লাহৰীঘাট সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ স্থানান্তৰক লৈ প্ৰতিক্ৰিয়া

author img

By

Published : Sep 28, 2022, 2:14 PM IST

লাহৰীঘাট সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়খন স্থানান্তৰিত কৰাক লৈ প্ৰতিক্ৰিয়া

লাহৰীঘাট সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়টোৰ স্থানান্তৰক লৈ কৰ্মী, সহায়িকাৰ মাজত লাগিছে হাহাকাৰ (Child Development Project office relocated)। লাহৰীঘাট সমষ্টিৰ বিধায়কে কথা দি কথা ৰাখিব নোৱাৰিলে । যাৰ বাবে উপায়হীন হৈ লাহৰীঘাট সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া গৰাকীয়ে স্থানান্তৰ কৰিলে কাৰ্যালয়টো । এই অভিযোগ কৰ্মী, সহায়িকা সকলৰ ৷

ধিং, 28 ছেপ্টেম্বৰ: লাহৰীঘাট সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয় স্থানান্তৰক লৈ কৰ্মী সহায়িকাৰ মাজত লাগিছে হাহাকাৰ (Child Development Project office relocated)। লাহৰীঘাট সমষ্টিৰ বিধায়কে কথা দি কথা ৰাখিব নোৱাৰিলে । যাৰ বাবে উপায়হীন হৈ লাহৰীঘাট সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াগৰাকীয়ে স্থানান্তৰ কৰিলে কাৰ্যালয়টো । যোৱা কিছুদিন পূৰ্বে বিধায়ক আচিফ মহাম্মদ নাজাৰে বিষয়াগৰাকীক কথা দিছিল কাৰ্যালয়ৰ যাৱতীয় সা-সুবিধা ঠিক-ঠাক কৰি দিব ৷ কিন্তু দুমাহ অতিক্ৰম কৰাৰ পাছতো কাৰ্যালয়টো ঠিক-ঠাক কৰি নিদিলে । এই অভিযোগ কাৰ্যালয়টোৰ কৰ্মী সহায়িকাৰ ৷

ইফালে মঙলবাৰে কাৰ্যালয়টোৰ আচবাব পত্ৰকে ধৰি সকলো সা-সামগ্ৰী কোনো কৰ্মী, সহায়িকাক অৱগত নকৰি দিনৰ ১ বজাত প্ৰকল্প বিষয়াৰ নিৰ্দেশমৰ্মে কাৰ্যালয়ৰ গাণনিক বিষয়া ৰণ্টু ঠাকুৰীয়াই ট্ৰাকত ভড়াই উঠাই লৈ যায় আন এটা ভাড়াঘৰলৈ ।

লাহৰীঘাট সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ স্থানান্তৰক লৈ প্ৰতিক্ৰিয়া

অভিযোগ অনুসৰি কৰ্মী সহায়িকাক অৱগত নকৰাকৈয়ে কাৰ্যালয়টো লাওভুৰংঙালৈ স্থানান্তৰিত কৰে । অভিযোগ অনুসৰি, কাৰ্যালয়ৰ স্থানান্তৰিত কৰাৰ বিষয়ে অৱগত নহয় কৰ্মীসকল । কি কাৰণে লাওভুৰুংগালৈ লৈ গ’ল তাকলৈও জ্ঞাত নহয় এইসকল কৰ্মী ৷ আনহাতে প্ৰকল্প বিষয়াগৰাকীয়ে জনোৱা মতে, কাৰ্যালয়টোৰ ভিতৰত সকলোৱে বিভিন্ন অসুবিধাৰ সন্মূখীন হ’ব লগা হয় । কেৱল এয়াই নহয় এটা কাৰ্যালয় চলাবলৈ যিখিনি সা-সুবিধা লাগে তাৰ তিলমানো নাই এই কাৰ্যালয়টোত ।

ইয়াৰ বিপৰীতে কৰ্মী সকলে উল্লেখ কৰা অনুসৰি বৰ্তমানৰ বিষয়াগৰাকী যোগদান কৰাৰ পূৰ্বতে থকা অন্যান্য বিষয়া কৰ্মচাৰীসকলৰ তেনে কোনো অভিযোগ নাছিল । একমাত্ৰ এইগৰাকী বিষয়াই বিভিন্ন অজুহাতেৰে কাৰ্যালয়টি লাওভুৰংঙালৈ উঠাই নিয়ে । ইফালে কাৰ্যালয়টো লাউভুৰংঙালৈ উঠাই নিয়াত চৰ চাপৰিকে ধৰি লাহৰীঘাট সমষ্টিৰ উত্তৰ পশ্চিম দিশৰ অংগনৱাড়ী কৰ্মীসকলে যথেষ্ট অসুবিধাৰ সন্মূখীন হ’ব লগাত পৰিব বুলি উল্লেখ কৰিলে কৰ্মীসকলে ।

লগতে পঢ়ক: চৰকাৰী বঞ্চনাৰ প্ৰতিবাদত ধেমাজিত অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ বিক্ষোভ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.