বিছাৰ উপদ্ৰৱত খাব-শুৱ নোৱাৰা হৈছে মৰিগাঁৱৰ ৰাইজে

author img

By

Published : Aug 6, 2021, 8:58 PM IST

jute hairy terror in morigaon

মৰিগাঁৱত বিছা পোকৰ (jute hairy) ত্ৰাস । মৰাপাট খেতিৰ পৰা গৈ কৃষকৰ ঘৰত ত্ৰাসৰ সৃষ্টি কৰিছে জাক-জাক বিছা পোকে । ফলত খাব-শুৱ নোৱাৰা পৰিবেশৰ সৃষ্টি হৈছে মৰিগাঁৱৰ টেঙাগুৰি গাঁৱত ।

মৰিগাঁও, 6 আগষ্ট : মৰিগাঁৱৰ টেঙাগুৰি গাঁৱত বিছা পোক (jute hairy)ৰ উপদ্ৰৱত ত্ৰাহি মধুসূদন দেখিছে চহা কৃষকে । কাৰণ এফালৰ পৰা বিঘাই-বিঘাই মৰাপাট খেতি (jute plant) খাই-খাই তহিলং কৰিছে বিছাই । ইমানেই নহয়, মৰাপাট পাত খাই তহিলং কৰাৰ পিছতে কৃষকসকলৰ বাৰীৰ লাও ,জিকা-ভোল, বেঙেনা ,আলু ,কচু, জলকীয়া ইত্যাদি বিভিন্ন শাক-পাচলিৰ খেতিও খাই বিস্তৰ ক্ষতি সাধন কৰিছে বিছাজাকে ।

শাক-পাচলি খেতিৰ বিস্তৰ ক্ষতিসাধন কৰাৰ পাছত কৃষকসকলৰ ঘৰত প্ৰৱেশ কৰিছে জাক-জাক বিছা ৷ একেবাৰে শোৱনি কোঠা , পাকঘৰ, বিছনা- পত্ৰ, বাচন-বৰ্তন, কাপোৰ-কানি সকলোতে মিছাৰ ত্ৰাস ৷ ফলত ঘৰত খাব-শুৱ নোৱাৰা পৰিবেশ সৃষ্টি হৈছে স্থানীয় লোকসকলৰ । বিছাৰ উপদ্ৰৱৰ কাৰণে কণ-কণ ল’ৰা-ছোৱালীসকলক ঘৰৰ পৰা আঁতৰাই ৰাখিবলগীয়া হৈছে ।

বিছাৰ উপদ্ৰৱত খাব-শুৱ নোৱাৰা পৰিস্থিতি ৰাইজৰ

লগতে পঢ়ক - হোজাই জিলাৰ ডাবলং স্বাস্থ্যকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

উল্লেখ্য যে, বিছাৰ উপদ্ৰৱ ইমানে বৃদ্ধি পাইছে যে, সেই স্থানত ৰৈ থাকিলেই মানুহৰ হাতে-ভৰিয়ে কিলবিলাই ফুৰে বিছাই । আনহাতে, বিছাৰ উপদ্ৰৱৰ পৰা হাত সাৰিবলৈ চতিয়াইছে বহু কীট-নাশক প্ৰতিষেধক ৷ কিন্তু বহুবাৰ কীট নাশক (Insects) দ্ৰব্য চতিয়াইও কোনো সুফল নোপোৱা বুলি সাংবাদিকৰ আগত সদৰি কৰিছে ৷ ইফালে চামে-চামে জগিছে মৰাপাটত বিছা । দেখিলেই গাৰ নোম শিয়ৰি উঠে ৷

ফলত মূৰে কঁপালে হাত দিব লগা হৈছে মৰাপাটৰ কৃষকসকলৰ লগতে স্থানীয়লোকসকল । ইফালে কৃষি বিভাগৰ (Agriculture Department) পৰাও কোনো ধৰণৰ সঁহাৰি পোৱা নাই বুলি অভিযোগ কৰিছে কৃষক সকলে ৷ অতি শীঘ্ৰে বিছাৰ ত্ৰাসৰ পৰা ৰক্ষা কৰিবলৈ কৃষি বিভাগক আহ্বান জনাইছে ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক - চম্পাৱতী নৈয়ে 20 খন গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.