ধৰ্মপ্ৰচাৰৰ নামত বিহু হুঁচৰিক বিকৃতকৰণৰ অভিযোগ

author img

By

Published : Jul 27, 2021, 10:11 PM IST

case register against Ranjan chutiya

খৃষ্টান ধৰ্ম প্ৰচাৰৰ নামত গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজীক বিকৃতকৰণৰ অভিযোগ উত্থাপিত ৷ এই ঘটনাই লৈছে নতুন মোৰ ৷ এইবাৰ ৰঞ্জন চুতীয়া নামৰ ব্যক্তিগৰাকীৰ বিৰুদ্ধে অসমীয়াৰ বাপতি সাহোন উৎসৱ বিহুক বিকৃত কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ঘটনা সন্দৰ্ভত ৰুজু গোচৰ ৷

মৰিগাঁও, 27 জুলাই : যীশুখ্ৰীষ্টৰ ধৰ্ম প্ৰচাৰৰ নামত বিহু হুঁচৰিক বিকৃত কৰাৰ অভিযোগ উত্থাপন ৷ সোমবাৰে এই বিষয়ত সহায় নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে মৰিগাঁও থানাত এক গোচৰ ৰুজু কৰে । গুৰুজনাৰ অমৰ সৃষ্টিক খৃষ্টিয়ান মিচনেৰীসকলে বিকৃত ৰূপত উপস্থাপন কৰি ধৰ্ম প্ৰচাৰৰ আহিলা কৰি লোৱা কাৰ্যত ইতিমধ্যে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷

case register against Ranjan chutiya
অসমৰ বাপতিসাহোন বিহুক বিকৃতকৰণৰ অভিযোগ সহায়ৰ

সম্প্ৰতি এনে বিষয়ক কেন্দ্ৰ কৰি ৰাজ্য উত্তপ্ত হৈ থকাৰ সময়তে পুনৰ সংঘটিত হৈছে বিহু বিকৃতকৰণৰ আন এক ঘটনা ৷ অসমীয়া জাতিৰ আয়ুসৰেখা সদৃশ বিহুক ৰঞ্জন চুতীয়া নামৰ এজন লোকে বিকৃত ৰূপত উপস্থাপন কৰি খৃষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য ব্যৱহাৰ কৰে ৷ এই সমগ্ৰ দৃশ্যাৱলী ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰ হোৱাৰ পিছতে এই কাৰ্যৰ ঘোৰ বিৰোধিতা কৰিছে মৰিগাঁৱৰ স্বেচ্ছাসেৱী সংগঠন সহায়ে ৷

সংগঠনটোৱে সোমবাৰে মৰাণৰ ৰঞ্জন চুতীয়াৰ এনে কাৰ্যৰ বিৰুদ্ধে মৰিগাঁও সদৰ থানাত ৪৯৩/২১ নং ধাৰাত এক গোচৰ ৰুজু কৰি আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷

অসমৰ বাপতিসাহোন বিহুক বিকৃতকৰণৰ অভিযোগ সহায়ৰ

উল্লেখ্য যে, অসমীয়া বাপতি সাহোন বহাগ বিহুৰ অন্যতম উপাদান বিহু হুঁচৰিক খৃষ্টান ধৰ্মৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰি প্ৰচাৰ চলাইছিল ছ’চিয়েল মিডিয়াত । ইয়াৰ পিছতে সোমবাৰে মৰিগাঁও আৰক্ষী থানাত সহায়ৰ সভাপতি-সম্পাদকে গোচৰ ৰুজু কৰে ৷ স্বেচ্ছাসেৱী সংগঠনটোৱে অসম চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী তোলে ।

লগতে পঢ়ক : বিবদমান ভূমিৰ প্ৰকৃত গৰাকী অসম নহয় মিজোৰাম হে : চি লালৰচাংগা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.