ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো আমছাৰ তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট

author img

By

Published : Oct 19, 2021, 7:33 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো আমছাৰ তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট

আমছাৰ মৰিগাঁও জিলা শাখাই তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ চিকিৎসক সকল অৱস্থান ধৰ্মঘটৰ ফলত এক প্ৰকাৰ স্থবিৰ হৈ পৰে মৰিগাঁও শ্বহীদ তিলক, হেমৰাম, গুণাভিৰাম অসামৰিক চিকিৎসালয়ৰ চিকিৎসা ব্যৱস্থা ৷

মৰিগাঁও,19 অক্টোবৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মঙলবাৰে মৰিগাঁও জিলাটো অসম চিকিৎসক সেৱা সন্থা চমুকৈ আমছাৰ মৰিগাঁও জিলা শাখাই তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ চিকিৎসক সকলে কৰা অৱস্থান ধৰ্মঘটৰ ফলত এক প্ৰকাৰ স্থবিৰ হৈ পৰে মৰিগাঁও শ্বহীদ তিলক, হেমৰাম, গুণাভিৰাম অসামৰিক চিকিৎসালয়ৰ চিকিৎসা ব্যৱস্থা ৷

উল্লেখযোগ্য যে, অসম চিকিৎসা সেৱা সন্থাৰ আহ্বান মৰ্মে মৰিগাঁৱতো চৰকাৰী চিকিৎসক সকলে এই কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদকাৰী চিকিৎসক সকলে চৰকাৰে চিকিৎসা বিভাগৰ শীৰ্ষ চিকিৎসা বিষয়া তথা পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সঞ্চালক পদত প্ৰশাসনিক সেৱা বিষয়াক নিয়োগ কৰাৰ বিৰোধিতাৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে বুলি জানিবলৈ দিয়ে চিকিৎসক সকলে ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো আমছাৰ তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট

চিকিৎসক সকলে যদিও অৱস্থান ধৰ্মঘটৰ কাযসূচী ৰূপায়ন কৰিলেও অৱশ্যে জৰুৰীকালীন সেৱা অব্যাহত ৰাখে ৷ কিন্তু চিকিৎসক সকলৰ আন্দোলনৰ ফলত ৰোগী আৰু পৰিয়ালৰ মাজত এক প্ৰকাৰ হাহাকাৰ পৰিবেশ সৃষ্টি হয় ৷

উল্লেখযোগ্য যে, অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পাছতে চিকিৎসালয়খনৰ প্ৰেক্ষাগৃহত আমছাৰ মৰিগাঁও জিলা সমিতিয়ে এখন সংবাদমেলো সম্বোধন কৰে । উক্ত সংবাদমেলত উপস্থিত থাকে মৰিগাঁও জিলাৰ আমছাৰ সভাপতি, সম্পাদক লগতে ডাঃ দুদাল মেধি, ডাঃ শৈলেন বৰা, ডাঃ জয়া প্ৰভা বড়ো ৷ এতিয়া সময়তহে লক্ষণীয় হ’ব চৰকাৰ প্ৰশাসনে কেনেদৰে গুৰুত্ব প্ৰদান কৰে চিকিৎসক সকলৰ এই দাবীৰ প্ৰতি ৷

লগতে পঢ়কঃ বৰাকত অসমীয়া ভাষাক অপমান কৰাক লৈ প্ৰতিক্ৰিয়া তিনিচুকীয়াত আটাছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.