Wholesale fish traders protested: মাছ বজাৰ বন্ধ কৰি দিয়াত হাহাকাৰ মৎস্য ব্যৱসায়ীৰ

Wholesale fish traders protested: মাছ বজাৰ বন্ধ কৰি দিয়াত হাহাকাৰ মৎস্য ব্যৱসায়ীৰ
মৰিগাঁও পৌৰপতিৰ বিৰুদ্ধে মৰিগাঁও পৌৰসভাৰ সন্মুখত ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদত বহিছে মাছ ব্যৱসায়ী সন্থা(Wholesale fish traders association protests in Morigaon) ৷ মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলীয়ে মাছৰ বজাৰখনত তলা মাৰি বন্ধ কৰি দিয়াৰ পাছতে বন্ধ হৈ পৰে মাছ ব্যৱসায় ৷
মৰিগাঁও, 4 ডিচেম্বৰ: মৰিগাঁৱৰ দৈনিক মাছ বজাৰৰ পাইকাৰী মাছ ব্যৱসায়ী সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ(Wholesale fish traders association protests in Morigaon) । উত্থাপিত অভিযোগ মতে মৰিগাঁৱৰ দৈনিক মাছ ব্যৱসায়ীসকলে স্বচ্ছ ভাৰত অভিযানৰ প্ৰতি দেখুৱাই আহিছে তীব্ৰ অনীহা ৷ প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযানৰ প্ৰতি অনীহা তথা স্বচ্ছতা সংক্ৰান্তীয় নীতি-নিয়ম উলংঘা কৰাৰ অভিযোগত মাছৰ বজাৰখনত তলা মাৰি বন্ধ কৰি দিয়াৰ পাছতে বন্ধ হৈ পৰে মাছ ব্যৱসায় (Swaccha Bharat Abhiyan)৷
ইয়াৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় মৎস্য ব্যৱসায়ীসকলৰ মাজত । এই ঘটনাৰ পৰিপ্ৰেক্ষিতত দেওবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে পাঁচ শতাধিক মাছ ব্যৱসায়ীয়ে । উল্লেখযোগ্য যে দেওবাৰে দুপৰীয়াৰ ভাগত মৰিগাঁও সদৰ থানাৰ সন্মুখত অৱস্থান কাৰ্যসূচী গ্ৰহণ কৰে মাছ ব্যৱসায়ী সকলে । বিক্ৰীৰ বাবে অনা বহু মাছ ঘূৰাই নিবলগীয়া হৈছে মৎস্য পালকসকলে ।
মৰিগাঁও পৌৰপতিৰ বিৰুদ্ধে পৌৰসভাৰ সন্মুখত ৰাজপথ অৱৰোধ কৰি মাছ ব্যৱসায়ী সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ মৰিগাঁও জিলাৰ উপায়ুক্তক পাইকাৰী মাছ বজাৰ গৃহটি তৎকালীন ভাৱে খুলি দিবৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰে মৎস্য ব্যৱসায়ী সন্থাই । আলোচনাৰ জৰিয়তে সোনকালেই মাছৰ পাইকাৰী বজাৰ গৃহটি খুলি দিয়াৰ আশ্বাস প্ৰদান কৰে জিলা উপায়ুক্তই ।
উল্লেখযোগ্য যে, মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলীয়ে মাছৰ পাইকাৰী বজাৰত স্থাপন কৰা ডাষ্টবিনটো মাছ ব্যৱসায়ী সন্থাই ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ঘূৰাই পঠিওৱা আৰু শিক্ষা বিভাগৰ কাৰ্যালয়ত মাছ ব্যৱসায়ী সন্থাই আৱৰ্জনা পেলোৱাৰ কাৰণ দৰ্শাই অনিৰ্দিষ্ট কাললৈ পাইকাৰী মাছ বজাৰ গৃহটি বন্ধ কৰা বুলি সামাজিক মাধ্যমযোগে উল্লেখ কৰা হৈছে ৷ মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলীয়ে মাছ ব্যৱসায়ী সন্থাৰ বিৰুদ্ধে অনা অভিযোগটো ভিত্তিহীন বুলি অভিযোগ সন্দৰ্ভত স্পষ্টীকৰণ আগবঢ়াইছে মৎস্য ব্যৱসায়ী সন্থাই ।
ইফালে মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলীয়ে সম্পূৰ্ণ বিষয়টোৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে আকোৰগোজ স্থিতি ৷ স্বচ্ছতাৰ সন্দৰ্ভত কোনো কাৰণতে মোকাবিলা কৰা নহ'ব বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলীয়ে ।
লগতে পঢ়ক: MLA office in each constituency: সমষ্টিয়ে সমষ্টিয়ে নিৰ্মাণ হ’ব বিধায়কৰ কাৰ্যালয়
