Bharat Jodo Yatra in Morigaon: বিজেপিৰে গোপন বুজাবুজি নকৰা দলৰে মিত্ৰতা কৰিব কংগ্ৰেছে

author img

By

Published : Nov 23, 2022, 7:52 PM IST

Bharat Jodo Yatra in Morigaon

বুধবাৰে প্ৰায় তিনি সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে হাতে হাতে দলীয় পতাকা লৈ বিভিন্ন শ্ল’গান দি মৰিগাঁও জিলা কংগ্ৰেছ ভৱনৰ পৰা আৰম্ভ কৰে এই ভাৰত জোড়ো যাত্ৰা (Congress Bharat Jodo Yatra) ।

মৰিগাঁও, 23 নৱেম্বৰ: বুধবাৰে মৰিগাঁও জিলাৰ কংগ্ৰেছৰ উদ্যোগত আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নেতৃত্বত মৰিগাঁৱৰ পৰা জালুগুটিলৈ অনুষ্ঠিত হয় কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা (Bharat Jodo Yatra in Morigaon) ৷ যাত্ৰাত অংশগ্ৰহণ কৰে অসম অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ লগতে সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ আছিফ নাজাৰে (Bhupen Bora in Morigaon) ৷

বিজেপিৰে গোপন বুজাবুজি নকৰা দলেৰে মিত্ৰতা কৰিব কংগ্ৰেছে

লগতে কংগ্ৰেছ নেতা স্বপন মণ্ডল, জিলা কংগ্ৰেছৰ সভাপতি বীৰ কুমাৰ কোঁৱৰ, APCC ৰ জনজাতি মৰ্চাৰ সভাপতি ৰমেশ বৰদলৈ, মৰিগাঁও মহিলা কংগ্ৰেছৰ সভানেত্ৰী চেহনাজ খানম, মৰিগাঁও পৌৰসভাৰ সাত নং ৱাৰ্ড কমিচনাৰ নাৰ্জু বেগমৰ লগতে যুৱ কংগ্ৰেছ, ছাত্ৰ কংগ্ৰেছৰ বিষয় ববীয়াসকলেও এই যাত্ৰাত অংশ লয় ৷

প্ৰায় তিনি সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে হাতে হাতে দলীয় পতাকা লৈ বিভিন্ন শ্ল’গান দি মৰিগাঁও জিলা কংগ্ৰেছ ভৱনৰ পৰা আৰম্ভ কৰে এই ভাৰত জোড়ো যাত্ৰা (Congress Bharat Jodo Yatra) । ইয়াৰ পূৰ্বে গান্ধীজী, ভূপেন হাজৰিকা, মতিৰাম বৰা, কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা আৰু প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনায় কংগ্ৰেছৰ নেতা-কৰ্মীসকলে ।

কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে সভাপতি ভূপেন বৰাই ৷ তেওঁ কয় যে, কেৱল দলৰ ভেটি শক্তিশালী কৰাৰ বাবেই এই কাৰ্যসূচী ৰূপায়ন কৰা নাই ৷ BJP ৰ ভিজন ডকুমেন্টত থকা আৰু কাৰ্যকৰী কৰিব নোৱৰা দিশ সমূহ ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰিছে কংগ্ৰেছে (Congress rally in Morigaon)।

লগতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সভাপতি ভূপেন বৰাই আগন্তুক লোকসভাৰ নিৰ্বাচনত শাসকীয় BJP ৰে মুকলি বা গোপন বুজাবুজি নকৰা দলৰে মিত্ৰতাৰ বাবে চিন্তা চৰ্চা কৰাৰ বিষয়ে সদৰী কৰে ।

উল্লেখ্য যে, কংগ্ৰেছ দলে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰা অংশ হিচাপে অসমত যোৱা 1 নৱেম্বৰৰ পৰা আৰম্ভ হৈছিল ভাৰত জোড়ো যাত্ৰা ৷ ধুবুৰীৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে এই যাত্ৰা আৰম্ভ কৰে ৷ গুৱাহাটীত ভাৰত জোড়ো যাত্ৰা প্ৰৱেশৰ বাবে কেইদিনমান এই অনুষ্ঠান স্তিমিত হৈছিল যদিও আজি পুনৰ মৰিগাঁৱৰ পৰা আৰম্ভ হৈছে ভাৰত জোড়ো যাত্ৰা ৷

লগতে পঢ়ক: Bhupen Bora reaction: চৰকাৰে ৰাজ্যবাসীক নিৰাপত্তাহীনতাৰ মাজলৈ ঠেলি দি ৰং চোৱাত ব্যস্ত: ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.