মৰিগাঁও জিলাৰ কামৰ পৰ্যালোচনা বৈঠকত মুখ্য সচিব

author img

By

Published : Sep 10, 2022, 10:08 PM IST

Chief Secretary of Assam visit Marigaon

ৰাজ্য়ৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে মৰিগাঁও জিলাত ৰূপায়ণ হৈ থকা বিভিন্ন বিভাগৰ কামৰ অগ্ৰগতিৰ খতিয়ান লয় । তেওঁ জল জীৱন মিছন আঁচনি (Jal Jeevan Mission Scheme in Marigaon), প্ৰস্তাৱিত মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ কামৰ মূল্যায়ন কৰাৰ লগতে আসোঁৱাহসমূহ দূৰ কৰাৰ পৰামৰ্শ প্ৰদান কৰে ।

ধিং ,১০ছেপ্টেম্বৰ: আজি অৰ্থাৎ শনিবাৰে পুৱা ১০.৩০ বজাত ৰাজ্য়ৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ উপস্থিত হয় মৰিগাঁও জিলাত(Chief Secretary of Assam visit Marigaon) । মুখ্য সচিবগৰাকীয়ে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া বৰ্গৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয় । উক্ত বৈঠকত মুখ্য সচিব বৰঠাকুৰে বিভিন্ন বিভাগৰ কামৰ অগ্ৰগতিৰো খতিয়ান লয় ।

তাৰোপৰি মুখ্য সচিবগৰাকীয়ে(Chief Secretary Pawan Kumar Borthakur) জল জীৱন মিছন আঁচনি(Jal Jeevan Mission Scheme in Marigaon), প্ৰস্তাৱিত মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ কামৰো অগ্ৰগতিৰ খতিয়ান লয় । তদুপৰি তেওঁ প্ৰসুতি মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ সম্পূৰ্ণ নিৰ্মূল কৰা, ধান ক্ৰয়, এক দেশ এক ৰেচন কাৰ্ড, শস্য বীমা, কৃষিত পানী যোগান, মীন উৎপাদন বৃদ্ধি, প্ৰধান মন্ত্ৰী নিয়োগ নিশ্চিত আঁচনি, প্ৰধান মন্ত্ৰী আৱাস যোজনা, অমৃত সৰোবৰ আদি প্ৰায় সকলো বিভাগৰে প্ৰধান আঁচনিৰ অগ্ৰগতিৰ মূল্যায়ন কৰি আসোঁৱাহসমূহ দূৰ কৰাৰ পৰামৰ্শ প্ৰদান কৰে ।

উক্ত সভাত জিলা উপায়ুক্ত দেৱাশীষ শৰ্মা(DC of mariagonDebashish Sharma), আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন(SP of Marigaon), জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ পেগু, অতিৰিক্ত উপায়ুক্ত গৰ্গমোহন দাস, অৰুন্ধতী নৰহ মিপুন, আদিত্য গগৈ, নিৰ্বাচনী বিষয়া, সহকাৰী আয়ুক্ত সকল, খণ্ড উন্নয়ন বিষয়া বিভিন্ন বিভাগৰ বিভিন্ন মূৰব্বী বিষয়াসকল উপস্থিত থাকে ।

উল্লেখ্য় যে শিক্ষাৰ গুণোৎসৱৰ দৰে জলজীৱন মিছনৰ প্ৰতিটো প্ৰকল্পত জল উৎসৱ অনুষ্ঠিত কৰা হ'ব (Har Ghar Jal Utsav in Assam)। জল জীৱন মিছনৰ প্ৰতিটো আঁচনিত এজন এজন বিষয়া গৈ দিনজোৰা কাৰ্যসূচীৰে আচঁনিখন পৰ্যবেক্ষণ কৰিব । জল জীৱন আঁচনিৰ প্ৰতিটো আঁচনি যাতে কাৰ্যক্ষম হৈ থাকে আৰু প্ৰতিজন মানুহক প্ৰতিদিনে যাতে ৫৫ লিটাৰ পানী দিব পৰা যায় তেনে পৰ্যায়লৈ জলজীৱন মিছনক নিবৰ বাবে এক প্ৰচেষ্টা হাতত লোৱা হৈছে বুলি ইতিমধ্য়েই মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ঘোষণা কৰিছে । সেয়েহে জল জীৱন মিছন আঁচনিখন সফল কৰিবলৈ বিশেষ অভিযান চলোৱা হৈছে ।

লগতে পঢ়ক:অভিযোগৰ বাতৰি প্ৰচাৰ নকৰিবলৈ সংবাদ মাধ্যমক উপদেশ জয়ন্ত মল্ল বৰুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.