মৰিগাঁৱত অস্থায়ী স্বাস্থ্যকৰ্মী সন্থাৰ তীব্ৰ প্ৰতিবাদ

author img

By

Published : Sep 5, 2022, 9:12 PM IST

civil worker protest in morigaon

সোমবাৰে ৰাজ্যজুৰি অস্থায়ী স্বাস্থ্য কৰ্মীয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ(Health workers protest in Assam) । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে মৰিগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ চৌহদতো অসম চৰকাৰী চিকিৎসালয় অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ(health worker protest in Morigaon) ।

মৰিগাঁও,৫ ছেপ্তেম্বৰ: সোমবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন্ন দাবীৰে অসম চৰকাৰী চিকিৎসালয় অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী(health workers protest in Assam) । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ সমান্তৰাল কৈ মৰিগাঁও জিলাৰ উপায়ুক্তৰ কাৰ্যালয় চৌহদতো সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰী লৈ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ (Morigaon health protest) ।

মৰিগাঁৱত অস্থায়ী স্বাস্থ্যকৰ্মী সন্থাৰ তীব্ৰ প্ৰতিবাদ

উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰৰ পূৰ্বৰ নিৰ্দেশনা অনুসৰি চৰকাৰী চিকিৎসালয়ৰ পৰিচালনা সমিতিসমূহে চিকিৎসালয় পৰিচালনাৰ বাবে ৰাজ্যৰ বিভিন্ন চৰকাৰী চিকিৎসালয়ৰ সমান্তৰাল কৈ মৰিগাঁও অসামৰিক চিকিৎসালয়ত এম্বুলেঞ্চ চালক, ৱাৰ্ড বয়, ড্ৰেছাৰ, ৰিচেপ্টচনিষ্ট, ইচিজি, টেকনিচিয়ান, কেৰাণী, চকীদাৰ, পিয়ন, চাফাইকৰ্মী আদি বিভিন্ন ধৰণৰ সেৱা আগবঢ়াই আহিছে (Health workers of Morigaon)।

ক'ভিডকালীন সময়তো তেওঁলোকে আগবঢ়াইছিল যথেষ্ট সেৱা (Health worker protest in Morigaon) ।

কিন্তু পৰিচালনা সমতিৰ পৰা লাভ কৰা ২০০০-৪০০০ টকাৰ পাৰিশ্ৰমিক লৈ পৰিয়াল পোহপাল দি সমাজৰ বাবে সেৱা আগবঢ়াই আছে । সেয়েহে সোমবাৰে ৰাজ্যৰ বিভিন্ন জিলা সমিতিৰ সমান্তৰাল কৈ মৰিগাঁও জিলা সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি বিভিন্ন প্ৰতিবাদী শ্ল’গান দি পৰিবেশ উত্তাল কৰি সাতদফীয়া স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: কেবিনেট বৈঠকৰ বাবে সাজু কোকৰাঝাৰ প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.