মৰিগাঁৱত কাতি বিহুৰ প্ৰস্তুতি

author img

By

Published : Oct 18, 2021, 2:14 PM IST

Kati Bihu preparation at Morigaon

আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয় । কাতি বিহুত অসমীয়াই ঘৰে ঘৰে তুলসীৰ পুলি ৰুই, গধূলি তুলসীৰ তলত চাকি জ্বলাই নাম গায় । ইয়াৰ লগতে ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰি লখিমী আদৰিবলৈ চাকি জ্বলোৱা হয় ।

মৰিগাঁও, 18 অক্টোবৰ : আজি বাপতি সাহোন হেঁপাহৰ কাতি বিহু । ঘৰে ঘৰে তুলসী ৰুই, বেদীত পানী-গোবৰে লেপি-মচি আগলতি কলপাতত তামোল-পাণ, বন্তি, শৰাই, ধূপ-দীপ, নৈবেদ্য দিয়াৰ পৰম্পৰা অতীতৰে পৰা চলি আহিছে । সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ মৰিগাঁও জিলাত অসমীয়াৰ কাতি বিহু উদযাপন কৰা হ’ব ৷ জিলাখনৰ ধৰমতুল, শলমাৰী, চৰাইবাহী, চাবুকৰ, বাৰপূজীয়া, বঘৰা, গছগুৰি, এজাৰবাৰী, চোলাপাৰৰ চহা গ্ৰামাঞ্চলৰ ৰাইজ পুৱাৰে পৰা হেঁপাহৰ কাতি বিহু উদযাপনৰ বাবে ব্যস্ত হৈ পৰিছে ।

Kati Bihu preparation at Morigaon
মৰিগাঁৱত কাতি বিহুৰ আয়োজন

ক’ভিড সংক্ৰমণৰ মাজতে অসমীয়াৰ বৰঘৰ পালেহি কাতি বিহু । কাতি বিহু দিনটোতে চহা কৃষকৰ গেঁৰ ধৰা ধাননিডৰা সুৰক্ষা পাবৰ বাবে আহিনৰ সংক্ৰান্তিৰ দিনা পালন কৰি অহা হয় এই পৰ্ব । কৃষিভিত্তিক এই মাংগলিক লোকপৰ্বৰ বাবে ৰাজ্যৰ গাঁৱে-গাঁৱে পুৱাৰ পৰা ব্যস্ত হৈ পৰিছে প্ৰতিজন চহা-কৃষক, ৰোৱনী-দাৱনী ।

মৰিগাঁৱত কাতি বিহুৰ আয়োজন

কাতি বিহুৰ পৰম্পৰাগত লোকবিশ্বাস মতে পথাৰত সেৱা ধৰি পুৱাই ছাট দি ধাননিডৰা লহপহকৈ বাঢ়ি যোৱাৰ কামনা কৰিছে প্ৰতিজন গ্ৰাম্য অসমীয়াই । সমান্তৰালভাৱে ঘৰে ঘৰে তুলসী ৰুই, তুলসীৰ তলত চাকি-বন্তি জ্বলাই পথাৰত ৰবাব টেঙা খোৱাতো লোক পৰম্পৰা । সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি আজি মৰিগাঁৱৰ চহা কৃষকে উদযাপন কৰিছে হেঁপাহৰ কাতি বিহু বা কাতি দেউল ৷

লগতে পঢ়ক : মাজুলীত কাতি বিহুক লৈ ব্যাপক প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.