মৰিগাঁৱত দুই জেহাদী আটক

author img

By

Published : Sep 12, 2022, 9:05 AM IST

Updated : Sep 12, 2022, 1:49 PM IST

jihadi arrested by Morigaon police at sahariyapam

মৰিগাঁৱত দুই জেহাদী আটক (Jihadi arrested in Morigaon) ৷ দেওবাৰে নিশা DSP মৌচুমী দাসৰ নেতৃত্বত অভিযান চলাই আৰক্ষীয়ে আটক কৰিলে জেহাদী দুটাক ৷

মৰিগাঁও, 12 ছেপ্টেম্বৰ: মৰিগাঁৱত আটক দুটা জেহাদী (Jihadi arrested by Morigaon police) ৷ এক গোপন সূত্ৰ অনুসৰি মৰিগাঁও আৰক্ষীয়ে নিশা চহৰীয়াপামত চলোৱা এক অভিযানত বাংলাদেশৰ সন্ত্ৰাসবাদী সংগঠন আনচাৰুল্লাহ বাংলা চুমকৈ এ বি টিৰ সৈতে সম্পৰ্ক থকা দুটা জেহাদীক আটক কৰে ৷ এই দুটা জেহাদীৰ জমিউল হুদা মাদ্ৰাছৰ লগত লিংক থকাৰ অভিযোগ উত্থাপিত হৈছে ৷

আটকাধীন জেহাদী দুটা ইক্ৰামুল হুছেইন আৰু মুছাদ্দিক হুছেইন বুলি জানিব পৰা গৈছে (Jihadi arrested in Morigaon)৷ ধৃত দুই সদস্য ইমামৰ বেশত মৈৰাবাৰী অঞ্চলটোত বাহৰ পাতিছিল (Jihahi linkman arrested) বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ জিলাখনৰ উপ আৰক্ষী অধীক্ষক মৌচুমী দাসৰ নেতৃত্বত চলিছিল এই অভিযান ৷

jihadi-arrested-by-morigaon-police-at-sahariyapam
মৰিগাঁৱত দুই জেহাদী আটক

উল্লেখ যে, মৈৰাবাৰী চহৰীয়াগাঁৱৰ জমিউল হুদা মাদ্ৰাছখন বিগত ২৮ জুলাইত জিলা প্ৰশাসনে ছীল কৰাৰ পাছত ৪ আগষ্টত মৰিগাঁও জিলা প্ৰশাসনে ছীল কৰা মাদ্ৰাছাখন সম্পূৰ্ণৰূপে উৎখাত কৰিছিল । এই মাদ্ৰাছাখনৰ শিক্ষক মুফতি মুস্তাফাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ পাছত আৰু কেইবাজনো মৌলবী গ্ৰেপ্তাৰ কৰি জেৰা কৰা হৈছিল ।

আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি, মফতি মুস্তোফাই বাংলাদেশৰ সন্ত্ৰাসবাদী সংগঠনৰ পৰা ২০১৯ চনৰ পৰা ধনৰ লেনদেন কৰি আহিছিল । তদুপৰি ২০১৯ চনত মফতি মুস্তোফাই এই জমিউল হুদা মাদ্ৰাছত বহিৰাষ্টৰ সন্দেহ যুক্ত সন্ত্ৰাসবাদী সংগঠন জেহাদী সংগঠনৰ সদস্যক আশ্ৰয় প্ৰদান কৰিছিল বুলিও আৰক্ষীয়ে তথ্য লাভ কৰিছিল । আৰক্ষীয়ে মাদ্ৰাছাখনৰ যাৱতীয় তথ্য-পাতিৰ লগতে মফতি মুস্তোফাৰ বেংকৰ পাছবুক ম'বাইল ফোন আদি জব্দ কৰিছিল ।

jihadi-arrested-by-morigaon-police-at-sahariyapam
মৰিগাঁৱত দুই জেহাদী আটক

২০১৮চনত স্থাপন কৰা এই মাদ্ৰাছা খনৰ মফতি মুস্তোফাই বাংলাদেশৰ সন্ত্ৰাসবাদী সংগঠনৰ সদস্য আমিৰুদ্দিন আৰু মামুল ৰছিদৰ পৰা ধন সংগ্ৰহ কৰাৰ তথ্য লাভ কৰাৰ পিছত আৰক্ষীয়ে মফতি মুস্তোফাই জেহাদীৰ বিশাল নেটৱৰ্ক গঢ়িবলৈ চেষ্টা কৰি আছে বুলি সন্দেহ প্ৰকাশ কৰে । সন্দেহৰ আধাৰতে লগতে মুস্তোফাইৰ স্বীকাৰোত্তীৰ ভিত্তিত অভিযান চলাই এই দুটা জেহাদীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

লগতে পঢ়ক: 'কা' সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ত শুনানি

Last Updated :Sep 12, 2022, 1:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.