মৰিগাঁৱত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল

author img

By

Published : Sep 15, 2022, 2:15 PM IST

satra-mukti-sangram-samiti-stage-protest-in-morigaon

বিজ্ঞান আৰু অংক বিষয় ইংৰাজী মাধ্যমত পাঠদান কৰাৰ বিৰোধিতাত ৰাজ্যজুৰি এতিয়াও অব্যাহত আছে প্ৰতিবাদ ৷ অসম কেবিনেটৰ এই সিদ্ধান্তৰ বিৰোধিতাত আজি পুনৰ মৰিগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মৰিগাঁও জিলা সমিতিয়ে (SMSS stage protest in Morigaon) ৷

মৰিগাঁও, 15 আগষ্ট: ৰাজ্য চৰকাৰৰ অসমীয়া বিৰোধী স্থিতিৰ প্ৰতিবাদত বৃহস্পতিবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মৰিগাঁও জিলা সমিতিয়ে মৰিগাঁৱত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে (SMSS creates human chain in Morigaon) । অসম চৰকাৰৰ বিজ্ঞান আৰু অংক বিষয় ইংৰাজী মাধ্যমত পাঠদান কৰাৰ বিৰোধিতাত এই প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মৰিগাঁও জিলা সমিতিয়ে ৷

অসম চৰকাৰে গ্ৰহণ কৰা অসমীয়া ভাষা আৰু চৰকাৰী শিক্ষাখণ্ড বিৰোধী সিদ্ধান্তসমূহ বাতিল কৰা, চৰকাৰী শিক্ষাখণ্ড ৰক্ষা কৰাৰ দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে (SMSS protest in Morigaon) । প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, চৰকাৰী শিক্ষাখণ্ড ৰক্ষা কৰক, প্ৰাথমিক বিদ্যালয়ৰ পৰা ইংৰাজী মাধ্যমত গনিত আৰু বিজ্ঞান বিষয়ৰ শিক্ষাদানৰ সিদ্ধান্ত বাতিল কৰক, অপ্ৰাদেশীকৃত বিদ্যালয়সমূহক অতিশীঘ্ৰে প্ৰাদেশিকীকৰণৰ ব্যৱস্থা কৰক আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে ।

মৰিগাঁৱত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল

তেওঁলোকে লগতে অসম কেবিনেটত (Assam Cabinet decision) গ্ৰহণ কৰা এই সিদ্ধান্ত বাতিল কৰাৰ বাবে চৰকাৰক দাবী জনায় ৷ প্ৰতিবাদকাৰীসকলে লগতে কয় যে, আমি ইংৰাজী ভাষা বিৰোধী নহয়, কিন্তু মাতৃভাষাক বিতাড়িত কৰি লোৱা এই সিদ্ধান্ত মানি ল’ব নোৱাৰিম ৷ চৰকাৰে শীঘ্ৰে এই সিদ্ধান্ত বাতিল নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মৰিগাঁও জিলা সমিতিয়ে ৷

লগতে পঢ়ক: আজি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.