কুখ্যাত মনিৰুদ্দিনক গ্ৰেপ্তাৰ মৈৰাবাৰী আৰক্ষীৰ

author img

By

Published : Sep 28, 2021, 9:07 PM IST

Moirabari police arrest criminal Moniruddin

বিভিন্ন অপৰাধৰ সৈতে জড়িত দুধৰ্ষ অপৰাধী মনিৰুদ্দিনক অৱশেষত গ্ৰেপ্তা কৰিলে মৈৰাবাৰীৰ আৰক্ষীয়ে ৷ হত্যা, ড্ৰাগছ, অস্ত্ৰ সৰবৰাহৰ অভিযোগত কেইবা বাৰো কাৰাৰুদ্ধ হৈছে মনিৰুদ্দিন ৷

ধিং, 28 ছেপ্টেম্বৰ : হত্যা, ড্ৰাগছ, অস্ত্ৰ সৰবৰাহকে ধৰি বিভিন্ন অপৰাধৰ সৈতে জড়িত দুধৰ্ষ অপৰাধী মনিৰুদ্দিনক অৱশেষত গ্ৰেপ্তা কৰিলে মৈৰাবাৰীৰ আৰক্ষীয়ে ৷ মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষীৰ মুৰৰ কামোৰণিৰ হৈ পৰা দুধৰ্ষ অপৰাধী মনিৰুদ্দিনে হত্যা, ড্ৰাগছ, অস্ত্ৰ সৰবৰাহৰ অভিযোগ কেইবা বাৰো কাৰাৰুদ্ধ হৈছে ৷ শেহতীয়াকৈ ম্যাদ উকলি যোৱা বিভিন্ন ঔষধ বিক্ৰীত জড়িত হৈ পৰিছিল মনিৰুদ্দিন ৷

অভিযোগ মতে, ২০২১ ত ম্যাদ ওকলা আইৰণ চিৰাপত লেবেল সলনি কৰি ২০২২ চনলৈ ম্যাদ থকা লেবেল লগাই মনিৰুদ্দিনে বিভিন্ন স্থানত বিক্ৰী কৰিছিল ৷ এই কাম মনিৰুদ্দিনে ঘৰতে আৰম্ভ কৰিছিল ৷ মনিৰুদ্দিনৰ এই ক’লা বেহাৰ সমগ্ৰ তথ্য লাভ কৰিছিল মৈৰাবাৰী আৰক্ষীয়ে ৷

লগতে পঢ়ক: অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত অনিয়ম : আটক তিনি আৰক্ষী বিষয়া

জানিব পৰা মতে, মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত গোপন সূত্ৰ পম খেদি দীৰ্ঘদিন ধৰি পলাতক হৈ থকা মনিৰুদ্দিনক গ্ৰেপ্তা কৰে ৷ ইয়াৰ লগতে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ আইৰণ চিৰাপ জব্দ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, পূৰ্বে মনিৰুদ্দিনৰ বিৰুদ্ধে কেৱল মৈৰাবাৰী থানাতে পঞ্জীয়ন হৈ আছিল অপৰাধমূল কাৰ্যৰ বহু গোচৰ । সেই সমুহৰ ভিতৰত প্ৰধান গোচৰ সমূহ ক্ৰমে 1) C/No- 263/16, U/S- 25(1)(a) Arms Act, 2) C/No. 227/15, U/S- 22 NDPS Act, 3) C/No-08/2018, U/S- 302/201 I.P.C , 4) C/No. 301/19, U/S- 20(B)/22(B) NDPS Act. 1945, 5) C/No. 303/19, U/S- 25(1-A) Arms Act ৷ এই গোচৰ সমূহত মনিৰুদ্দিন কেইবাবাৰো কাৰাৰুদ্ধ হৈছে ৷

লগতে পঢ়ক: কানহায়া-জিগনেশে নতুনত্ব দিব কংগ্ৰেছক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.