মণি কাকতিক যাৱজ্জীৱন কাৰাদণ্ড মৰিগাঁও জিলা সত্ৰ ন্যায়ালয়ৰ

author img

By

Published : Sep 22, 2021, 1:53 PM IST

Mani Kakati sentenced to life imprisonment

শিশু হত্যাৰ গোচৰত অভিযুক্ত মণি কাকতিক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত মৰিগাঁও জিলা সত্ৰ ন্যায়াধীশ বিচাৰপীঠৰ । পাঁচ বছৰৰ পিছত দুৰ্ভগীয়া মাতৃয়ে পালে ন্যায় ।

মৰিগাঁও, 22 ছেপ্টেম্বৰ : মৰিগাঁও জিলা সত্ৰ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান ৷ শিশু হত্যাৰ গোচৰৰ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান ন্যায়াধীশ সুনীল কুমাৰ পোদ্দাৰ বিচাৰপীঠৰ ৷ শিশু হত্যাৰ গোচৰত অভিযুক্ত মণি মহন্তক হত্যা, প্ৰমাণ নোহোৱা কৰিবলৈ জ্বলাই দিয়া, মৃতদেহ শিয়াল কুকুৰক ভক্ষণ কৰোৱাৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে মৰিগাঁও জিলা সত্ৰ ন্যায়ালয়ে ।

মণি কাকতিক যাৱজ্জীৱন কাৰাদণ্ড মৰিগাঁও জিলা সত্ৰ ন্যায়াধীশ বিচাৰপীঠৰ

২০১৬ চনৰ ৫ ডিচেম্বৰত মৰিগাঁৱৰ সমীপৱৰ্তী বৰঙাবাৰী গাঁৱৰ স্বামীহীনা এগৰাকী মহিলাক অবৈধ সম্পৰ্ক কৰাৰ বাবে বিভিন্ন ধৰণৰ প্ৰলোভন দি ব্যৰ্থ হৈছিল একে গাঁৱৰে মণি কাকতি । ইয়াৰ প্ৰতিশোধ ল’বলৈ মণি কাকতিয়ে মহিলাগৰাকীৰ আঠ বছৰীয়া পুত্ৰক ঘৰতে হত্যা এটা কাৰ্টনত ভৰাই নিৰ্জন পথাৰত পেলাই প্ৰমাণ নাইকিয়া কৰাৰ উদ্দেশ্যৰে জ্বলাই দিছিল । ফলত নিশা শিয়াল কুকুৰে ভক্ষণ কৰে শিশুটিৰ অৱশিষ্ট ।

পিছদিনা মৰিগাঁও আৰক্ষীৰ জেৰাত আৰু আৰক্ষীৰ তদন্তৰ পাছত উদ্ধাৰ কৰা হৈছিল শিশুটিৰ অৱশিষ্ট । মৰিগাঁও আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 107/17 ধাৰাত 409/16 নম্বৰত গোচৰ ৰুজু কৰি ন্যায়িক তদন্ত অব্যাহত ৰাখিছিল অভিযুক্ত মণি মহন্তৰ বিৰুদ্ধে ৷ অৱশেষত মঙলবাৰে দুই পক্ষৰ সাক্ষ্য গ্ৰহণৰ পিছত ন্যায়ালয়ে এই ৰায় প্ৰদান কৰে ৷ মৰিগাঁও জিলা সত্ৰ ন্যায়ালয়ৰ এই ৰায়দানৰ বাবে প্ৰায় পাঁচ বছৰৰ পিছত ন্যায় পাবলৈ সক্ষম হ’ল এগৰাকী দুৰ্ভগীয়া মাতৃয়ে ।

লগতে পঢ়ক : দালাল ধৰিছে চৰকাৰে; ক্ষমতা দেখুৱাই মোকলাই নিছে বিৰোধী বিধায়কে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.