Protest Against Panchayat Corruption : কামপুৰৰ প্ৰমীলা পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ, স্থানীয় ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Aug 5, 2022, 4:40 PM IST

Kampur

নগাঁও জিলাৰ ৰহা উন্নয়ন খণ্ডৰ অন্তৰ্গত (Raha Development Block in Nagaon District) প্ৰমীলা পঞ্চায়তৰ বিৰুদ্ধে উঠিছে দুৰ্নীতিৰ অভিযোগ (Allegation of corruption against Pramila Panchayat)।

বঢ়মপুৰ, ৫ আগষ্ট : নগাঁও জিলাৰ ৰহা উন্নয়ন খণ্ডৰ অন্তৰ্গত (Raha Development Block in Nagaon District) প্ৰমীলা পঞ্চায়তৰ বিৰুদ্ধে উঠিছে দুৰ্নীতিৰ অভিযোগ (Allegation of corruption against Pramila Panchayat)।

পঞ্চায়তৰ সভাপতিৰ লগতে একাংশ ৱাৰ্ড মেম্বাৰে চৰকাৰী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত অনিয়ম সংঘটিত কৰাৰ অভিযোগ ৰাইজৰ (Panchayat president and ward members alleged corruption) ।

কামপুৰৰ প্ৰমীলা পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ, স্থানীয় ৰাইজৰ প্ৰতিবাদ

উক্ত অনিয়মৰ অভিযোগ তুলি পুঠিমাৰীত স্থানীয় ৰাইজে এক সভা অনুষ্ঠিত কৰে । লগতে প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য, চতুৰ্দশ বিত্ত আয়োগৰ (14th Finance Commission) আঁচনিৰ বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ লগতে অন্যান্য আঁচনিসমূহৰ পৰা প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগ (Allegations of depriving actual beneficiary from Government schemes) তুলি শতাধিক ৰাইজে সাব্যস্ত কৰে এই প্ৰতিবাদ।

আনহাতে, পঞ্চায়ত সভাপতিজনে এই অভিযোগ পোনচাটেই নাকচ কৰে । পঞ্চায়ত সভাপতিজনে কোনো আঁচনিতে অনিয়ম সংঘটিত হোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে । লগতে তেওঁৰ বিৰুদ্ধে কিবা অনিয়মৰ প্ৰমাণ পালে আইনগতভাৱে প্ৰদান কৰা শাস্তি মূৰ পাতি ল'বলৈ সাজু বুলিও লগতে প্ৰকাশ কৰে ।

লগতে পঢ়ক :Assam arm wrestling player : আৰ্থিক সংকটত পাঞ্জা খেলুৱৈ আবেদ আলী হাজৰিকা

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.