বেংক আৰু আত্মসহায়ক গোটসমূহৰ ঋন পৰ্যালোচনা সভা

author img

By

Published : Sep 2, 2022, 2:17 PM IST

a

মৰিগাঁৱত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান(Assam State Rural Livelihoods Mission)ৰ মৰিগাঁও জিলা পৰিচালনা শাখাৰ বিশেষ কাৰ্যসূচী । ঋণ প্ৰদান আৰু ঋণ পৰিশোধৰ শিবিৰৰ(Credit and recovery camp) জড়িয়তে আত্ম সহায়ক গোটৰ সদস্যাসকলক ঋণ প্ৰদান তথা ঋণ পৰিশোধৰ ব্যৱস্থা কৰে শাখাটোৱে ।

মৰিগাঁও,২ ছেপ্তেম্বৰ: মৰিগাঁৱত অনুষ্ঠিত কৰা হয় ঋণ প্ৰদান আৰু ঋণ পৰিশোধৰ শিবিৰৰ । অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান(Assam State Rural Livelihoods Mission)ৰ মৰিগাঁও জিলা পৰিচালনা শাখাই আয়োজন কৰে এই বিশেষ অনুষ্ঠানৰ ।

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মৰিগাঁও জিলা পৰিচালনা শাখাই শুকুৰবাৰে পবিতৰা হাটত আত্মসহায়ক গোটৰ সদস্যাসকল লৈ ঋণ প্ৰদান আৰু ঋণ পৰিশোধৰ শিবিৰটিৰ আয়োজন কৰে (Credit and recovery camp) । উক্ত শিবিৰটিত মুঠ ১১৪৬.৭৪ লাখ টকাৰ ৪১০ টা ঋণ অনুমোদনৰ বিপৰীতে ৫৪০.৭৪ লাখ টকাৰ ২৯২ টা ঋণ আত্ম সহায়ক গোটৰ সদস্যাসকলক প্ৰত্যক্ষভাৱে প্ৰদান কৰা হয় ।

loan related meeting in morigaon
মৰিগাঁৱত অনুষ্ঠিত কৰা হয় ঋণ প্ৰদান আৰু ঋণ পৰিশোধৰ শিবিৰৰ

আনহাতে অকাৰ্যক্ষম সম্পত্তিৰ (Non-performing assets) ক্ষেত্ৰত মুঠ ৪৫ টা ঋণ আত্ম সহায়ক গোটৰ সদস্যাসকলে বেংকক পৰিশোধ কৰে । উক্ত শিবিৰত উপস্থিত থাকে মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষিতীশ চন্দ্ৰ পেগু, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক প্ৰকল্প প্ৰৱন্ধক দীপাংকৰ বৰুৱা, নাবাৰ্ড‌ৰ সহ- জিলা প্ৰৱন্ধক, RSETI ৰ সঞ্চালক, ভাৰতীয় ষ্টেট বেংকৰ মুখ্য প্ৰৱন্ধক আৰু অন্যান্য বেংক তথা বিত্তীয় প্ৰতিষ্ঠানৰ প্ৰৱন্ধকসকল উপস্থিত থাকে ।

উপস্থিতি বিশিষ্ট ব্যক্তিসকলে আত্ম সহায়ক গোটৰ সদস্যাসকলক বেংকৰ ঋণৰ সঠিক ব্যৱহাৰৰ নিজে স্বাৱলম্বী হোৱাৰ লগতে নিয়মীয়াকৈ বেংকত ঋণ পৰিশোধ কৰিবলৈও পৰামৰ্শ আগবঢ়ায় ।‌ আনহাতে অনুষ্ঠানটিত উপস্থিত আত্মসহায়ক গোটৰ সদস্যাসকলে এই প্ৰচেষ্টাক প্ৰশংসাৰে ওপচাই তোলে ।

লগতে পঢ়ক: কাৰ্বি আংলঙত পাহাৰীয়া নৈত বিপদ সংকুল যাতায়াত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.