Second day of Jonbeel Mela: পাহাৰ ভৈয়ামৰ লোকে অনা বিভিন্ন সামগ্ৰীৰ বিনিময়ৰে আৰম্ভ জোনবিল মেলাৰ দ্বিতীয়টো দিন

author img

By

Published : Jan 20, 2023, 9:23 AM IST

Junbeel Mela in Morigaon

মৰিগাঁৱত তিনিদিনীয়া কাৰ্যসূচীৰে মাঘৰ প্ৰথমটো বুধবাৰৰ পৰা অনুষ্ঠিত হৈছে ঐতিহাসিক জোনবিল মেলা ৷ পাহাৰৰ পৰা নামি আহি মামা মামিয়ে ভৈয়ামৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকলৰ লগত সামগ্ৰীৰ বিনিময়েৰে আৰম্ভ হ’ল জোনবিল মেলাৰ দ্বিতীয়টো দিন (historical jonbeel Mela) ৷

আজি জেনবিল মেলাৰ দ্বিতীয়টো দিন

মৰিগাঁও, 20 জানুৱাৰী: আজি মৰিগাঁৱৰ ইতিহাস প্ৰসিদ্ধ জোনবিল মেলাৰ দ্বিতীয়টো দিন (Historical jonbeel Mela) ৷ প্ৰতিবছৰে মাঘৰ প্ৰথমটো বুধবাৰে মৰিগাঁও জিলাৰ জোনবিলৰ পাৰত এই মেলা অনুষ্ঠিত কৰা হয় (Jonbeel Mela in Morigaon) ৷ এইবাৰো ১৯, ২০ আৰু ২১ জানুৱাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'য় এই জোনবিল মেলা ৷ ঐতিহাসিক জোনবিল মেলাৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি জোনবিল মেলা শীৰ্ষক থ্ৰীম চং মুকলি কৰা হৈছিল ৷ ইয়াৰ পিছতে জোনবিল শীৰ্ষক এখনি স্মৃতিগ্ৰন্থও উন্মোচন কৰে তিৱা মাথন লাই তখ্ৰাৰ সভাপতি বীৰেন্দ্ৰ নাথ বৰদলৈয়ে ।

আজি অৰ্থাৎ শুকুৰবাৰে জোনবিল মেলাৰ দ্বিতীয়টো দিনত দোকমোকালিতে পাহাৰৰ পৰা নামি অহা মামা মামিহঁতৰ সৈতে ভৈয়ামৰ বিভিন্ন জনগোষ্ঠীৰ লোকে লগত অনা নানানটা সামগ্ৰীৰ আদান প্ৰদানেৰে আৰম্ভ কৰে বিনিময় ৷ কিয়নো এই মেলাৰ মূল গুৰুত্বই হৈছে বিনিময় প্ৰথা । মেলাত বিভিন্ন থলুৱা খাদ্য দ্ৰব্যৰো আদান-প্ৰদান কৰা হয় ৷

পাহাৰত বসবাস কৰা তিৱাসকলে তেওঁলোকৰ উৎপাদিত খাদ্য শস্য, কৃষিজাত সামগ্ৰী যেনে- কচু, হালধি, বাঁহগাজ, জলকীয়া, ঠেকেৰা, লা, শালধূনা আদি ভৈয়ামৰ লোকসকলৰ সান্দহ, পিঠা, মাছ ইত্যাদিৰ সৈতে বিনিময় কৰে। এই মেলাত খাচিয়া, জয়ন্তীয়া, গাৰো, কাৰ্বি পাহাৰৰ লোকসকলেও অংশগ্ৰহণ কৰে । সকলোৱে বিনিময়ৰ জড়িয়তে সংগ্ৰহ কৰা সামগ্ৰীসমূহ হোৰাত ভৰাই লৈ গৈ পিছৰটো বুধবাৰে পাহাৰত তেওঁলোকৰ পৰম্পৰাগত বিহু পালন কৰিব ৷

গোভা ৰজাৰ শাসনকালৰে পৰা জোনবিল মেলা অনুষ্ঠিত হৈ আহিছে বুলি প্ৰবাদ আছে ৷ পাহাৰ আৰু ভৈয়ামত বসবাস কৰা লোকসকলৰ মিলনৰ মেলা বুলিও ক'লেও হয়তো ভুল কোৱা নহ'ব এই জোনবিল মেলাক ৷

ইতিমধ্যে লোকে লোকাৰণ্য হৈ পৰিছে জোনবিল মেলাস্থলী (tradition of Jonbeel mela) ৷ ইতিমধ্যে জোনবিল মেলা পৰিচালনা সমিতিৰ তৰফৰ পৰা সকলো প্ৰস্তুতি সম্পন্ন হোৱা বুলি ব্যক্ত কৰে মেলা পৰিচালনা সমিতিৰ সম্পাদক জুৰচিং বৰদলৈয়ে ৷ উল্লেখ্য যে এইবাৰ জোনবিল মেলাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma in Jonbeel Mela) । মুখ্যমন্ত্ৰীয়ে তিৱা ৰজাসকলৰ বাৰ্ষিক ৰাজভাট্টা প্ৰদান কৰিব বুলি মেলা পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে ৷

লগতে বিভিন্ন আত্মসহায়ক গোটৰ মহিলাই প্ৰস্তুত কৰা চাদৰ-মেখেলা, গামোচা, জনগোষ্ঠীয় সাজ-পাৰ, লাড়ু-পিঠা, আচাৰ আদি উপকৰণ বিক্ৰীৰ বাবে লৈ আহে মেলাস্থলীলৈ ৷ কুটীৰ শিল্পীসকলে প্ৰস্তুত কৰি উলিওৱা কাঠৰ আচবাব যেনে চকী-মেজ, বিছনা, আলনা, আলমিৰা; বাঁহবেতৰ সামগ্ৰী, গৃহসজ্জাৰ সামগ্ৰী আদি বিক্ৰী কৰাৰ সুবিধা লাভ কৰে স্থানীয় লোকসকলে ৷ তাৰোপৰি বিভিন্ন সুস্বাদু খাদ্যৰ বিপণীও মেলাখনত দেখা যায় ৷ মৰিগাঁও আৰু ইয়াৰ চুবুৰীয়া অঞ্চলৰ লোকসকলে জোনবিল মেলাক লক্ষ্য হিচাপে লৈয়েই নিৰ্মাণ কৰে বিক্ৰীৰ বাবে কেতবোৰ সামগ্ৰী ৷ কেৱল মৰিগাঁও জিলাৰে নহয়, ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ পৰাও ব্যৱসায়ৰ বাবে একাংশ লোক আহে জোনবিল মেলালৈ ৷

এই মেলাখনে অৰ্থনৈতিকভাৱে একাংশ লোকক কিছু সহায় কৰিছে ৷ আৰ্থিক, সামাজিক আৰু সাংস্কৃতিকভাৱে জোনবিল মেলাই একতা ধৰি ৰখাত সফল হৈছে ৷ বিভিন্ন সংস্কৃতি, বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক এইদৰে একেস্থানত একত্ৰিত হোৱাটো অসমীয়া সমাজ ব্যৱস্থাৰ বাবে যোগাত্মক দিশ ৷ প্ৰাচীন গোভাৰাজ্যৰ এই জোনবিল মেলাই কেৱল পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া কৰাই নহয়, আৰ্থসামাজিক দিশতো এক বিশেষ ভূমিকা পালন কৰি আহিছে ৷

লগতে পঢ়ক: Historical Junbeel Mela : আজিৰে পৰা আৰম্ভ পৰম্পৰাগত জোনবিল মেলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.