Anti drug awareness meeting: মৈৰাবাৰীত ড্ৰাগছ বিৰোধী সজাগতা সভা

author img

By

Published : Dec 3, 2022, 8:50 PM IST

Anti drug awareness meeting in Moirabari

মৈৰাবাৰীত ড্ৰাগছ বিৰোধী সজাগতা সভা(Anti drug awareness meeting)। পাঁচ শতাধিক ৰাইজৰ অংশগ্ৰহণ ৷

মৰিগাঁও, 3 ডিচেম্বৰ: মৰিগাঁও জিলাৰ মৈৰাবাৰী আদৰ্শ নিচামুক্তি কেন্দ্ৰ প্ৰাংগণত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অনাৰ উদ্দেশ্যি এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায়(Anti drug awareness meeting)। ভাৰত স্কাউট এণ্ড গাইডৰ উদ্যোগত আৰু গ্ৰাম্য উন্নয়ন সন্থা, ভিক্টোৰিয়া ক্লাব, মহিলা ক্লাব, জিলা ৱাৰীৰছৰ লগতে অঞ্চলটোৰ কেইবাটাও দল সংগঠনৰ সহযোগত পাঁচ শতাধিক ৰাইজৰ উপস্থিতিত ড্ৰাগছ বিৰোধী সজাগতা সভাখন অনুষ্ঠিত হয় । বিশেষকৈ অঞ্চলটোৰ মহিলা আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলক ড্ৰাগছৰ বিৰুদ্ধে সজাগ কৰাৰ লক্ষ্যৰে আয়োজন কৰা হয় সজাগতা সভাখন (Anti drug awareness meeting in Moirabari)৷

Anti drug awareness meeting : মৈৰাবাৰীত ড্ৰাগছ বিৰোধী সজাগতা সভা

সজাগতা সভাখনত সভাপতিত্ব কৰে ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল গফুৰে । আমন্ত্ৰিত অতিথি সকলে মৈৰাবাৰী অঞ্চলৰ পৰা ড্ৰাগছ সম্পূৰ্ণ ভাবে নিৰ্মূল কৰাৰ বাবে প্ৰয়োজনীয় দিহা পৰামৰ্শ আগবঢ়োৱাৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ লগতে মহিলা সকলক ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হবলৈ আহ্বান জনায় । নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে সকলোৱে একত্ৰিত হৈ যুঁজ দিবলৈ মত পোষণ কৰে সভাত উপস্থিত আটায়ে ।

Anti drug awareness meeting in Moirabari
Anti drug awareness meeting : মৈৰাবাৰীত ড্ৰাগছ বিৰোধী সজাগতা সভা

নৱ প্ৰজন্মৰ বাবে বিভীষিকা স্বৰূপ তথা নৱ প্ৰজন্মক নি:শেষ কৰা বৰবিহ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে মৰিগাঁও জিলা প্ৰশাসনৰ লগতে মৈৰাবাৰী আৰক্ষীয়ে এক প্ৰকাৰ জেহাদ ঘোষণা কৰি মাৰাথন অভিযান অব্যাহত ৰাখিছে যদিও ড্ৰাগছৰ বেপাৰ বন্ধ কৰিবলৈ সক্ষম হোৱা নাই । সেয়ে ৰাইজ একত্ৰিত নহ’লে এই নিষিদ্ধ ড্ৰাগছৰ বেপাৰ বন্ধ নহয় বুলি আজিৰ সভাত সকলোৱে মন্তব্য কৰে । উল্লেখযোগ্য যে, যোৱা তিনিটা মাহত মৈৰাবাৰী অঞ্চলৰ প্ৰায় বহুকেইজন ড্ৰাগছ আসক্ত আৰু ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যদিও অধিকাংশ ড্ৰাগছ সৰবৰাহকাৰী নগাঁও জিলাৰ পৰা আহি মৈৰাবাৰীত ড্ৰাগছৰ বেপাৰ কৰে বুলি গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে ।

নগাঁও আৰু মৰিগাঁও জিলাৰ সীমামূৰীয়া পানবাৰী আৰু নিজ ধিং অঞ্চল দুটা সংশ্লিষ্ট থানাৰ পৰা দূৰত থকাৰ সুযোগ গ্ৰহণ কৰি ড্ৰাগছ সৰবৰাহকাৰী সকলে উক্ত গাঁও দুখন ড্ৰাগছৰ নিৰাপদ স্থান হিচাপে নিৰ্বাচিত কৰিছে বুলি সভাত উপস্থিত ৰাইজে কয় । সেয়ে গাঁও দুখনত ধিং আৰু মৈৰাবাৰী থানাই যুটীয়া অভিযান চলালে ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হব বুলি সচেতন মহলে মন্তব্য কৰে ।

সজাগতা সভাখনৰ আঁত ধৰে মৰিগাঁও জিলা স্কাউড এণ্ড গাইডৰ সম্পাদক আজহাৰ উদ্দিনে । আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অঞ্চলটোৰ যুৱ নেতা জেহিৰুল ইছলাম মুক্তাৰ, বিশিষ্ট সাংবাদিক ছামচুল আলম, মৈৰাবাৰী চেকেণ্ডাৰী স্কুলৰ প্ৰধান শিক্ষক ৰহমত আলি, অৱসৰপ্ৰাপ্ত শিক্ষক কমৰুল ইছলাম,,মৰিগাঁও জিলা আমছুৰ সভাপতি আছাদুল ইছলাম , গ্ৰাম্য উন্নয়ন সংস্থাৰ ইমান আলীৰ লগতে অঞ্চলটোৰ বহু লোক ৷

লগতে পঢ়ক: Badaruddin Ajmal controversial comment: আজমলক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী বিজেপিৰ ভাতৃ সংগঠন ৰাষ্ট্ৰবাদী মুছলিম পাচমাণ্ডা মহাজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.