গৰাখহনীয়া অঞ্চলত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ

author img

By

Published : Sep 18, 2022, 9:36 PM IST

Free eye treatment camp in Marigaon

মৰিগাঁও জিলাৰ গৰাখহনীয়া অঞ্চলত বিনামূলীয়া চকু চিকিৎসা শিবিৰ (Free eye treatment camp in Marigaon) অনুষ্ঠিত হয় । উক্ত বিনামূলীয়া চিকিৎসা শিবিৰ মুকলি কৰে ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক আলহাজ মোবাৰক আলী পাঠানে ।

ধিং, ১৮ছেপ্টেম্বৰ: মৰিগাঁও জিলাৰ গৰাখহনীয়া অঞ্চলৰ বৰচাপৰি মাহিৰা চেন্টাৰ ফৰ চাইট, গুৱাহাটী আৰু চানৰাইজ ক্লাৱৰ সহযোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰ(Free eye treatment camp in Marigaon) অনুষ্ঠিত হয় । উক্ত বিনামূলীয়া চিকিৎসা শিবিৰ মুকলি কৰে ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক আলহাজ মোবাৰক আলী পাঠানে(Ex MLA Alhaj Mubarak Ali Pathan)।

উক্ত বিনামূলীয়া শিবিৰত চিকিৎসক ডাঃ পাৰমিতা বিশ্বাস আৰু ডাঃমুমচেং দঙে চিকিৎসা সেৱা আগবঢ়ায় । এই শিবিৰত বৃহত্তৰ নৈপৰীয়া বৰচাপৰি অঞ্চলৰ বহু সংখ্যক লোকক চিকিৎসা প্ৰদান কৰা হয় । আজিৰ এই চিকিৎসা শিবিৰত ১০০ ৰো অধিক সংখ্যক ৰোগীৰ চকু চিকিৎসা প্ৰদান কৰা হয় ।

লগতে পঢ়ক:গুৱাহাটী ৰে'ল ষ্টেচনত বৃহৎ পৰিমাণৰ বার্মিজ চুপাৰি জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.