উচ্ছেদিতৰ পুনৰ সংস্থাপনৰ দাবীৰে নগাঁৱত AIUDFৰ মৌন সমদল

author img

By

Published : Sep 25, 2021, 5:46 PM IST

AIUDF protest

শনিবাৰে নগাঁৱত মৌন সমদল উলিয়ায় এ আই ইউ ডি এফে । উচ্ছেদ অভিযানক অমানৱীয় আখ্যা দি দৰঙৰ গৰুখুঁটি কাণ্ডৰ ন্যায়িক তদন্তৰ দাবী কৰে দলটোৱে । আৰক্ষীৰ গুলীত নিহত হোৱা লোকৰ পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী জনায় এ আই ইউ ডি এফে ।

নগাঁও, ২৫ ছেপ্টেম্বৰ: দৰঙৰ গৰুখুঁটিত উচ্ছেদ অভিযানৰ সময়ত প্ৰশাসনে লোৱা পদক্ষেপক গৰিহণা জনালে এ আই ইউ ডি এফে । শনিবাৰে নগাঁৱত মৌন সমদল উলিয়ায় দলটোৰ নেতা-কৰ্মীয়ে । মৌন সমদল কৰি নগাঁও চহৰৰ হয়বৰগাঁৱৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হয় দলটোৰ নেতা কৰ্মীসকল আৰু কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে । দলটোৰ নেতা-কৰ্মীসকলে গৰুখুঁটিৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা দিয়ে ।

লগতে আৰক্ষীৰ গুলীত নিহত হোৱা লোকৰ পৰিয়ালক ২০ লাখ টকা আৰু আহত লোকসকলক ৫ লাখ টকা ক্ষতিপূৰণ দিয়াৰ দাবী জনায় । উচ্ছেদৰ নামত নিৰীহ লোকৰ ওপৰত প্ৰশাসনে নিৰ্মম অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰে এ আই ইউ ডি এফ দলে । লগতে উচ্ছেদৰ নামত প্ৰশাসনে অগণতান্ত্ৰিকভাৱে প্ৰতিবাদকাৰীক দমনৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে দলটোৰ নগাঁও জিলা সমিতিৰ নেতৃবৰ্গই । লগতে ভূমিহীন লোকসকলক ৬ বিঘাকৈ মাটি দিয়াৰ কথা কেৱল ঘোষণা কৰিয়েই দায়িত্ব শেষ কৰাৰ পৰিৱৰ্তে এই পদক্ষেপক বাস্তৱ ৰূপ দিবলৈও চৰকাৰক দাবী জনায় দলটোৱে ।

AIUDF prউচ্ছেদিতৰ পুনৰ সংস্থাপনৰ দাবীৰে নগাঁৱত AIUDFৰ মৌন সমদলotest

অতি কম সময়ৰ বাবে জাননী দি ইতিমধ্যে উচ্ছেদ কৰা পৰিয়ালক অতি শীঘ্ৰে অন্ন আৰু বাসস্থানৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰক দাবী উত্থাপন কৰে ।

লগতে ভৱিষ্যতে উচ্ছেদ অভিযান চলালে পূৰ্বে লোকসকলক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰে দলটোৱে । উল্লেখ্য যে, বেদখলকাৰী আৰু আৰক্ষীৰ মাজত সৃষ্টি হোৱা সংঘাতৰ ফলতেই ৰক্তাক্ত হৈ পৰিছিল দৰঙৰ গৰুখুঁটি । আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল উচ্ছেদিতই আৰু আহত হৈছিল বহু লোক । আনহাতে, আৰক্ষী বিষয়াও আহত হৈছিল বেদখলকাৰীৰে হোৱা সংঘৰ্ষত ।

লগতে পঢ়ক:মৃদুপৱনৰ ঘৰত আৰক্ষীৰ অভিযান : জব্দ পিষ্টলসহ‌ আপত্তিজনক নথিপত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.