4 lane highway construction: কাম আধৰুৱাকৈ এৰি অন্তৰ্ধান নিৰ্মাণকাৰী সংস্থা ছিমপ্লেক্স

author img

By

Published : Jul 30, 2022, 1:36 PM IST

Stopped National High Way Construction

নগাঁও জিলাৰ কলিয়াবৰত যোৱা এমাহে বন্ধ হৈ আছে ৰাষ্ট্ৰীয় পথ নিৰ্মাণৰ কাম (4 lane highway construction work stop from past month)।ফলত দুৰ্ভোগ ভুগিছে পথাচাৰীয়ে । কাম সম্পূৰ্ণ নোহোৱকৈয়ে চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় পথ নিৰ্মাণকাৰী ঠিকাদাৰী সংস্থা ছিমপ্লেক্স অন্তৰ্ধান । কৰ্মচাৰীয়ে পোৱা নাই সাত মাহৰ দৰমহা ।

কলিয়াবৰ, ৩০জুলাই: নগাঁও জিলাৰ কলিয়াবৰ তিনিআলিৰ পৰা ৰঙাগড়ালৈ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম আধৰুৱাকৈ অন্তৰ্ধান হৈছে নিৰ্মাণকাৰী ঠিককাদাৰী সংস্থা ছিমপ্লেক্স (4 lane highway construction work stop from past month)। বিগত প্ৰায় এমাহে ধৰি বন্ধ হৈ আছে নিৰ্মাণকাৰী সংস্থাটোৰ কাম-কাজ । ফলত এৰাবাৰীত পৰিণত হৈছে ৰঙাগড়াত অৱস্থিত ছিমপ্লেক্সৰ আৱাসিক কাৰ্যালয় আৰু কাৰখানা চৌহদ ।

প্ৰায় এশজন শ্ৰমিক-কৰ্মচাৰী নিয়োজিত হৈ থকা উক্ত প্ৰতিষ্ঠানটোৰ অস্থায়ী আৱাসিক কাৰ্যালয় আৰু কাৰখানা চৌহদত এতিয়া নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে (Escape construction company Simplex)। উল্লেখ্য যে সংস্থাটোৰ কাম-কাজ বন্ধ হৈ থকাৰ ফলত বিগত ছয়-সাত মাহ ধৰি শ্ৰমিক-কৰ্মচাৰীক দৰমহা আদায় দিব পৰা নাই ৰাষ্ট্ৰীয় পথ নিৰ্মাণকাৰী ঠিকাদাৰী সংস্থাটোৱে । আনহাতে, পথচোৱাৰ দুৰৱস্থাৰ বাবে এতিয়া দুৰ্ভোগ ভূগিব লগীয়া হৈছে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰে যাতায়ত কৰা পথাচাৰীয়ে ।

কাম আধৰুৱাকৈ অন্তৰ্ধান নিৰ্মাণকাৰী সংস্থা ছিমপ্লেক্স

উল্লেখ্য যে, কলিয়াবৰ তিনিআলিৰ পৰা ৰঙাগড়া পৰ্যন্ত ২৫ কিলোমিটাৰৰ দৈৰ্ঘৰ এই চাৰিলেন যুক্ত পথ নিৰ্মাণৰ কাম লাভ কৰিছিল বহিঃৰাজ্যৰ নিৰ্মাণকাৰী সংস্থা ছিমপ্লেক্সে । কিন্তু ছিমপ্লেক্সৰ আৰ্থিক দুৰৱস্থাৰ বাবেই এতিয়া আধৰুৱা হৈ আছে কলিয়াবৰ তিনিআলিৰ পৰা ৰঙাগড়া পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ নিৰ্মাণ কাৰ্য । শেহতীয়াকৈ সংস্থাটোৰ উচ্চপদস্থ বিষয়া-কৰ্মচাৰীৰ অন্তৰ্ধানে শংকিত কৰি তুলিছে বিগত ছয়-সাত মাহ ধৰি দৰমহা লাভ নকৰা শ্ৰমিক-কৰ্মচাৰীসকলক ।

লগতে পঢ়ক:Ranjit Kumar Dass visited Barpeta: বেঁকী নদীৰ খহনীয়া পৰিদৰ্শন অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.