প্ৰশাসনৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদত নামিল আমছু

author img

By

Published : Sep 23, 2021, 1:44 PM IST

AAMSU PROTEST

বুধবাৰে দৰঙৰ ছিপাঝাৰত প্ৰশাসনে ৪০০টা পৰিয়ালক উচ্ছেদ কৰাৰ পিছতে ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে(AAMSU) । নগাঁৱতো সংগঠনটোৰ জিলা সমিতিয়ে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে । উচ্ছেদ অভিযান বন্ধ কৰাৰ লগতে ক্ষতিগ্ৰস্তক উপযুক্ত ক্ষতিপূৰণ দি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায় সংগঠনটোৰ কৰ্মকৰ্তাই ।

নগাঁও, ২৩ ছেপ্টেম্বৰ : দৰঙৰ ছিপাঝাৰত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানক বৰ্বৰতা আখ্যা দি প্ৰতিবাদত নামিল সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন(AAMSU) । বুধবাৰে আমছুৰ নগাঁও জিলা সমিতিৰ নেতা-কৰ্মীয়ে উপায়ুক্ত কাৰ্যালয়ৰ সমীপত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে । 'ধলপুৰত বৰ্বৰ উচ্ছেদ অভিযান বন্ধ কৰক', 'ক্ষতিগ্ৰস্তসকলক উপযুক্ত ক্ষতিপূৰণ দিয়ক', 'উচ্ছেদিতক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক' আদি বিভিন্ন শ্লগানেৰে পৰিৱেশ উত্তাল কৰৰি তোলে সংগঠনটোৰ নেতা-কৰ্মীয়ে ।

AAMSU PROTEST AT NAGAON
প্ৰশাসনৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদত নামিল আমছু

আমছুৰ নেতাসকলে ক্ষোভ উজাৰি কয় যে, প্ৰস্তাৱিত গৰুখুঁটি কৃষি প্ৰকল্প স্থাপনৰ নামত ধলপুৰৰ নিৰীহ লোকসকলক চৰকাৰে অমানুষিকভাৱে উচ্ছেদ কৰিছে । চৰকাৰৰ এই কাৰ্যক সংবিধান বিৰোধী আখ্যা দি আমছু নেতাসকলে এই উচ্ছেদ অভিযান বন্ধ কৰাৰ লগতে উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবী জনায় । উল্লেখ্য যে, বুধবাৰে ছিপাঝাৰৰ ধলপুুৰৰ ৪০০টা পৰিয়ালক প্ৰশাসনে উচ্ছেদ কৰিছিল । এই উচ্ছেদ বে-আইনী বুলি অভিযোগ তুলি বুধবাৰে ৰাজ্যৰ জিলা জিলাই আমছুৰ কৰ্মকৰ্তাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

তেওঁলোকৰ মতে, উচ্ছেদৰ নামত মছজিদ, মাদ্ৰাছা ধ্বংস কৰি চৰকাৰে সংখ্যালঘু লোকসকলৰ আবেগত আঘাত হানিছে । সেয়ে, আমছুৱে এই উচ্ছেদ অভিযান বন্ধ কৰাৰ দাবী জনায় ।

লগতে পঢ়ক: চিৰাঙত আমছুৰ মানৱ শৃংখল কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.