Rama Kanta Dewri controversy: গোচৰ ৰুজু কৰাক লৈ প্ৰতিক্ৰিয়া বিধায়ক ৰমাকান্ত দেউৰীৰ

author img

By

Published : Nov 25, 2022, 7:01 PM IST

Rama Kanta Dewri controversy

বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীয়ে গোচৰ ৰুজু কৰাক লৈ প্ৰতিক্ৰিয়া বিধায়ক ৰমাকান্ত দেউৰীৰ ৷ বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে ভূমিপুত্ৰ জনজাতিসকলক উচ্ছেদ কৰিবলৈ আহিলে জনজাতি মহিলাসকলক দা-যাঠি লৈ আক্ৰমণ কৰাৰ বাবে আহ্বান জনাইছিল বিধায়কগৰাকীয়ে ৷

মৰিগাঁও, 25 নৱেম্বৰ: "আৱেগিকভাৱে দুটা যেনিবা নক’ব লগা কথা ক’লো, তাতেই কেছ দিব লাগে নে ! মই যেতিয়া জাতিটোৰ নেতৃত্ব লৈছো জাতিটোৰ দুখ, দুৰ্দশা আৰু সমস্যাৰ বিষয়ে হৃদয়ংগম কৰিব নালাগিব নেকি ! আপোনালোকে নাজানে যে ভূমিপুত্ৰ জনজাতিসকলে কেনেদৰে অঘৰীৰ দৰে বাস কৰিছে ।" এই মন্তব্য মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ(Morigaon MLA Ramakanta Dewri) ৷ উল্লেখ্য যে, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে 18 নৱেম্বৰত এখন মুকলি সভাত বক্তব্য আগবঢ়াই বন বিভাগৰ নামত কোনো বিদেশীয়ে ভূমিপুত্ৰসকলক ভূমিহীন কৰিবলৈ আহিলে সহ্য কৰা নহ’ব বুলি হুংকাৰ দিছিল(Rama Kanta Dewri on eviction) ।

চৰাই মৰে ৰৈ, মানুহ মৰে...

তেওঁ আনকি বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে ভূমিপুত্ৰ জনজাতিসকলক উচ্ছেদ কৰিবলৈ আহিলে জনজাতি মহিলাসকলক দা-যাঠি লৈ আক্ৰমণ কৰাৰ বাবে আহ্বান জনাইছিল ৷ ইয়াৰ পিছতেই বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীয়ে বিধায়কগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে(Case registered against MLA Ramakanta Dewri) ৷ বিধায়কগৰাকীয়ে তেওঁৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ সন্দৰ্ভত শুকুৰবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে(Rama Kanta Dewri controversy) ৷ বিধায়কগৰাকীয়ে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ কথা অৱগত হোৱাৰ পাছত তিৱা ছাত্ৰসকলে আন্দোলনৰ বাবে যোজা চলোৱাৰ কথা সদৰী কৰি তেওঁহে ছাত্ৰসকলক বাধা দি শান্ত কৰাৰ কথা জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, ৰাজধানী নতুন দিল্লীৰ বিজ্ঞান ভৱনত শুকুৰবাৰে কেন্দ্ৰীয়ভাৱে লাচিত দিৱসৰ কাৰ্যসূচী আয়োজন কৰা হৈছিল(Lachit Divas celebrations in New Delhi) ৷ উক্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত আছিল ৷ মৰিগাঁও জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত দিল্লীত অনুষ্ঠিত লাচিত দিৱসৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হৈছিল ৷ এই অনুষ্ঠান উপভোগ কৰাৰ পাছত আজি সংবাদ মাধ্যমৰ আগত বিধায়কগৰাকীয়ে তেওঁৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ সন্দৰ্ভত এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

লগতে পঢ়ক: Rama Kanta Dewri controversy: যি দলৰ চৰকাৰ আহিলেও ভূমিপুত্ৰক উচ্ছেদ কৰিবলৈ নিদিয়ে ৰমাকান্ত দেউৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.