আছুৰ মৰিগাঁও অধিৱেশনত বৃদ্ধ ছাত্ৰনেতাৰ প্ৰৱেশ নিষিদ্ধৰ আহ্বান
Published: Nov 19, 2023, 10:59 PM

আছুৰ মৰিগাঁও অধিৱেশনত বৃদ্ধ ছাত্ৰনেতাৰ প্ৰৱেশ নিষিদ্ধৰ আহ্বান
Published: Nov 19, 2023, 10:59 PM
সদৌ অসম ছাত্ৰ সন্থাৰ বৃদ্ধ, ভুৱা ছাত্ৰ প্ৰতিনিধি হৈ মৰিগাঁও অধিৱশনলৈ আহিব নোৱাৰিব । দেওবাৰে সংবাদমেল সম্বোধন কৰি এই ঘোষণা ডিমৰীয়া ছাত্ৰ সন্থাৰ চৰ্চিত নেতা দিব্যজ্যোতি মেধিৰ । আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই শনিবাৰে নিশা মৰিগাঁৱত মৃত্যুৰ সময়লৈকে সেৱা আগবঢ়াব বুলি ঘোষণা কৰাৰ পাচতে দেওবাৰে ডিমৰীয়াত ছাত্ৰ নেতাই সংবাদমেল সম্বোধন কৰে ৷
মৰিগাঁও, 19 নৱেম্বৰ : আগন্তুক ২১, ২২, ২৩ নৱেম্বৰত মৰিগাঁৱত অনুষ্ঠিত হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশন । অষ্টাদশ অধিৱেশনলৈ মাজত মাথো এটা দিন থকাৰ মাজতে কামৰূপ মেট্ৰ’ আছু আৰু আছুৰ কেইবাটাও স্থানীয় শাখাই সমুজ্জ্বল ভট্টাচাৰ্য আছুক মুখ্য উপদেষ্টা পদ অব্যাহত ৰখাৰ গোপন ৰণকৌশলক লৈ আছুৰ ভিতৰচ’ৰাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷
আনহাতে সমুজ্জ্বল ভট্টাচাৰ্যই শনিবাৰে নিশা মৰিগাঁৱত সংবাদ মাধ্যমৰ আগত মৃত্যুৰ আগলৈকে আছুত সেৱা আগবঢ়াব বুলি সদৰী কৰিছিল ৷ ভট্টাচাৰ্যৰ উক্ত কথাৰ পাচতে কামৰূপ মেট্ৰ' জিলাৰ আছু আৰু বৃহত্তৰ ডিম'ৰীয়া শাখাৰ সমান্তৰালভাৱে আছুৰ মৰিগাঁও ৰাজ্যিক অধিৱেশনক প্ৰত্যাহ্বান জনাই সোণাপুৰত তিনিদিনীয়া যুৱ সমাৰোহৰ আয়োজন কৰিছে ৷
শেহতীয়াকৈ বিশেষ চৰ্চালৈ অহা আছু নেতা দিব্যজ্যোতি মেধিয়ে দেওবাৰে সংবাদ মাধ্যমত কয় যে সমুজ্জ্বল ভট্টাচাৰ্য আৰু তেওঁৰ লবীয়ে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিত কেবাজনো বিষয়-ববীয়াৰ পদত অধিষ্ঠিত হোৱাৰ কোনো অধিকাৰ নাই । আছুৰ দুলীয়াজান সন্মিলনে ৪০ বছৰৰ ওপৰৰ ব্যক্তিক AASUৰ কেন্দ্ৰীয় সমিতিৰ সদস্য পদত অধিষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰি AASU ৰ সংবিধান সংশোধন কৰে ।
ইয়াৰ ভিত্তিত মেধি আৰু তেওঁৰ দুই সহযোগীয়ে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অতিৰিক্ত বয়সীয়াল সদস্যৰ বৈধ্যতাৰ সম্পৰ্কে গোচৰ ৰুজু কৰে কেন্দ্ৰীয় সমিতিৰ বিৰুদ্ধে ৷ কিন্তু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কামৰূপ মেট্ৰ’ চিজেএম আদালতত গোচৰ চলি থকাৰ পাচতো আছুৰ মুখ্য উপদেষ্টা হিচাবে নিজৰ পদ অব্যাহত ৰাখিবলৈ লখিমপুৰত আছুৰ কাৰ্যবাহী বৈঠকত প্ৰস্তাৱ গ্ৰহণ কৰে বুলি দিব্যজ্যোতি মেধিয়ে অভিযোগ কৰে ।
তেওঁ আৰু কয় যে ৬৪ বছৰ হোৱাৰ পাচতো ভট্টাচাৰ্য আৰু তেওঁৰ লবীয়ে আছুক লাভজনক ব্যৱসায়িক কেন্দ্ৰ হিচাবে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল যদিও আছুৰ ফালৰ পৰা অসমচুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কোনো স্পষ্ট স্থিতি নাছিল ৷ মুঠৰ ওপৰত এইবাৰ মৰিগাঁও অধিৱেশনত কোনো বৃদ্ধ, ভুৱা ছাত্ৰ প্ৰতিনিধি যাতে প্ৰতিনিধি হৈ আহিব নোৱাৰে তাৰ বাবে পানী নসৰকা ব্যৱস্থা কৰাৰ আহ্বান জনাইছে দিব্যজ্যোতি মেধিয়ে ।
