আজি ৰাজ্যজুৰি বিতৰণ ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেন্সনৰ চেক

author img

By

Published : Sep 20, 2022, 9:55 PM IST

Indira Miri Universal Widow Pension Scheme in Assam

আজি তেজপুৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেন্সন আঁচনিৰ শুভাৰম্ভ কৰাৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মন্ত্ৰী-বিধায়কেও এই আঁচনিৰ অধীনত চেক বিতৰণ কৰা পৰিলক্ষিত হয় (Assam CM Himanta Biswa Sarma) ৷ এই আঁচনিৰ জৰিয়তে শোকসন্তপ্ত পৰিয়ালসমূহৰ ৪৫ বছৰ বয়সলৈকে বিধৱা মহিলালৈ ২৫,০০০ টকাৰ এককালীন আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগতে বিধৱা মহিলাসকলক ৬০ বছৰ বয়সলৈকে মাহিলী ৩০০ টকাকৈ পেঞ্চন আগবঢ়োৱা হয় ।

নেউজ ডেস্ক, 20 ছেপ্টেম্বৰ: মহিলা সৱলীকৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এক আঁচনিৰ নাম হৈছে ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেন্সন আঁচনি (Indira Miri Universal Widow Pension Scheme) । এই আঁচনিৰ অধীনত ৰাজ্যৰ ১৮ বছৰ বয়সৰ পৰা ৫৯ বছৰ বয়সৰ বিধৱা মহিলাসকলক পেঞ্চন যোগান ধৰা হয় ।

এই আঁচনিৰ জৰিয়তে শোকসন্তপ্ত পৰিয়ালসমূহৰ ৪৫ বছৰ বয়সলৈকে বিধৱা মহিলালৈ ২৫,০০০ টকাৰ এককালীন আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগতে বিধৱা মহিলাসকলক ৬০ বছৰ বয়সলৈকে মাহিলী ৩০০ টকাকৈ পেঞ্চন আগবঢ়োৱা হয় (Assam Govt Provides financial Assistance)।

এই আঁচনিখনৰ মূল উদ্দেশ্য হৈছে, মহিলাসকলক উন্নত জীৱিকা প্ৰদান কৰা, নিৰাশ মহিলাসকলক সবল কৰা আৰু বৃদ্ধাসকলক সামাজিক আৰু বিত্তীয় সুৰক্ষা প্ৰদান কৰা ৷ আনহাতে, ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেন্সন আঁচনি সফল ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে মুখ্য ভূমিকা পালন কৰিছে ।

উল্লেখ্য যে, আজি তেজপুৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা( Assam CM Himanta Biswa Sarma) এই আঁচনিৰ শুভাৰম্ভ কৰাৰ পিছতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত অধিক সংখ্যক মন্ত্ৰী-বিধায়কেও এই আঁচনিৰ অধীনত চেক বিতৰণ কৰা পৰিলক্ষিত হয় (Indira Miri Universal Widow Pension Scheme in Assam) ৷

আজি ৰাজ্যজুৰি বিতৰণ ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেন্সনৰ চেক

বাক্সা জিলাৰ বৰমাত বৰমা মহাবিদ্যালয় প্ৰেক্ষাগৃহত মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৰ লগতে বাক্সা জিলাৰ উপায়ুক্ত এম এম পাৰ্টিনৰ লগতে ভালেসংখ্যক ব্যক্তি উপস্থিতিত ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেন্সন আঁচনি চেক বিতৰণ কৰে ৷ এই অনুষ্ঠানত বাক্সা জিলাৰ ৭ গৰাকী মহিলাক আনুষ্ঠানিকভাৱে এই অনুদান প্ৰদান কৰে মন্ত্ৰী ইউ জি ব্ৰহ্মই । বাক্সা জিলাত সৰ্বমুঠ ৩০৮ গৰাকী মহিলাক এই আঁচনিৰ ধন পোনপটীয়াকৈ প্ৰদান কৰা হয় ৷

ইফালে নলবাৰীতো ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেন্সন আঁচনিৰ অধীনত শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে বিধৱা মহিলাসকলক এককালীন সাহায্যৰ চেক বিতৰণ কৰে ৷ নলবাৰী নাট্য মন্দিৰত অনুষ্ঠিত এই আঁচনিৰ জৰিয়তে নলবাৰী জিলাত ২০০ গৰাকী হিতাধিকাৰীক ২৫,০০০ টকাৰ চেক প্ৰদান কৰে । আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে নলবাৰী জিলা উপায়ুক্ত গীতিমণি ফুকনৰ লগতে বিভাগীয় লোকসকল ।

এই অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্তিগত খণ্ডৰ বিদ্যালয় সম্পৰ্কে কয় য়ে Free Regularity Authority Committee ক মানি নচলিলে পূৰ্বে কোনো শাস্তি বা জৰিমনাৰ কথা নাছিল যদিও বৰ্তমান এই কমিটিক মানি নচলিলে জৰিমনা বিহা হ'ব ।

আনফালে হোজাই জিলাতো এই আচঁনিৰ অধীনত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বিধৱা মহিলাসকলক এককালীন সাহায্যৰ চেক বিতৰণ কৰে ৷ হোজাই শংকৰদেৱ নগৰৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত জিলা উপায়ুক্ত অনুপম চৌধুৰী, জিলা পৰিষদৰ সভানেত্ৰী ৰমাবালা দেৱী, বিজেপিৰ জিলা সভাপতি, অতিৰিক্ত উপায়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্ম, প্ৰশাসনিক বিষয়াসকলৰ লগতে জিলা সূচনা বিজ্ঞান বিষয়া আৰু হিতাধিকাৰীসকল উপস্থিত থাকে ।

উল্লেখ্য যে, ধেমাজিতো আজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেন্সন আঁচনিৰ অনুষ্ঠানত চেক বিতৰণ কৰে মন্ত্ৰী সঞ্জয় কৃষানে ৷ মুঠ ৩৮০ গৰাকী হিতাধিকাৰীক বিতৰণ কৰা হয চেক ৷ অনুষ্ঠানত জোনাই বিধায়ক ভূৱন পেগু, সাংসদ প্ৰদান বৰুৱা, জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যকে ধৰি জিলাখনৰ অন্যান্য শীৰ্ষ বিষয়া উপস্থিত থাকে ৷

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাটতো ইন্দিৰা মিৰি বিধৱা পেঞ্চন আঁচনিৰ অধীনত বিধৱা মহিলাক এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হয় । জিলাখনৰ প্ৰায় ৩৫০ গৰাকী বিধৱা মহিলাক এই আঁচনিৰ অধীনত ২৫ হাজাৰ টকাৰ এককালীন সাহায্য প্ৰদান কৰে যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে । অনুষ্ঠানত উপস্থিত থাকে যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, মৰিয়নী বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কূৰ্মীকে আদি কৰি ভালেসংখ্যক ব্যক্তি ।

মৰিগাঁও জিলাতো অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই এই আঁচনিৰ অধীনত জিলাখনৰ ৮ (আঠ) গৰাকী হিতাধিকাৰীক চেক বিতৰণ কৰে ৷ এই অনুষ্ঠানত অসম ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ তথা মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী , মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মা, মৰিগাঁও জিলা পৰিষদৰ সভানেত্ৰী ইচেমে আৰা বেগম, মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলী প্ৰমুখ্যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।‌

লগতে পঢ়ক: ৰাজ্যৰ 11834 গৰাকী বিধৱা মহিলালৈ ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেন্সন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.