ভূৰবন্ধা আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ দায়িত্বত দ্বীপেন দাস

author img

By

Published : Sep 22, 2021, 1:54 PM IST

Dipen Das takes oath as president of Bhurbandha panchayat

তিনিমাহৰ অন্তত মঙলবাৰে পুনৰ গঠন হ'ল মৰিগাঁৱৰ ভূৰবন্ধা আঞ্চলিক পঞ্চায়ত সমিতি । ভূৰবন্ধা আঞ্চলিক পঞ্চায়তৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিলে দ্বীপেন দাসে ।

মৰিগাঁও, ২২ ছেপ্টেম্বৰ : মৰিগাঁও জিলাৰ ভূৰবন্ধা আঞ্চলিক পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতিৰ কাৰ্যভাৰ গ্ৰহণ । ভূৰবন্ধা আঞ্চলিক পঞ্চায়তৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে দ্বীপেন দাসে । তিনিমাহৰ অন্তত মঙলবাৰে পুনৰ গঠন কৰা হ'ল মৰিগাঁৱৰ ভূৰবন্ধা আঞ্চলিক পঞ্চায়ত সমিতি । পঞ্চায়ত সভাপতিৰ খালী হৈ থকা আসনখন অলংকৃত কৰে দ্বীপেন দাসে ।

উল্লেখ্য যে, ভূৰবন্ধা আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি বিজু পাটৰক অনাস্থা প্ৰস্তাৱযোগে উক্ত পদৰ পৰা অব্যাহতি দিয়াৰ পিছৰে পৰা আঞ্চলিক পঞ্চায়তৰ কাম-কাজ স্তব্ধ হৈ পৰে । যোৱা ৯ ছেপ্টেম্বৰত ভূৰবন্ধা আঞ্চলিক পঞ্চায়তৰ সদস্যসকলে সভাপতিৰূপে দ্বীপেন দাসক নিৰ্বাচিত কৰে ।

তিনি মাহৰ বিৰতিৰ পিছত মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষিতীশ চন্দ্ৰ পেগু, মৰিগাঁও জিলা পৰিষদৰ সভানেত্ৰী ইচমা আৰা বেগম, ভূৰবন্ধা উন্নয়ন খণ্ড বিষয়া কাশ্যপী কাশ্যপৰ উপস্থিতিত আঞ্চলিক পঞ্চায়তৰ সদস্যসকলৰ সৰ্বসন্মতিক্ৰমে জ্যেষ্ঠ সদস্য দ্বীপেন দাসক নিৰ্বাচিত কৰি কাৰ্যভাৰ অৰ্পণ কৰা হয় ।

লগতে সদস্যসকলৰ মাজত সহযোগিতা অক্ষুণ্ণ ৰাখি ৰাজ্যৰ ভিতৰতে ভূৰবন্ধা আঞ্চলিক পঞ্চায়তৰ উন্নয়ন চকুত লগা কৰিব বুলি নৱ নিৰ্বাচিত সভাপতি দ্বীপেন দাসে মন্তব্য কৰে ।

লগতে পঢ়ক: 25 ছেপ্তেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক চতুৰ্থ ষান্মাসিকৰ পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.