Public protest at Jagiroad: ডাম্পাৰৰ অতপালিত অতিষ্ঠ ৰাইজৰ পথ অৱৰোধ

author img

By

Published : Nov 30, 2022, 4:12 PM IST

Public protest at Jagiroad

ডালমিয়া চিমেণ্ট কোম্পানীৰ সামগ্ৰী কঢ়িওৱা ডাম্পাৰে জাগীৰোডৰ পথ ধূলিময় কৰাত অতিষ্ঠ হৈছে ৰাইজ (Protest against Dalmia Cement Company) । ডাম্পাৰসমূহে তীব্ৰ বেগত যাতায়াত কৰাত ৰাইজৰ জীৱনৰ প্ৰতি ভাবুকি নামি আহিছে । সেয়েহে ডাম্পাৰৰ অতপালিত অতিষ্ঠ হৈ ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

মৰিগাঁও, ৩০ নৱেম্বৰ: জাগীৰোড-মৰিগাঁও সংযোগী পথ বন্ধ কৰি মঙলবাৰে স্থানীয় ৰাইজে প্ৰতিবাদ জনায় (Public protest for stop dumper at jagiroad) । জাগীৰোডৰ বাঘজাপস্থিত ডালমিয়া চিমেণ্ট কোম্পানীৰ সামগ্ৰী কঢ়িওৱা ডাম্পাৰৰ অতপালিত অতিষ্ঠ হৈ ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

ডাম্পাৰৰ অতপালিত অতিষ্ঠ ৰাইজৰ পথ অৱৰোধ

উল্লেখ্য যে ডালমিয়া চিমেণ্ট কম্পানীৰ সামগ্ৰী কঢ়িওৱা ডাম্পাৰৰ পৰা ধূলি পৰি সমগ্ৰ জাগীৰোডৰ পথ ধূলিময় হৈ পৰে (Protest against Dalmia Cement Company at Jagiroad) ৷ বিগত বহুদিন ধৰি এই সমস্যাত ভুগি থাকিবলগীয়া হৈছে জাগীৰোডৰ সাধাৰণ ৰাইজে ৷ এইক্ষেত্ৰত জিলা প্ৰশাসনৰ ভূমিকাত সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ কাৰণ গধুৰ যান-বাহন যাতায়াত কৰাৰ বাবে এটা সুকীয়া পথ থকা স্বত্বেও ডালমিয়া চিমেণ্ট কম্পানীৰ ডাম্পাৰসমূহ জাগীৰোডৰ মাজমজিয়াৰে পাৰ হৈ আছে ৷

নিশা হ'লে ডাম্পাৰসমূহ চলাচল কৰে । উক্ত গাড়ীৰ পৰা পৰি যোৱা সামগ্ৰীৰ ফলত পুৱাৰে পৰাই বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ীৰ লগতে সাধাৰণ লোকসকলে সমস্য়াৰ সন্মুখীন হ'বলগীয়া অৱস্থাৰ সৃষ্টি হয় ৷ আনহাতে, জাগীৰোডত নিৰ্মীয়মান উৰণীয়া সেঁতুখনৰ লেহেমীয়া নিৰ্মাণৰ বাবে যি উপ-পথেৰে যাতায়ত কৰিব লগীয়া হৈছে ৷ উক্ত পথৰ দুৰাৱস্থাৰ বাবেও ৰাইজে যমৰ যান্ত্ৰনা ভুগিব লগীয়া হৈছে । সেয়েহে অতিষ্ঠ হৈ স্থানীয় লোক সকলে জাগীৰোড-মৰিগাঁও সংযোগী পথ অৱৰোধ কৰি জিলা প্ৰশাসনক বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷

লগতে পঢ়ক:Gujarat Assembly Election 2022: সৌৰাষ্ট্ৰ আৰু দক্ষিণ গুজৰাটৰ ৮৯ খন আসনৰ বাবে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.