মৰিগাঁৱত শ্বহীদ আৰক্ষী জোৱানলৈ শ্ৰদ্ধাঞ্জলি গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ

author img

By

Published : Jul 29, 2021, 11:03 AM IST

Tribute to martyrs at Morigaon

অসম-মিজোৰাম সীমান্তত মিজো আৰক্ষীৰ গুলীত প্ৰাণ হেৰুওৱা অসম আৰক্ষীৰ জোৱানলৈ বুধবাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে । এই বৰ্বৰ ঘটনা সন্দৰ্ভত যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সংগঠনটোৱে দাবী জনায় ।

মৰিগাঁও, ২৯ জুলাই : অসম-মিজোৰাম সীমান্তত মাতৃভূমিৰ সুৰক্ষাৰ হকে কৰ্তব্য পালন কৰি প্ৰাণ আহুতি দিয়া অসম আৰক্ষীৰ ৬ গৰাকী জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনালে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে । মৰিগাঁৱৰ ৰাজপথত বন্তি প্ৰজ্বলন কৰে সংগঠনটোৰ নেতৃত্বই । আনহাতে, মিজো আৰক্ষীৰ বৰ্বৰ কাণ্ডক লৈ এতিয়া অসমৰ ৰাইজ ক্ষোভিত হৈ পৰিছে । অসম-মিজোৰামৰ সীমা বিবাদ অন্ত পেলাবলৈ চৰকাৰক দাবী জনাইছে ৰাইজে ।

সোমবাৰে মিজো আৰক্ষীয়ে অপ্ৰৰোচিতভাৱে অসম আৰক্ষীৰ ওপৰত গুলীবৰ্ষণ কৰিছিল । এই ঘটনাত অসম আৰক্ষীৰ ৬ জন জোৱান শ্বহীদ হয় । আনহাতে, ধলাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ কেইবাজনো অসম আৰক্ষীৰ জোৱান গুলিবিদ্ধ হৈ শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে । ইফালে, কাছাৰ জিলাৰ আৰক্ষী অধীক্ষকো গুলিবিদ্ধ হৈছিল এই ঘটনাত ।

Tribute to martyrs at Morigaon
মৰিগাঁৱত শ্বহীদ আৰক্ষী জোৱানলৈ শ্ৰদ্ধাঞ্জলি গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ

আনহাতে, বুধবাৰে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে । অসমী আইৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনায় । লগতে শ্বহীদৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।

এই বৰ্বৰ ঘটনা সন্দৰ্ভত যথোচিত ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক বলিষ্ঠ পদক্ষেপ ল'বলৈ সংগঠনটোৰ নেতৃত্ব‌ই আহ্বান জনায় । সামান্তৰালকৈ সীমাকেন্দ্ৰিক বিবাদৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে । ইফালে, মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা জোৱানসকলৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লৈছে । লগতে মিজোৰামক অসমৰ মাটি এৰি নিদিয়ে বুলিও স্পষ্ট কৰি দিছে ।

লগতে পঢ়ক:অসম হিমন্তৰ পৈত্ৰিক সম্পত্তি নহয় : ৰাণা গোস্বামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.