কৰে । নগাঁও সদৰ বিধান সভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰ বিধান সভা সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ লগতে বহু কৰ্ম-কৰ্তা উপস্থিত থাকে উক্ত অনুষ্ঠানটো ৷
নগাঁও, 20 নৱেম্বৰ: নগাঁও চহৰত অমৰুত আঁচনিৰ অধীনত 240 কোটি টকীয়া আঁচনিৰ প্ৰথম পৰ্যায়ৰ শুভাৰম্ভ হয় দেওবাৰৰ পৰা । অসম চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে অটল পুনৰুজ্জীৱিতকৰণ আৰু নগৰাঞ্চলৰ ৰূপান্তৰকৰণ অভিযান (অমৰুট) আৰু অসম চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনত নগাঁও পৌৰসভাৰ অন্তৰ্গত নগাঁৱত নগাঁও পানী যোগান প্ৰকল্পটো আংশিক কাৰ্যকৰণৰ শুভাৰম্ভ কৰে । উদ্বোধনী কাৰ্যসূচীৰ পিছত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী অশোক সিংহলে ৰাজ্য আৰু ইয়াৰ জিলাসমূহক উন্নত কৰি তোলাৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰৰ নিষ্ঠা আৰু প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে ।
সিংহলে নগাঁৱৰ ৰাইজে এতিয়া বিশুদ্ধ পানী লাভ কৰিব বুলি উল্লেখ কৰাৰ লগতে নগাঁও আৰু গুৱাহাটীৰ মাজত এখন স্মাৰ্ট চিটি সৃষ্টি হোৱাৰ লগতে নগাঁও পৌৰসভাক নিগমৰ মৰ্যাদালৈ উন্নীতকৰণকে ধৰি নগাঁও আৰু ইয়াৰ জনসাধাৰণৰ বাবে চৰকাৰে প্ৰস্তুত কৰা বহুতো ভৱিষ্যত প্ৰকল্প আৰু পৰিকল্পনাৰ কথাও উল্লেখ কৰে । আগন্তুক ফেব্ৰুৱাৰী মাহৰ ভিতৰত সমগ্ৰ পানী যোগান প্ৰকল্পটো সাজু কৰি নগাঁৱৰ ৰাইজৰ সেৱাত অৰ্পণ কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰে । এই বৈঠকত অসমত অমৰুট অভিযানৰ সন্দৰ্ভত এখন তথ্যচিত্ৰও প্ৰদৰ্শিত হয় ।
ইয়াৰোপৰি, গুৱাহাটীৰ বিশুদ্ধ খোৱা পানী সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ কথাও সংবাদ মাধ্যমৰ সমুখত কয় মন্ত্ৰী অশোক সিংহলে । উল্লেখযোগ্য যে 238.33 কোটি টকা ব্যয় সাপেক্ষ নগাঁও পানী যোগান প্ৰকল্পটোক 18,442 টা পৰিয়ালক সামৰি লোৱাৰ লক্ষ্যৰে 6 টা মণ্ডলত বিভক্ত কৰা হৈছে ।
