জেলত থকা স্বামীক ড্ৰাগছ দিবলৈ আহি আটক পত্নী

author img

By

Published : Sep 2, 2021, 9:58 PM IST

morigaon central jail

কাৰাগাৰত থকা স্বামীক হেৰ’ইন যোগান ধৰিবলৈ আহি ধৰা পৰিল পত্নী । জিলা কাৰাগৰ আৰক্ষীৰ তালাচীত জব্দ হেৰ’ইন খিনি । ইতিমধ্যে মৰিগাঁও আৰক্ষী জিলা কাৰাগাৰত উপস্থিত হৈ জেৰা চলাইছে মহিলাগৰাকীক ।

মৰিগাঁও, 2 ছেপ্টেম্বৰ : মৰিগাঁও জিলা কাৰাগাৰত থকা স্বামীক হেৰ’ইনৰ কন্টেইনাৰ যোগান ধৰিবলৈ আহি কাৰাগাৰৰ আৰক্ষীৰ খানাতালাচীত ধৰা পৰিল পত্নী । আৰক্ষীৰ জালত বন্দী ড্ৰাগছ সৰবৰাহকাৰী কুচমা খাতুন । সমগ্ৰ মৰিগাঁও জিলাত প্ৰতিক্ৰিয়া ।

মৰিগাঁৱৰ মানিপুৰত থকা জিলা কাৰাগাৰত সংঘটিত হৈছে এই ঘটনা ৷ কুচমা খাতুন নামৰ এগৰাকী মহিলাই তেখেতৰ স্বামীক দিবলৈ এটা ব্ৰেডৰ পেকেটৰ ভিতৰত সুমুৱাই আনিছিল ড্ৰাগছৰ তিনিটা কন্টেইনাৰ । জিলা কাৰাগৰ আৰক্ষীৰ তালাচীত জব্দ হেৰ’ইন খিনি । ইতিমধ্যে মৰিগাঁও আৰক্ষী জিলা কাৰাগাৰত উপস্থিত হৈ জেৰা চলাইছে মহিলাগৰাকীক ।

জেলত থকা স্বামীক ড্ৰাগছ দিবলৈ আহি আটক পত্নী

লগতে পঢ়ক : নিচাৰ ৰাগীত অবাটে যুৱ প্ৰজন্ম...

উল্লেখযোগ্য ধৃত কুচমা খাতুনে মৰিগাঁও জিলা কাৰাগাৰত বন্দী হৈ থকা স্বামী ধৃত নিজামুদ্দিনক বৃহস্পতিবাৰৰে নগাঁৱৰ পৰা আহি যোগান ধৰিছিল হেৰ’ইনখিনি ৷ কিছুদিনৰ পূৰ্বে ড্ৰাগছ সৰবৰাহৰ অপৰাধত কাৰাবন্দী হৈ থকা নিজামুদ্দিনক এটা ব্ৰেডৰ পেকেটৰ মাজত ভৰাই দিবলৈ আনিছিল তিনিটা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ । জব্দ কৰা ড্ৰাগছ খিনিৰ ওজন ৩.১৮ গ্ৰাম বুলি সদৰী কৰিছে মৰিগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক : হোজাইত ড্ৰাগছৰ আঠটা কন্টেনাৰ সহ আটক এজন

ইতিমধ্যে জিলা কাৰাগাৰত মৰিগাঁৱৰ উচ্চ পদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ ধৃত কুচমা খাতুনক গ্ৰেপ্তাৰ কৰাৰ লগতে অব্যাহত ৰাখিছে তদন্ত । যদিহে মৰিগাঁও জিলা কাৰাগাৰৰ কৰ্তৃপক্ষই তন্ন তন্ন কৈ খানাতালাচ নকৰিলে হেঁতেন, তেন্তে এই কাণ্ড পোহৰলৈ নাহিল হেঁতেন ।

জানিব পৰা মতে কাৰাবন্দী নিজামুদ্দিনক ড্ৰাগছ সৰবৰাহৰ অপৰাধত মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল । আনহাতে কুচমা খাতুন বৃহস্পতিবাৰে নগাঁৱৰ পৰা আহিছিল ধৃত নিজামুদ্দিনক জেলত দেখা কৰিবলৈ আৰু স্বামীক জেলৰ ভিতৰত ড্ৰাগছ দিবলৈ আহি এতিয়া জেলতে দিন কটাব লাগিব পত্নীয়েও ৷

লগতে পঢ়ক : যোৰাবাটত বুজন পৰিমানৰ হেৰ'ইন সহ দুজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.