মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত দেশভক্তি দিৱস উদযাপন

author img

By

Published : Jul 28, 2021, 9:58 PM IST

desh-bhakti-divas-celebrated-at-morigaon

আজি দেশভক্ত তৰুণৰাম ফুকন (Tarun Ram Phukan)ৰ ৮২ সংখ্যক মৃত্যু দিৱস ৷ ৰাজ্যিক কেবিনেটত দেশভক্ত তৰুণ ৰাম ফুকনৰ মৃত্যু দিৱস দেশভক্তি দিৱস হিচাপে ৰাজ্যজুৰি পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । সেই অনুসৰি বুধবাৰে প্ৰথমবাৰৰ বাবে ৰাজ্যজুৰি স্বাধীনতা সেনানী (Freedom Fighter)গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷

মৰিগাঁও, 28 জুলাই : মৰিগাঁও জিলা প্ৰশাসন (Morigaon distric Administration)ৰ উদ্যোগত তথা জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত মৰিগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত বুধবাৰে ৮২ সংখ্যক দেশভক্তি দিৱস (Desh Bhakti Divas) উদযাপন কৰা হয় । মৰিগাঁও জিলা উপায়ুক্ত (Deputy Commissioner) সীমাৰেখা ভূঞাই দেশভক্ত তৰুণৰাম ফুকন (Tarun Ram Phukan)ৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পমাল্য অৰ্পণেৰে সভাৰ কাৰ্যসূচী আৰম্ভ কৰে ৷ অনুষ্ঠানটোত মৰিগাঁও জিলাৰ বিশিষ্ট তিৱা ভাষাৰ গৱেষক তথা সাহিত্যিক মনেশ্বৰ দেউৰী আৰু মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি দেশভক্ত তৰুণৰাম ফুকনৰ জীৱনৰ ওপৰত আলোকপাত কৰে ৷ সভাত মৰিগাঁও জিলা মুক্তি যুঁজাৰু সন্মিলনীৰ কাৰ্যকৰী সভাপতি জীতেন শৰ্মা আৰু মৰিগাঁও জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি বিৰিঞ্চি শৰ্মাই ভাষণ প্ৰদান কৰে ।

desh-bhakti-divas-celebrated-at-morigaon
মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত দেশভক্তি দিৱস উদযাপন

সভাত মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত, সহকাৰী আয়ুক্ত, মহকুমাধিপতিৰ লগতে উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে । উল্লেখ্য যে, আজি ৰাজ্যজুৰি দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিৱসক দেশভক্তি দিৱস হিচাপে পালন কৰা হয় । পূৰ্বে ৰাজ্যিক কেবিনেটত দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিৱস দেশভক্তি দিৱস হিচাপে ৰাজ্যজুৰি পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।

desh-bhakti-divas-celebrated-at-morigaon
মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত দেশভক্তি দিৱস উদযাপন

সেই অনুসৰি বুধবাৰে প্ৰথমবাৰৰ বাবে ৰাজ্যজুৰি ক'ভিড প্ৰট’কল মানি দেশভক্তি দিৱস প‍ালন কৰা হয় ৷ একেদৰে নগাঁও, শিৱসাগৰ, যোৰহাট, নলবাৰী আদি বিভিন্ন জিলাতো উদযাপন কৰা দেখা যায় এই দেশভক্তি দিৱস ৷ গুৱাহাটীৰ ভৰলুমুখত আয়োজিত দেশভক্তি দিৱসত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে ।

desh-bhakti-divas-celebrated-at-morigaon
মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত দেশভক্তি দিৱস উদযাপন

লগতে পঢ়ক : বৰপেটা প্ৰশাসনৰ উদ্যোগত দেশভক্তি দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.