মৈৰাবাৰীত মুছলিম ছাত্ৰ সন্থা অসমৰ প্ৰতিবাদ

author img

By

Published : Sep 25, 2021, 12:33 PM IST

MUSA protest at Dhing

ছিপাঝাৰৰ ধলপুৰৰ উচ্ছেদিত লোকৰ পুনৰ সংস্থাপনৰ দাবীত প্ৰতিবাদত নামিল মুছলিম ছাত্ৰ সন্থা অসম । শুকুৰবাৰে মৰিগাঁৱৰ মৈৰাবাৰীত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ কৰ্মকৰ্তাসকলে । উচ্ছেদ অভিযান একমাত্ৰ RSS আৰু বিজেপিৰ বৰমূৰীয়াক সন্তুষ্ট কৰাৰ বাবে চলোৱা হৈছে বুলি অভিযোগ উত্থাপন কৰে মুছলিম ছাত্ৰ সন্থা অসমে ।

ধিং, ২৫ ছেপ্টেম্বৰ : দৰঙৰ ছিপাঝাৰৰ ধলপুৰত প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাৰ পিছতে ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছে । উচ্ছেদিত লোক আৰক্ষীৰ গুলীত নিহত হোৱাৰ পাছতে ৰাজ্য চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে বহুতেই । লগতে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এই ঘটনাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উচ্ছেদ অভিযানৰ বিৰুদ্ধে ৰাজ্যত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে শুকুৰবাৰে মৰিগাঁও জিলাৰ মৈৰাবাৰী বজাৰত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰাৰ লগতে মুছলিম ছাত্ৰ সন্থা অসমৰ সাধাৰণ সম্পাদক আশ্বিক ৰাব্বানীয়ে অভিযোগ তোলে যে, উচ্ছেদ অভিযান একমাত্ৰ RSS আৰু বিজেপিৰ বৰমূৰীয়াক সন্তুষ্ট কৰাৰ বাবে চলোৱা হৈছে ৷

উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনৰ দাবী জনায় সংগঠনটোৱে । শীঘ্ৰে উচ্ছেদিত লোকসকলকৰ সংস্থাপনৰ ব্যৱস্থা নকৰিলে পৰৱৰ্তী সময়ত ৰাজ্যজুৰি জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে মুছলিম ছাত্ৰ সন্থা অসমে । লগতে নিহতৰ পৰিয়ালক ২০ লাখ টকাৰ আৰ্থিক সাহায্য দিবলৈ দাবী জনায় ।

উল্লেখ্য যে, প্ৰতিবাদৰ সময়ত সংগঠনটোৰ নেতা-কৰ্মী আৰু আৰক্ষীৰ মাজত খণ্ডযুদ্ধ আৰম্ভ হয় ৷ এই প্ৰতিবাদী কাৰ্যসূচীত মিঞা অসমীয়া পৰিষদেও সহযোগ কৰে ।

লগতে পঢ়ক: হতাশাত ভূগিছে ৰাজীৱ লোচন পেগুৱে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.